আহিবা এদিন (শ্বৰিফুল ইছলাম)

আহিবা এদিন
ক’ম্পানী বাছত তুলি
অইল ফিল্ড দেখুৱাম
তেলখাদ চাবা
তেল পাইপৰ দলঙত উঠিবা
আৰু তেলৰ নলাত
কলাসোণৰ স্খলনত
মানুহৰ সপোন ভঙাৰ
শোকগীতি শুনিবা
মনত ৰাখিবা
তেলখাদৰ তলেদিও উজায়
ওপৰেদিয়েও
আমাৰ শকতিৰ প্রবাহ
ইচ্ছা কৰিলে তুমি তাতে
নামি ফটো লব পাৰা
আৰু দিব পাৰা শিৰোনাম
‘সংগ্রামী সপোনৰ দাহ’
কাৰণ সঁচাকৈয়ে তেলখাদবোৰ
মৰিব লাগিছে..
সপোনবোৰ ভাঙি চুৰমাৰ কৰি
অৰ্হনিশে শুকাব ধৰিছে
সময় থাকোতে আহিবা এদিন
সপোনতে খাদবোৰ ধৰি থবা চিৰদিন…

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!