আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণিল লিপি- দ্বাদশ খণ্ড

দ্বাদশ খণ্ড:

শুভ্ৰ বস্ত্ৰেৰে আবৃত হৈ মৃন্ময়ী মজিয়াত পৰি আছোঁ মই। প্ৰভাই মোৰ কপালখন হাতেৰে মোহাৰি আছে। পিতাই পিৰালিমুখত আঁঠুত মূৰ গুজি বহি ৰৈছে। মাত বোল নাই। একপ্ৰকাৰ জুপুকা লাগিছে তেওঁ। মই ভাবি আছোঁ, ইমান হঠাতে কি হৈ গ’ল এইবোৰ? পুষ্পক সঁচাকৈয়ে দেশদ্ৰোহী আছিল নেকি? নাই, গোকাট মিথ্যা বচন সেয়া। কিন্তু পুষ্পকৰ হাতত যে মগধৰ ৰজা বিম্বিসাৰলৈ পঠিওৱা চিঠি পোৱা গৈছিল। বৈশালীৰ মানচিত্ৰ প্ৰস্তুত কৰিছিল হেনো পুষ্পকে। ইমান কাষত থাকিও মই কিয় গম নাপালোঁ এই কথাবোৰ?

বৈশালীৰ চিৰ শত্ৰু মগধ ৰাজ্যৰ সৈতে পুষ্পকে কিয় সম্পৰ্ক স্থাপন কৰিব?

কথাবোৰে পাকঘূৰণি খাইছে মনৰ মাজত। এই কথাৰ সত্যতা মানিব খোজা নাই মোৰ মনটোৱে। বৈশালীৰাজ মনুদেৱৰ ওপৰত ক্ৰোধ দুগুণে চৰি উঠিছে মোৰ। হস্তমুঠি টান হৈ গৈছে। সত্যতা নিৰূপণ কৰিব নোৱাৰি যন্ত্ৰণাত ছটফটাই উঠিছোঁ মই। প্ৰভাই কেশৰাজিত আঙুলি বুলাই দিছে, সৰু ছোৱালীৰ দৰে কুঁচিমুচি সোমাই গৈছো আইৰূপী সখীৰ সুকোমল বক্ষৰ মাজত।

“পালী, তই ঠিক সিদ্ধান্ত লৈছ বুলি মনত ভাব হৈছেনে?”

উচপ খাই উঠিছো মই, উষ্মামিশ্ৰিত কণ্ঠেৰে কৈ উঠিছোঁ,

“কি সিদ্ধান্ত লৈছোঁ মই প্ৰভা? মোৰ ওপৰত এই সিদ্ধান্ত জাপি দিয়া হৈছে। ইয়াৰ বিৰুদ্ধাচৰণ কৰা মানে মৃত্যুক সাৱটি লোৱা। মৃত্যুৰ আগতে এঘড়ী যুঁজি ল’বলৈ মন গৈছে প্ৰভা। চাওচোন ৰজাই কি বিচাৰ কৰে”।

“ৰজাই তোৰ চুক্তি মানি ল’লে তোৰ জীৱনটো কোনফালে পাক খাব, গম পাইছনে পালী?”

“মই চুক্তি নাৰাখিলে তাতোকৈ অধম হ’লহেঁতেন মোৰ জীৱন।“

চকুহাল সিক্ত হৈ গৈছে মোৰ। ৰাজসভাৰ কথাবোৰ মনলৈ আহিছে।

“ইমানবোৰ পুৰুষে এগৰাকী নাৰীৰ জীৱনৰ সিদ্ধান্ত ল’বলৈ সভা পাতিছে। এগৰাকী মহিলা নাই তাত। এই পুৰুষসকল নাৰীৰ যোনীৰে পৃথিৱীলৈ অহা নাই নে প্ৰভা?”

এক পলক নীৰৱতা। দুয়োজনীৰ মুখৰ পৰা হুমুনিয়াহ দুটা ওলাই বতাহত বিলীন হৈ গ’ল। পিতাই মৃতশৰীৰ যেন আচৰণ কৰিছে। বৰকৈ আহত তেওঁ।  

“প্ৰভা, বহুত কথাই মনত তোলপাৰ লগাই আছে। সৱেই কয়, মই ৰূপৱতী, সেয়ে ৰজাৰ চকুত পৰিছোঁ মই। কেৱল ৰূপৰ বাবেই নাৰী এগৰাকীক ইমান শাস্তি দিব পাৰে আন এজন মানুহে? ৰজাৰ ক্ষমতা আছে বাবেই ভুল-শুদ্ধৰ বিচাৰ নহয়। মোৰ ক্ষমতা নাই বাবেই বিনাদোষত শাস্তি পাম মই। এয়া কেনে নীতি প্ৰভা?”

