উচিত শিকনি-দিগন্ত বৰা

সিদিনা বজাৰৰ তালিকাখনৰ ৪ নম্বৰত ল’ৰাটোৱে ‘আছাৰ’ এবটল লিখিলে।
লগে লগে ডিঙিটোত ধৰি তাক আছাৰ মাৰি দিলো। ক’ৰবাত পৰিলগৈ সি।
আঁতৰৰ পৰা এওঁ মোক খেংখেঙাই উঠিল। মই কৰিলো কি, বজাৰৰ লিষ্টখন ফালি পেলাই এওঁক নতুনকৈ লিখিবলৈ ক’লো। পুনৰ এওঁৱো একেটা ভুলকে কৰাত এওঁকো হাতত ধৰি জোৰেৰে ‘আছাৰ’ মাৰি পঠিয়ালোঁ। এওঁৱো পুতেকৰ ওচৰতে পৰিলগৈ।
”আই ঐ মৰিলো ঐ” বুলি মাক পুতেকে ফেকুঁৰি ফেকুঁৰি ক’লেঃ আমাক ‘আছাৰ’ নালাগে! আমাক ‘আচাৰ’ হে লাগে।
তেতিয়াহে বজাৰৰৰ পৰা আমৰ ‘আচাৰ’ এবটল আনিলো সেইদিনা।
সৌ সিদিনা ল’ৰাটোক এওঁ পঢ়ুৱাই আছিল। বহীখনত এওঁৰ হাতৰ আখৰৰ এটা বাক্য পালোঁ। বাক্যটো আছিলঃ “ধুমুহাই ছালখন উৰুৱাই নিলে।”
ৰৈয়েই নাথাকিলো। বজাৰলৈ গৈ ফাৰ্মাচীৰ পৰা এণ্টিচেপটিক মলম এটা লৈ এওঁৰ কাষ পালোহি। পকেটৰ পৰা মলমটো উলিয়াই এওঁৰ হাতত দি জেগাটুকুৰাত লগাই দিবলৈ ক’লো।
এওঁ জাঁপ মাৰি উঠিল।
মই বোলোঃ “তোমাৰ খঙলৈ ভয় কৰিম বুলি ভাবিছা?” ….এইবুলি এওঁক ধৰি ক’তনো ‘ছাল’ এৰালে চোৱাৰ উদ্দেশ্যেৰে কাষলৈ টানি আনি লোৱাত কৰযোৰে মোক বোলেঃ “ক্ষমা কৰিবা। ‘চাল’হে উৰালে। ‘ছাল’ নহয়।”
একে ঘটনা সিদিনা ওচৰৰ বিদ্যালয় খনৰ শিক্ষয়িত্ৰী এগৰাকীয়ে কৰিলে। ল’ৰাটোৰ পৰীক্ষাৰ বহীখন চোৱাত ৰঙা চিয়াঁহীৰ এটা বাক্য পালো। বাক্যটো আছিলঃ “আমাৰ বিদ্যালয় আজি সোনকালে চুটি হ’ল।”
আচৰিত হৈ পৰিলো। বৰ বেয়া লাগিল বুজিছেনে। নিজে পঢ়া বিদ্যালয়খনৰ এনে গতি কোনেও কামনা নকৰে। অলপ পাছতে বিদ্যালয় পালোগৈ। কাষতে প্ৰধান শিক্ষয়িত্ৰীৰ ঘৰ। প্ৰথম তেখেতৰ ঘৰ পালোগৈ। বাৰাণ্ডাতে বাইদেউ বহি আছিল। মই বোলোঃ “বাইদেউ। কথাটো শুনি বৰ বেয়া লাগিল।”
বাইদেৱে অলপ আচৰিত হৈ বোলেঃ “কি কথা? মই একো ধৰিব পৰা নাই।”
মই বোলোঃ “আমি বিজ্ঞানৰ কিতাপত পাইছিলোৱেই দেখোন, গৰম পালে পদাৰ্থৰ প্ৰসাৰণ আৰু ঠাণ্ডাত সংকোচন ঘটে। গতিকে এতিয়া ঠাণ্ডা যে সেয়ে চাগৈ সংকোচন ঘটাত চুটি হৈ পৰিছে! বাৰু যি কি নহওক, জুখি চাইছিল নেকি বাৰু কিমান চুটি হ’ল?”
বাইদেৱে বোলেঃ “কি চুটি হ’ল?”
মই বোলোঃ “বিদ্যালয়খন চুটি হ’ল বুলি মীনা বাইদেৱে আমাৰ ইহঁতৰ বহীখনত লিখাৰ বাবেহে কৈছোঁ।”
বাইদেৱে বোলেঃ “তেখেতে এই ভুল কৰিব নালাগিছিল! আচলতে ‘ছুটী’ হ’ব লাগিছিল।”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!