ৰোমৰ নাচনী—কল্যাণ নাথ

ৰোমৰ ‘নাচনী’ (Nasone) হৈছে চহৰ খনৰ সকলো অঞ্চলতে উপলব্ধ বিনামূলীয়া খোৱা পানীৰ টেপ বা নল। আমি যিকোনো ঠাইত ফুৰিবলৈ গ’লে বটলে বটলে পানী কিনিব লগা হয়, বিদেশত আকৌ হোটেলৰ ৰুমটো পানী বিনামূলীয়াকৈ নিদিয়ে। ২৫০ MLৰ পানীৰ বটল এটা ২ বা ৩ ডলাৰত ( ১৫০ টকাৰ পৰা ২০০ টকালৈ) কিনোতে গা বেজবেজাই যায়। ইউৰোপৰ কিছুমান চহৰত একবটল পানীৰ দাম একবটল বিয়েৰতকৈ বেছি। কিন্তু যোৱাবছৰ ৰোমত চাৰিদিন থাকি পানীৰ নামত এটকাও খৰচ কৰিব লগা হোৱা নাছিল, যেতিয়াই মন যায় এই ‘নাচনী’ৰ পৰা বটল ভৰাই পানী লৈছিলোঁ।


প্ৰাচীন ৰোমান সভ্যতাৰ এটা অতি বিস্ময়কৰ আৰু চমকপ্ৰদ প্ৰযুক্তি হৈছে তেওঁলোকৰ চহৰ বোৰৰ পানী যোগান ব্যৱস্থা। প্ৰাচীন কালত ৰোমান সকলে Aquadact নামৰ ব্যৱস্থাৰে হ্ৰদ, নদী, পাহাৰ আদিৰ পৰা চহৰবোৰলৈ পানী বোৱাই আনিছিল আৰু সমগ্ৰ চহৰখনৰ ৰাজহুৱা স্নানাগাৰ, ফাউণ্টাইন আদিত পানী যোগান ধৰাৰ উপৰিও নাগৰিক সকলৰ কাৰণে খোৱা পানী উপলব্ধ কৰাইছিল। আজিও ৰোম চহৰৰ সকলো ফালে বৃহৎ বৃহৎ পানীৰ ফাউণ্টাইন দেখিবলৈ পোৱা যায়। Aquaduct ব্যৱস্থাৰ বিষয়ে অৱশ্যে আজি লিখিব খোজা নাই, ইচ্ছা কৰিলে আপোনালোকে গুগলত প্ৰাচীন ৰোমান সকলে উদ্ভাৱন কৰা এই চমকপ্ৰদ পানী যোগান ব্যৱস্থাৰ বিষয়ে পঢ়িব পাৰে।
সমগ্ৰ চহৰ খনত ‘নাচনী’ কল প্ৰায় ২৫০০ আছে। এই পানীৰ টেপবিলাকৰ পৰা ২৪ ঘণ্টাই নিৰবিছিন্নকৈ পানী ওলাই থাকে আৰু এই পানীৰ বিশুদ্ধতা চহৰখনৰ ঘৰত যোগান ধৰা খোৱা পানীৰ দৰেই বিশুদ্ধ। ইটালীয়ানত ‘নাচনী’ৰ অৰ্থ হৈছে ডাঙৰ নাক (Big Nose) আৰু এইবিলাক প্ৰায় ৩ ফুট ওখ কাষ্ট আইৰণৰ টেপ। ইয়াৰ বিশেষত্ব এই যে ১৮৭০ চনত এইবিলাক চহৰখনৰ সকলো ঠাইতে স্থাপন কৰা হৈছিল আৰু ইয়াৰ পানী যোগান বৰ্তমানেও প্ৰাচীন ৰোমৰ এটা Aquaduct ৰ পৰা লোৱা হৈ আছে। এই Aquaductটো প্ৰাচীন কালৰ পৰাই সংযোজন হৈ আছে Lake Bracciano ৰ লগত আৰু এই লেক বা হ্ৰদৰ পৰাই (ৰোমৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰ) ‘নাচনী’লৈ পানী কঢ়িয়াই অনা হৈ আছে নিৰবিছিন্নভাবে। ‘নাচনী’ৰ পানী সকলো স্থানীয় ৰোমান নাগৰিক আৰু পৰ্যটকে বিনামূলীয়াকৈ যেতিয়াই মন যায় খাই থকা বা বটলত ভৰাই লৈ যোৱা দেখিছিলোঁ। আমিও চাৰিদিন ৰোমত ‘নাচনী’ৰ পানীৰেই কাম চলাইছিলোঁ। আন এটা কথাই আমাৰ দৃষ্টি আকৰ্ষণ কৰিছিল এই যে, অহৰহ পানী বৈ থকা এই ‘নাচনী’বোৰৰ পৰা ওলোৱা পানী (খোৱা পানী হিচাবে ব্যৱহাৰ নকৰা খিনি)
Recycle কৰি বেলেগ কামত ব্যৱহাৰ কৰিবলৈ যোগান ধৰা হয়। এই Recycle ব্যৱস্থাটোত প্ৰায় ১% পানীহে নষ্ট হয় বুলি তথ্যমতে গম পালোঁ।
বৰ্তমান বিশ্বৰ ডাঙৰ ডাঙৰ মহানগৰবোৰত দেখা দিয়া সমস্যাটো হৈছে পানীৰ অভাৱ। এই সমস্যাটো চহৰবিলাকৰ গ্ৰাউণ্ড ৱাটাৰ লেভেল কমি যোৱাৰ বাবে হৈছে, কাৰণ আমি অত্যধিক পানী বছৰ বছৰ ধৰি মাটিৰ তলৰ পৰা আহৰণ কৰি গৈ আছোঁ। চেন্নাই, কেপ টাউন আদি বৃহৎ চহৰবিলাকৰ পানীৰ সমস্যা বাতৰিত প্ৰকাশ হৈ থাকে। আমাৰ গুৱাহাটীতেই বহু অঞ্চলত এতিয়া ডিপ টিউবৱেল খান্দিলেও পানী পাবলৈ নাই।
বিনামূলীয়া খোৱা পানী এনেদৰে সকলোৰে বাবে ‘নাচনী’ৰ দ্বাৰা ১৮৭০ চনৰ পৰাই উভৈনদীকৈ যোগান ধৰা ৰোমৰ এই ব্যৱস্থা অতি বিস্ময়কৰ। দেশ বিদেশৰ বহু চহৰ ঘূৰিলোঁ, কিন্তু বিনামূলীয়া পানীৰ এনে ব্যৱস্থা ৰোমতেই প্ৰথম দেখা পালোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!