উত্তৰ নাই প্ৰভাৰ ওচৰত। আচাৰ্যলৈ মনত পৰিছে মোৰ। তেওঁ শিকাই যোৱা ৰাজনীতি আৰু আইনৰ কথাবোৰ মগজুত ঘূৰি আছে অবিৰামভাবে।

“বৈশালী এখন গণতান্ত্ৰিক ৰাজ্য। ইয়াত প্ৰজাগণেহে শাসন চলায়। যদি প্ৰজাগণেহে ৰাজ্য চলায়, ৰজাই এই ক্ষমতা কিদৰে পালে? মই আবেদন নকৰা পদত মোক জোৰকৈ বহুৱাবলৈ এই অধিকাৰ কোনে দিলে তেওঁক? আৰু আইন কিয় নিমাত? আচাৰ্যইতো শিকাইছিল, আইন সকলোৰে উৰ্ধ্ধত। ক্ষমতাৰ ওচৰত আইনো ধৰাশায়ী হয় নেকি?”

শুই থকাৰ পৰা মজিয়াত উঠি বহিলোঁ ঘপকৈ। জোৰেৰে মূৰটো চেপি ধৰিলোঁ। চকুপানীবোৰ শুকাই গ’ল। কান্দিব নোৱৰাটো মোৰ আন এক যন্ত্ৰণা।

“পিতাই, মোক ক্ষেমিবি তই। মই ৰাজসভাত মোৰ দৰদাম কৰি অহা নাই। ইয়াৰ অন্তৰালত বেলেগ উদ্দেশ্য আছে। মই যে শুদ্ধ পথত আছোঁ সেই কথা তই সময়ত বুজি পাবি। কেতিয়াবা জীৱন বৰ আউলীয়া হৈ উঠে পিতাই। মই মাথোঁ এই আউলখিনি খুলি চাব বিচাৰিছোঁ।“

ৰাতি পুৱাইছে। বাতায়নৰ ফাঁকেৰে পোহৰ এছাটি সোমাই আহিছে। প্ৰভা শয়নপাটিৰ পৰা উঠি পাকশালাত সোমাইছে।

পাত্ৰত লৈ আহিছে অলপ কেঁচা দুগ্ধ আৰু কিছু ফল। স্পৰ্শ নকৰিলো আহাৰৰ পাত্ৰ।

“শৰীৰ দুৰ্বল হোৱা মানে তোৰ কণ্ঠ দুৰ্বল হোৱা। তোৰ কণ্ঠটোৱেই এতিয়া একমাত্ৰ অৱলম্বন।“

হয়, প্ৰভাই ঠিকে কৈছে। মইনো কিয় এনে আচৰণ কৰিছোঁ? এতিয়াতো মোৰ ওচৰত মোক নিৰাপত্তা দিবলৈ মোৰ বাদে আন কোনো নাই, সেই কথা জানো মই বুজি পোৱা নাই?

তথাপি প্ৰভা আছে মোৰ আলপৈচান ধৰিবলৈ। দেৱদাসী হ’বলৈ পিতৃ-মাতৃয়ে মন্দিৰৰ পুৰোহিতৰ হাতত অৰ্পণ কৰি যোৱা প্ৰভা এতিয়া মোৰ অকলশৰীয়া সময়ৰ সংগী। দিনৰ পোহৰত ভক্তগণৰ সন্মুখত নৃত্য প্ৰদৰ্শন কৰা প্ৰভাৰ দেহত কৃষ্ণপক্ষৰ ছাঁইবৰ্ণী যামিনীবোৰত কালিকা লাগে। সেই নিশাবোৰত প্ৰভা নামৰ কমবয়সীয়া দেৱদাসীজনীৰ নিনাদত মন্দিৰ প্ৰাংগনত তালফাল লাগে। ৰুদ্ধ কক্ষত বন্দী কৰি থোৱা হয় তাইক। ওৰেটো নিশা যক্ষৰূপী পুৰোহিতে দেৱদাসী প্ৰভাৰ সমগ্ৰ ৰক্ত পান কৰি তাইক লেবেজান কৰে। পিছদিনা তাইৰ চুলিত জঁট বান্ধে। নদীঘাটৰ প্ৰস্তৰখণ্ডত বহি তেতিয়া তাই শেঁতা চকুৰে নদীখনলৈ চাই থাকে। এটা সময়ত এই কৰুণ সত্যবোৰৰ সাক্ষী হৈ ৰোৱা সখীজনীক প্ৰভাই এই বিপদৰ সময়খিনিত হাত এৰি দিয়া নাই।

