আহক, এটা শোক-প্ৰস্তাব লওঁ (দ্বিজেন্দ্ৰ নাথ শৰ্মা)
আহক, এটা শোক–প্ৰস্তাৱ লওঁ
আহক, আমি এটা শোক–প্ৰস্তাব লওঁ !
এক মিনিট মৌনতা ৰাখি
মৃতকৰ সদ্গতি কামনা কৰোঁ,
দুষাৰ শোক–গাথা আওঁৰাই
বিদেহীৰ চিৰ বিদায় নিশ্চিত কৰোঁ,
আহক, মোৰ মৃত্যুৰ শোক–প্ৰস্তাব লওঁ।
আচৰিত নহ‘ব,
মই জানো মোৰ মৃত্যুত কোনেও
শোক–প্ৰস্তাব নলয়,
নুটুকে কোনেও ঘৰিয়ালৰো চকুলো।
মোৰ মৃত্যু হয় নিৰৱে
পলে পলে প্ৰতিপলে।
মৃত্যু হয় তৰা বছা জুপুৰীত।
আবাল বৃদ্ধ বনিতাৰ
আশা শুকোৱা দুখৰ পুখুৰীত।
মোৰ মৃত্যু হয় আন্ধাৰ গলিত,
নি:সহায় নাৰীৰ কাতৰ চিৎকাৰত।
মোৰ মৃত্যু হয় আৰ্তজনৰ মিচিলত,
চাবুকত নিগৰা শোণিতত।
মোৰ মৃত্যু হয় বুভুক্ষা শিশুৰ
মৰণকাতৰ আৰ্তনাদত।
পলে অনুপলে মৰোঁ মই,
পলকতে হেৰাই যাওঁ।
কোনেও মোৰ মৃত্যুত শোক–প্ৰস্তাব নলয়,
কোনেও নুটুকে চকুলো,
দৰদী ভাষাত কোনেও
নজনায় বিদায় সম্ভাষণ
আহক, আজি মোৰ মৃত্যুৰ
এটা শোক–প্ৰস্তাব লওঁ !