আশা —প্ৰণৱ সিংহ
নদীৰ কাষৰ শিল এটাত প্ৰায়ে মই বহোগৈ। নদীৰ বিশালতাৰ সন্মুখত নিজকে ক্ষুদ্ৰ যেন অনুভৱ হয় মোৰ! কিন্তু এই ক্ষুদ্ৰতাই মনত যেন মোৰ শক্তিয়ে দিয়ে, নদীখনৰ দৰে বিশাল হ’বলৈ। আজি বতৰ ডাৱৰীয়া। বলি থকা বতাহজাক চেঁচা। অলপ আছুতীয়া এই ঠাইখিনি মুখ্য ৰাস্তাটোৰ পৰা। সেয়েহে মানুহৰ সমাগম নাই বুলিবই পাৰি। কিছু দূৰত এজন মাছমৰীয়া। ব্যস্ততাৰে মাছ মাৰি আছিল নদীখনৰ কাষত। প্ৰায়ে মই মাছমৰীয়া জনক এইদৰে দেখা পাওঁ। বাৰে বাৰে তেওঁ আজি খেৱালি জালখন নদীৰ বুকুত দলিয়াই আছে। কিন্তু এবাৰো জালত মাছ উঠা নাছিল আজি! এবাৰ দ পানীত, এবাৰ বাম পানীত বাৰে বাৰে জাল পেলাইছে তেওঁ। ওহোঁ মাছ নুঠে। মই তেওঁক স্থিৰ দৃষ্টিৰে চাই থাকিলোঁ। আকৰ্ষিত কৰিলে মোক; তেওঁৰ সেই অদম্য প্ৰয়াসে। ভাগৰি পৰা নাই তেওঁ নাইবা হতাশ! লাহে লাহে হাবিখিনি পাৰ হৈ মাছমৰীয়াজনৰ কাষ পালোঁগৈ মই।
মই: খুড়া মাছবোৰ গুছি গ’ল নেকি আজি?
মাছমৰীয়া: তাকেই! আজি মাছেই উঠাব পৰা নাই মই মোৰ জালত!
মই: খুড়া, কেতিয়াবা বাৰু মাছ নেপায় ঘৰলৈ আপুনি সুদা হাতেৰে যাব লগা হৈছেনে?
মাছমৰীয়া: নাই বোপা, কেতিয়াও হোৱা নাই।
মই: তাৰমানে আজিও আপুনি নিশ্চয় সুদা হাতেৰে নাযায়, নহয়নে খুড়া?
মাছমৰীয়া: হুম, মাছ নোপোৱাকৈ ঘৰলৈ যাবলৈ মই নুখুজোঁ! মই মোৰ চেষ্টাত বিশ্বাস ৰখা মানুহ।
মই: কিন্তু ইমান আত্মবিশ্বাস! কেনেকৈ খুড়া?
মাছমৰীয়া: মুখত মিচিকি এটি হাঁহি।
মই: ! !
এইবাৰো নাহিল মাছ খুড়া!
মাছমৰীয়া: মূৰটো সামান্য লৰাই পুনৰ ন উৎসাহ ৰাখি তেওঁ ক’লে.…কোনো কথা নাই, কোনো কথা নাই বোপা। মাছ উঠিব। মই আকৌ জাল পেলম। জানা বোপা, আমাৰ দৰে মাছমৰীয়াই প্ৰতিবাৰ জালখন পানীত পেলোৱাৰ অৰ্থই হল আশাবোৰক দৃঢ় কৰাৰ। সেয়ে আমি হতাশ নহওঁ এয়া আমাৰ সাহস এয়া আমাৰ ধৈৰ্য্যৰ অনুশীলন। সৰু সৰু মাছবোৰ যেতিয়া আমাৰ জালত লাগে; আশাবোৰ আমাৰ আৰু বেছিকৈ বাঢ়ে! কিজানিবা পিছৰ বাৰত আগৰ বাৰতকৈ ডাঙৰ মাছ এটা লাগেই। এয়া চোৱা বোপা মই আকৌ জাল নদীলৈ দলিয়ালোঁ..হা হা হা বুলি তেওঁ জালখন নদীৰ মাজলৈ দলিয়াই দিলে।
মই: খুড়া, মাছ..?
মাছমৰীয়া: কৈছিলোঁ নহয় বোপা, হা হা মাছ নাহিলে আশাবোৰযে আৰু দৃঢ় হয়!
মাছে মাছমৰীয়াক জীয়াই নাৰাখে নহয় বোপা। এই আশাবোৰেহে আমাক জীয়াই ৰাখিছে। জীৱন জী থাকিবলৈ এয়াইটো প্ৰকৃত সুখ..! মাছ উঠিবই বোপা, মাছ উঠিবই৷
হৈছিল।
-----------------------অন্ত ---------------------------