পুষ্পকৰ চিতাৰ গোন্ধটো আহি মোৰ নাকত লাগিছে। চন্দন-স্নানৰ গোন্ধটোত টেঙা টেঙা গোন্ধ এটা মিহলি হৈ গ’ল। ঘৰৰ চৌপাশ আগুৰি এতিয়া ৰজাৰ সেনানীৰ টিঘিলঘিলনি। ৰজা মনুদেৱৰ নিৰ্দেশ সেয়া। মোৰ ঔদ্ধতালিখিনিক বিশ্বাসত ল’ব পৰা নাই ৰজা মনুদেৱে। সেনানী মেলি দিছে বহিৰাজ্যসংযোগী পথবোৰত। আৰু মৌনতা ভাঙি সদনত ক্ৰোধ উজাৰিছে,

“অসহ্যকৰ। ইমান স্পৰ্ধা সহ্য কৰা নাযায়। সদনৰ ওচৰত এনে দাবী উত্থাপন কৰিবলৈ তাইৰ কোনো অধিকাৰ নাছিল। এতিয়াই তাইক ধৰি আনি শাস্তি দিয়া যাওক।“

সমান উষ্মাৰেই চিঞৰিছে নগৰৰ অভিজাত বণিকে, “নগৰবধূৱে যি বিচাৰিছে সেয়া দি দিয়া যাওক। আমি ৰাজভঁৰাললৈ দান কৰা কৰৰ পৰাই নগৰগণিকাৰ দাবী পূৰণ কৰা হওক।“

দুজনমানে তাতোকৈ উৰ্ধ্ধলৈ গৈ প্ৰতিবাদ ৰচিলে, “যদি নগৰবধূৰ দাবী মনা নহয়, আমিও ৰাজভঁৰাললৈ কৰ-সাহায্য দিবলৈ এৰি দিম।“

বৈশালীৰ অভিজাত মহল দ্বিবিভক্ত হৈ পৰিল। পৰিস্থিতি একপ্ৰকাৰ বিষম হৈ পৰিল। মনুদেৱৰ পৰিকল্পনা বিফল হোৱাৰ উপক্ৰম হওঁ হওঁ। ৰাণী হ’বলৈ অস্বীকাৰ কৰা খেতিয়ক-কন্যাক ৰক্ষিতা হ’বলৈ বাধ্য কৰাব, এয়ে আছিল তেওঁৰ পৰিকল্পনা। কিন্তু গণতান্ত্ৰিক আইনত ৰক্ষিতা বুলি কোনো বৈধ শব্দ নাই। আনহাতে নগৰগণিকা, বেশ্যা, দেৱদাসী ইত্যাদিবোৰৰ বাবে গণতন্ত্ৰত আইন আছে। আইনৰ সুৰুঙাৰে এইসকল নাৰীকে অভিজাত মহলে ৰক্ষিতাৰ দৰে ব্যৱহাৰ কৰে। ৰজা মনুদেৱৰো সেয়েই আছিল গোপন অভিসন্ধি। দেৱী আম্ৰপালীক তেওঁৰ ইচ্ছা অনুযায়ী ভোগ কৰিব। অন্তত যিমানদিনলৈ মন যায় সিমানদিনলৈ ভোগ কৰিব। কিন্তু এই চুক্তিসমূহে তেওঁৰ পৰিকল্পনা ধূলিসাৎ কৰি দিছে। তেওঁৰ এই অস্থিৰতা মোৰ কাম্য। ৰজা মনুদেৱ যিমানেই ক্ৰোধত কঁপি উঠে, সিমানেই স্থিৰ হৈ যাওঁ মই।

যেতিয়া শাসকপক্ষৰ ফালৰ পৰা অন্যায়-অত্যাচাৰৰ বলি হোৱা যায়, তেতিয়া বিষয়টো ৰাইজৰ মাজলৈ এৰি দিয়া উচিত। আচাৰ্যৰ শিক্ষাই মোক সেইদৰেই শিকাইছিল। এতিয়া মোৰ যুদ্ধখন মোৰ জীৱনৰ বিৰুদ্ধে নহয়। এই যুদ্ধখন ৰজা মনুদেৱৰ বিৰুদ্ধে।

ৰাজসভাৰ দ্বিখণ্ডিত ৰূপত হতাশ হৈ পৰিছে ৰজা মনুদেৱ। ৰজাই ভবা নাছিল, এজনী ওঠৰবছৰীয়া ছোৱালীৰ দুষাৰমান কথাতে বহতীয়া সদস্যসকলেও তেওঁৰ বিৰুদ্ধাচৰণ কৰিব বুলি। নগৰবধূৰ নিৰ্বাচন যিমান সুকলমে হৈ গ’ল, সিমানেই জটিল হৈ পৰিল নগৰবধূৰ চুক্তিসমূহৰ ওপৰত ল’বলগীয়া সিদ্ধান্তৰ বিষয়ে।

অৱশেষত মহামাত্য তাম্ৰভদ্ৰই মুখ খুলিলে, “নগৰবধূৱে আম্ৰপালীয়ে এই চুক্তিসমূহ বিচৰাটো উচিত কাৰ্য হৈছেনে অনুচিত হৈছে সেয়া এতিয়াৰ বিচাৰ্য বিষয় নহয়। চুক্তিসমূহ মানিব পাৰিনে নোৱাৰি, সেয়াহে এতিয়াৰ বিচাৰ্য বিষয়। এতিয়া এই বিষয়টো নিস্পত্তি কৰি সদন এটা সঠিক সিদ্ধান্তলৈ আহিব লাগে”।

কোনো অত্যুৎসাহীয়ে চিঞৰি দিলে, “গোটেইবোৰ চুক্তি মানি লৈ নগৰবধূক আমন্ত্ৰণ জনাই আনিব লাগে। আমি তেওঁৰ সান্নিধ্য পাবলৈ ব্যাকুল হৈ পৰিছোঁ।“

কোনোবাজন অৱশ্যে বিপৰীৰ মেৰুত অৱস্থান কৰিছে, “এই চুক্তিসমূহ মানি ল’লে নগৰবধূ আৰু এজন ৰজাৰ ক্ষমতাৰ মাজত একো পাৰ্থক্য নাথাকিব”।

মনুদেৱে মাত দিলে, “নগৰবধূৰ আইনত এনে চুক্তিৰ কথা উল্লেখ নাই।“

ৰজা মনুদেৱ শংকিত, যেন তেওঁৰ ইপ্সিত লক্ষ্য পূৰণ নহ’ব।

মনে মনে আচম্বিত তেওঁ, মালীৰ পুতেক পুষ্পকৰ মাজত কি আছিল যে আম্ৰপালীয়ে সেই ল’ৰাজনৰ লগত বিবাহত বহিবলৈ সাজু হৈছিল। তেওঁৰ মাজত নাই কি?

বেচেৰা মনুদেৱ! তেওঁ নাজানে প্ৰেম আৰু ক্ষমতাৰ মাজত পাৰ্থক্য কি। তেৱোঁ নিশ্চয়কৈ প্ৰেম কৰিছিল, কিন্তু তেওঁৰ প্ৰেমত ক্ষমতাৰ প্ৰয়োগ বেছি আছিল। পুষ্পকৰ প্ৰেমত প্ৰেমাস্পদৰ বাবে নিজকে অৰ্পণ কৰাৰ বাসনা আছিল। ভুল সেইখিনিতেই হ’ল দুকুৰি বয়সৰ প্ৰেমিক ৰজা মনুদেৱৰ।

যিয়েই নহওক, চুক্তিসমূহৰ ওপৰত আকৌ নিৰ্বাচন পতা হ’ল। প্ৰথম দুটা চুক্তি, স্বৰ্ণৰ মোহৰ আৰু পুৰণা ৰাজহাউলি প্ৰদান কৰাৰ ক্ষেত্ৰত কাৰোৰে আপত্তি নাথাকিল। নিজৰ পছন্দ অনুসৰি সংগী নিৰ্বাচনত অৱশ্যে কিছু কিছুৰ আপত্তি থাকিল। কিন্তু চতুৰ্থটো চৰ্ত, নগৰবধূৰ নিজাববীয়া সৈন্য নিযুক্তিত দুৰ্ঘোৰ আপত্তি কৰিলে স্বয়ং ৰজা মনুদেৱে। এই চুক্তিটোৱে যে তেওঁ নগৰবধূক ঢুকি পোৱাৰ পৰা আঁতৰাই ৰাখিব, ঠিকেই অনুমান কৰিছিল তেওঁ। আৰু তেঁৱেই যদি ঢুকি নাপায়, ইমানখিনি নাটকীয়তাৰ কি প্ৰয়োজন আছিল?

তাম্ৰভদ্ৰই ৰজাৰ মনৰ ভাব বুজি পালে। সেয়ে ক’লে, “আম্ৰপালীক আকৌ এবাৰ ভাবিবলৈ পৰামৰ্শ দিয়া হওক। চতুৰ্থ চুক্তিটো সংশোধন কৰিবলৈ অনুৰোধ কৰা হওক”।

“সেয়া কেনেধৰণে হ’ব?”

“নগৰবধূৰ দৈনন্দিন জীৱনত আমাৰ সেনানীয়ে অসুবিধাৰ সৃষ্টি নকৰিব, যদিহে নগৰবধূৱে ৰজা আৰু ৰাজ্যৰ অনুগত হৈ কাম কৰে। অৱশ্যে ৰাজ্যৰ প্ৰত্যেক নাগৰিকৰ ওচৰতো এই আইনেই প্ৰযোজ্য”।

সদনৰ সমূহ সদস্য সন্তুষ্ট হ’ল। সন্তুষ্ট নহ’ল কেৱল ৰজা মনুদেৱ। সামান্য ছোৱালী এজনীক তেওঁ বলপ্ৰয়োগ কৰিব নোৱৰাটো তেওঁৰ প্ৰথম দুখ। আৰু বৰ্তমানৰ দুখটো এয়ে যে, এই ছোৱালীজনীয়ে তেওঁৰ হাতত ধৰা দিয়াৰ শূন্যসম আশাও তেওঁ দেখা নাই। সভাভংগ কৰি তেওঁ ৰোহঘৰলৈ খোজ ল’লে। হাতত তুলি ল’লে সোমৰসৰ পাত্ৰ। গভীৰ দুখত নিমজ্জিত হ’ল তেওঁ। জিকি জিকি হাৰি যোৱাৰ দুখ সেয়া। দেৱীহেন স্থিৰ চকু এযুৰিৰ ওচৰত তেওঁ অৱনত হ’বলগীয়া হোৱাৰ দুখ এয়া। অথচ এনে হোৱাৰতো কথা নাছিল। ঢকঢককৈ বগলী এজাক নীড়মুখী হৈছে। শান্ত হৈ পৰিছে কাজলৰঙী গগন। নগৰৰ পথবি

লাকৰ দীপমালাই সামান্য উজলাইছে তেওঁৰ বৈশালী নগৰ। হেলনীয়া সুখ-আসন্দীত দেহা এৰি তেওঁ স্তিমিত আকাশলৈ চাই পঠিয়াইছে, অলপ পোহৰৰ দৰকাৰ তেওঁক। দেৱীক নিজৰকৈ প্ৰাপ্তি কৰাৰ বাবে তেওঁক অলপ আশাৰ প্ৰয়োজন ।

আম্ৰপালীৰ বলিষ্ঠ কণ্ঠ আৰু আত্মবিশ্বাসৰ উজ্জ্বল মুখখন মনলৈ আহিছে। কোনোবাখিনিত তেওঁ যে আম্ৰপালীৰ সমকক্ষ নহয়, সেই বিষাদনুভূতিয়ে স্পৰ্শ কৰি গৈছে তেওঁক। চকু মুদি দিওঁতে মনলৈ আহিছে সেই উদাত্ত কণ্ঠৰ স্থিৰচিত্ৰ,

“যদি মোৰ চৰ্তসমূহৰ গ্ৰহণযোগ্যতা নাই, তেতিয়াহ’লে মহাৰাজ, মাননীয় সদনৰ আদেশ অমান্য কৰাৰ বাবে শাস্তি দিবলৈ আপোনাক পূৰ্ণ স্বাধীনতা দিয়া হ’ল। প্ৰয়োজন হ’লে মোক পোতাশাললৈ নিক্ষেপ কৰিব পাৰে নতুবা গংগালৈ দলিয়াই দিব পাৰে। কিন্তু মই মোৰ চৰ্ত মঞ্জুৰ নহ’লে আপোনালোকৰ প্ৰস্তাৱ মানি নল’ম। আপোনালোকৰ ওচৰত এই সিদ্ধান্ত এৰি মই সদন ত্যাগ কৰিছোঁ।“

ধৰফৰাই উঠি বহে তেওঁ,

“মহামাত্য! মহামাত্য!”

মহামাত্যলৈ খবৰ পঠিয়াই দিয়ে ৰজাই। মৃত্যুলৈ ভয় নকৰা সেই নাৰীক তেওঁ ভয় নকৰাকৈ থাকিব পৰা নাই। ভয়ৰ লগে লগে বাঢ়িছে আকৰ্ষণো। সেই শান্ত-সৌম্য চেহেৰাৰ মাজৰ জলন্ত ষ্ফূলিংগখিনিত চগা হৈ জাহ যোৱাৰ বাসনা বাঢ়িছে তেওঁৰ। এই বাসনা যিমানেই তীব্ৰ হৈছে, সিমানেই বোধ হৈছে আন নগৰগণিকাৰ দৰে সকলোৰে লগত এই বাসনা ভগাব নোৱাৰি। আম্ৰপালীক তেওঁক অকলে লাগে। নিজাকৈ লাগে।

কিন্তু কিদৰে সেয়া সম্ভৱ! চকুৰ আগতে আম্ৰপালীক ৰাষ্ট্ৰৰ সম্পদ ঘোষণা হৈ গ’ল। আনহে নালাগে, এই ৰাষ্ট্ৰৰ সম্পদটিৰ নিলামো হৈ গ’ল। স্বয়ং ৰজাৰ ইচ্ছাতেই হ’ল সকলোবোৰ। তেতিয়াহ’লে ৰজাৰ এই বিবেক দংশনৰ কি কাৰণ?

জ্যোৎস্না পুলকিত যামিনীটোৱে তেওঁৰ চিত্ত অচঞ্চল কৰিব পৰা নাই। চঞ্চল চিতে বাৰম্বাৰ আম্ৰপালীৰ কোমল মুখখন কঢ়িয়াই আনিছে। আম্ৰপালীক তেওঁৰ চকুৰ আগত ৰাখিব লাগে। সেই পুৰণি হাউলিটো অনতিপলমেই আম্ৰপালীক প্ৰদান কৰা হওক।

“আৰু এটা কথা।”

তাম্ৰভদ্ৰই তেওঁৰ আদেশ শুনিবলৈ ৰৈ আছে। ৰজাই ইতস্ততবোধ কৰিছে।

“পুৰণি হাউলিৰ এটা কক্ষ স্বপ্নকক্ষিকা হিচাপে নিৰ্মাণ কৰা হওক। সৰগৰ পাৰিজাত কাননৰ দৰে পুষ্পকানন এখন সেই স্বপ্নকক্ষিকাৰ চৌপাশে নিৰ্মাণ হওক। নীলপদ্ম আৰু বগা ভেঁটেৰে আৱৰি থকা  সৰোবৰৰ কাষতে নিৰ্মাণ হওক সেই স্বপ্নকক্ষিকা”।

মহামাত্য তাম্ৰভদ্ৰই সসন্মানেৰে পত্ৰ পঠিয়ালে নৱনিয়োজিত নগৰগণিকালৈ, লগত চাৰিটোপোলা স্বৰ্ণমোহৰ। পুৰণি ৰাজহাউলিৰ প্ৰমোদ কক্ষত অনুষ্ঠিত কৰা নগৰগণিকা অভ্যৰ্থনা অনুষ্ঠানলৈ নিমন্ত্ৰণ দিয়া হ’ল। যথাসময়ত মোৰ আলপৈচান ধৰিবলৈ দাসীসকল আহিল। শুভ্ৰ বস্ত্ৰ খহাই ৰঙীন বস্ত্ৰ পৰিধান কৰোৱা হ’ল। দেহত মুকুতাৰ আভৰণ। নেঘেৰী খোপাত গুজি দিয়া হ’ল পুষ্পৰ মালা, আমোলমোলোৱা তগৰৰ মালা।

পিতাই পিৰালিতে বহি থাকিল। টু শব্দও কৰা নাই তেওঁ। ভাবলেশহীন মুখ। এনে জীৱনতকৈ মৃত্যুৱেই শ্ৰেয় বুলি হুমুনিয়াহ এৰিছে মাজে মাজে। মই প্ৰভাৰ হাতত খামুচি ধৰিছোঁ, মৃত্যুতকৈ জীৱনক বেছি ভালপোৱাৰ বাবেই মোৰ অত অপমান, অত কষ্ট। আৰু এটা কথা কি জাননে প্ৰভা?

“কি?”

“যুগে যুগে চলি অহা নাৰীৰ শোষণখিনি মই গা পাতি লৈছোঁ। হাজাৰ নাৰীৰ হৈ কিছু প্ৰশ্ন এৰি থৈ যাবলৈ বিচাৰিছোঁ ইতিহাসৰ প্ৰণেতাসকলৰ ওচৰত। এয়া মোৰ সামান্য প্ৰয়াস”।

প্ৰভাই একো নুবুজি ভেবা লাগি চাই থাকিল।

পুষ্পসজ্জিত ঘোঁৰাবাগীত উঠি মই আৰু প্ৰভাই নতুন যাত্ৰা আৰম্ভ কৰিলো। আজি আনুষ্ঠানিকভাৱে মই নগৰবধূৰ দায়িত্ব হাতত লোৱাৰ দিন। বৈশালীৰ ল’ৰা-মুনিহেৰে ভৰি আছিল নগৰৰ ৰাজপথ। পুৰণি হাউলি ৰং-তুলিকাৰে সজাই তোলা হৈছে। ৰঙা দলিচাৰে সজাই তোলা হ’ল সেউজীয়া উদ্যান। বিশাল পাকশালাৰ পৰা সহস্ৰগণৰ বাবে আয়োজন কৰা আহাৰৰ সুমধুৰ গোন্ধ আহি থাকিল।

এই সৈন্যদলটো মোৰ অধীনত থাকিব, মোৰ বাবেই কাম কৰিব। তেওঁলোক আন কাৰো প্ৰতি দায়িত্বশীল নহ’ব। তেওঁলোকক চেৰাই কোনো ব্যক্তি নগৰগণিকাৰ ওচৰলৈ আহিব নোৱাৰিব।

মহামাত্যই জনালে।

জনগণে সমস্বৰে চিঞৰিলে, “দেৱী আম্ৰপালীৰ জয় হওক”।

মই ঘোষণা কৰিলোঁ, প্ৰতি শুক্লপক্ষৰ ৰাতি মুকলি নৃত্য প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব আৰু সেয়া প্ৰতিজন বৈশালীবাসীয়ে উপভোগ কৰিব পাৰিব।

অধৰত গাঢ় সোমৰসৰ টোপাল বাকি ৰজাই সেনাপতিৰ ওচৰত আষ্ফালন কৰিছে, আম্ৰপালীয়ে ৰাজহুৱা নৃত্য প্ৰদৰ্শন কৰক, মোৰ তাত আপত্তি নাই। কিন্তু আন পুৰুষ তেওঁৰ শয়নসংগী হোৱাত নিশ্চয়কৈ আপত্তি আছে।

আপত্তি! তেতিয়াহ’লে আম্ৰপালীক গণিকাৰ আসন দিয়া হ’ল কিয়? ইতিহাসত প্ৰথমবাৰৰ বাবে শাসকপক্ষই ইমান বলপূৰ্বকভাৱে কোনো নাৰীৰ ইচ্ছাৰ বিপৰীতে এই সিদ্ধান্ত লৈছে। এয়া সাধাৰণ কথা নহয়। ই বৈশালীক কলংকৃত কৰিব।

মন্দ্ৰালসা চকুৰে উত্তৰ দিছে ৰজাই, আম্ৰপালীক স্বৰ্ণমোহৰেৰে ওপচাই পেলোৱা যাওক। দোলাভাৰীয়ে কঢ়িয়াই অনা সেই স্বৰ্ণমোহৰ আনি প্ৰভাই ৰূপৰ চন্দুকত ভৰাই থৈছে আৰু দুয়োজনীয়ে দ্বৈত নৃত্যৰ বাবে সাজু হৈছোঁ।

শুক্লপক্ষৰ ৰাতিৰ প্ৰথমটো নৃত্য আমাৰ দুয়োৰে। বৈশালীৰ মুনিহেৰে প্ৰমোদকক্ষ উদুলি-মুদুলি। সোমৰসৰ গোন্ধত মাতাল পৃথিৱী। অদূৰত অপেক্ষা কৰি আছিল ৰজা মনুদেৱে, নৃত্যৰ শেষত তেওঁ নগৰবধূক বিশেষ অভিবাদন জনোৱাৰ কথা। বেচ কিছু কথাই তোলপাৰ লগাই আছে তেওঁৰ মনত। এই ছোৱালীজনী, সামান্য এজনী ছোৱালীয়ে তেওঁৰ ওচৰত ক্ষমা ভিক্ষা নকৰি এটোপাল চকুলো নুটুকিলে। ইয়াতকৈ ডাঙৰ জয় কি হ’ব পাৰে তাইৰ বাবে? সেই জয়ৰ উদযাপনত যেন তেওঁ বৰ বেয়াকৈ হাৰি গৈছে। লজ্জামান কাটি কৰি সেই সামান্য ছোৱালীজনীৰ সান্নিধ্যৰ বাবে তেওঁ পুৰণি হাউলিৰ অতিথিগৃহত সাধাৰণ নাগৰিকৰ দৰে অপেক্ষা কৰিছে।

মধুযামিনী এটিৰ দৰেই তেওঁ অপেক্ষা কৰি থাকিল ওৰেটো নিশা।। অতিথিগৃহৰ গৱাক্ষৰে চাই থাকিল প্ৰমোদকক্ষৰ মঞ্চলৈ। ওৰেটো নিশা মঞ্চত মোৰ নৃত্য চলিল। সমগ্ৰ বৈশালীৰ সন্মুখত এয়া মোৰ প্ৰথম নৃত্য। কৌতূহলত আসন লৈছিল দৰ্শকবৃন্দই। নৃত্য আৰম্ভ হোৱাৰ পাছত সন্মোহনে পালে দৰ্শকক। যেন সৰগৰ অপ্সৰাই নৃত্য কৰি আছে সাধাৰণ মনুষ্যৰ ওচৰত। এয়া কি সৌভাগ্য! সোমৰস বাকি লৈছে মদিৰাত। ঢলং পলংকৈ কোনোজন আগবাঢ়ি গৈছে মঞ্চলৈ। কোনোজনে অশ্লীল শব্দেৰে আটাহ পাৰিছে। স্বৰ্ণমুদ্ৰাৰ লগতেই দলিয়াইছে কামুক দৃষ্টি। মোৰ দৃষ্টি থমা নাই। সুসজ্জিত সৈন্যৰ আৱেষ্টনীত মোৰ নৃত্য চলিল। নৃত্যৰ মাজতে নিৰাপত্তাৰক্ষীয়ে ৰজা মনুদেৱৰ অপেক্ষাৰ কথা জনালে। মোৰ ভৰিত জঁক উঠিল। নেপূৰৰ ধ্বনি খৰ হ’ল। মঞ্চ উত্তাল হ’ল। বাদ্যযন্ত্ৰৰ শব্দত, ৰজা মনুদেৱৰ প্ৰতি ক্ৰোধত, দৰ্শকৰ উল্লাসধ্বনিত পৃথিৱী তল-ওপৰ কৰি নাচি থাকোতেই প্ৰভা দৌৰি আহি বিকট চিঞৰ মাৰি মোৰ দুহাতত থাপ মাৰি ধৰিলে। নৃত্যৰ সাজেৰেই তাই মোক টানি নিলে ৰাজহাউলিৰ বাহিৰলৈ। কি হৈছে একো বুজিব নোৱাৰি মই দৌৰিছোঁ তাইৰ পিছে পিছে। মোৰ পিছে পিছে নিৰাপত্তাৰক্ষীৰ দল। হঠাতে যেন কোলাহল বাঢ়ি গ’ল চৌপাশে। মোৰ হৰিৎবৰ্ণী নিম্নবস্ত্ৰ মাটিত জোঁটপোট খাইছে। উজুটি খাই পৰিছোঁ, আকৌ উঠি দৌৰিছোঁ। প্ৰভাক চিঞৰি চিঞৰি সুধি আছোঁ। কাণসাৰ নাই তাইৰ। দৌৰিছে, মাথোঁ দৌৰিছে। ৰাজপথ এৰি আম্ৰোদ্যানত ভৰি দিছে এইবাৰ।

“কি হৈছে প্ৰভা? নকৱ কিয়?” ধৈৰ্যৰ বান্ধ হেৰাই গৈছে মোৰ।

প্ৰভাই আঙুলিয়াই দেখুৱাইছে আম্ৰবৃক্ষৰ সেই ডালটোলৈ। বিকট চিঞৰ মাৰি মাটিত ঢলি পৰিলোঁ মই।  গুণগুণনি কিছুমান বতাহত ভাঁহি আহিল। ভাঁহি আহিল কোনোবা বৌদ্ধ ভিক্ষুৰ বাণী,

“বুদ্ধং শৰণং গচ্ছামি।”

অলপ পাছত আহিল ঘোঁৰাবাগীৰ খটখট শব্দ। “ৰজা আহিছে, ৰজা আহিছে”, উপস্থিতগণৰ মুখত ৰজাৰ আগমণৰ খবৰ।

“কিয় আহিছে ৰজা? মোক নিঃশেষ কৰি কি পালে ৰজাই?”, প্ৰতিবাদ কৰিবলৈ মোৰ মগজু আৰু কণ্ঠই মোক সংগ দিয়া নাছিল। অজ্ঞান হৈ পৰিলোঁ মই।

সেইজোপা বৃক্ষত, যিজোপা বৃক্ষৰ তলত ওঠৰ বছৰৰ আগতে এটি পৰিত্যাজ্য কন্যাশিশুক এজন অচিনাকী মানুহে কোলাত তুলি নিজ পিতৃৰ নামেৰে চিনাকী দিছিল, সেইজোপা আম্ৰবৃক্ষৰ ডালতে সেই পিতৃ সাম্যদত্তই স্বইচ্ছাই দেহত্যাগ কৰিছিল। ওলমি আহিছিল সেই অভিমানী চক্ষু। অভিমানত যেন ওফন্দি আছিল সেই মহান পুৰষৰ বক্ষ।

সকলোবোৰ হেৰুৱাই মই ক্ৰমশ জেদী হৈ পৰিলো। অতিথিশালাত মোৰ এটি নিশাৰ বাবে অপেক্ষা কৰি থকা ৰজাৰ সন্মুখতে মই স্বপ্নকক্ষিকাত প্ৰৱেশ কৰিলো আন পুৰুষ সংগীৰ স’তে।

এইফালে উচপিচনি বাঢ়িছিল ৰজা মনুদেৱৰ। উচপিচনিৰ সমানে বাঢ়িছিল অপমানবোধ। ঘোঁৰাৰ পিঠিত বহি তীব্ৰ বেগেৰে তেওঁ পুৰণি হাউলি ত্যাগ কৰিছিল। সামান্য নাৰীৰ অহংকাৰৰ ধূলিৰে যেন তেওঁ চৌপাশৰ বতাহজাক চকুৰে মনিব নোৱৰাকৈ ধূলিয়ৰি হৈ পৰিছিল।

(আগলৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!