“উপদেশতকৈ আৰ্হি ভাল” (বিষ্ণু শইকীয়া)

বিষ্ণু শইকীয়া


এটা উপদেশমূলক বিজ্ঞাপনৰ আলম লৈ হজৰত মহম্মদৰ এই কথাষাৰ আকৌ এবাৰ মনতে গুণগুণালো। বিদ্যুত বিভাগৰ এটা বিজ্ঞাপন চাইছিলো। বিজ্ঞাপনটোত অভিনেতাজনে ফেনৰ চুইছটো ভুলবশতঃ অন কৰি থৈ গৈছিল আৰু পাছত মনত পৰি ঘূৰি আহি ছুইচটো অফ কৰিলে। বিদ্যুত বচোৱাৰ আবেদন কৰি বিজ্ঞাপনটো সামৰিলে। ময়ো হাঁহি এটা মনতে মাৰিলো। বিজ্ঞাপনৰ নামত প‍ইচাকেইটা চৰকাৰে অবাবতে খৰছ কৰিলে যেন ভাব হ’ল।

পেছাত ম‍ই অসম চৰকাৰৰ অধীনত এজন চৰকাৰী চাকৰিয়াল। বিদ্যুতৰ অপব্যৱহাৰ ম‍ই দেখি আহিছো প্ৰতিদিনে। উকা চকী টেবুলক ফেনৰ বতাহ খুৱাবৰ বাবে কৰ্মচাৰীসকল বাহিৰলৈ ওলাই যাওঁতে অফ কৰিব নিবিচাৰে। ফেন/এচি/লাইট/কম্পিউটাৰ/প্ৰিণ্টাৰ আদি একো সাৰি নাযায়। সকলো গৰাকীবিহীন সামগ্ৰী যেন, কাৰো সেইবোৰৰ প্ৰতি দায়বদ্ধতা নাই। পিয়ন, চকীদাৰ, কৰ্মচাৰীসকলৰ এনে অসজাগতা ম‍ই খুব বেয়া পাওঁ। এইবোৰ মোৰ দৃষ্টিত পৰিলে ততালিকে বন্ধ কৰো। চৰকাৰী বস্তু বুলিয়েই এনেদৰে অপব্যৱহাৰ কৰাতো খুউব বেয়া পাওঁ। আনক অনুৰোধ বা নিৰ্দেশ দিয়াৰ বাহিৰে একো কৰিবৰ উপায় মোৰ হাতত নাই। সকলোৱে যদি চৰকাৰী বস্তু বুলি নাভাৱি নিজৰ ঘৰৰ দৰে ব্যৱহাৰ কৰিলেহেঁতেন তেনেহ’লে এই সমস্যাটো নাথাকিলেহেঁতেন। চৰকাৰে লাইটৰ বিলখন দিয়ে বুলিয়েই যে বিদ্যুতৰ এনে অপব্যৱহাৰ কৰি যাব তাৰ কোনো যুক্তি নাই। বিদ্যুত যদি কৰবাত অনিষ্ঠ হয়, তেনে সেয়া চৰকাৰী কাৰ্যালয়, চৰকাৰী বাসভৱন, বিভিন্ন কৰ্মক্ষেত্ৰ আদিতেই। বিদ্যুত বিভাগৰ কথা নকলোৱেই বা। দিনদুপৰতে ষ্ট্ৰীট লাইটকেইটা জ্বলাই থোৱা দেখিলে আপোনালোকৰ কি ভাৱ হয় নাজানো কিন্তু মোৰ খঙে চুলিৰ আগ পায়। তাৰ বাদে ঘৰত বিদ্যুত বচোৱাৰ ক্ষেত্ৰত প্ৰায়সকল লোকেই কম বেছি পৰিমানে সজাগ কাৰণ বিদ্যুতৰ বিলো তেওঁলোকে নিজৰ গাঁঠিৰ ধন ভাঙিয়েই দিব লগা হয়।

এই সমস্যাৰ সমাধানৰ একমাত্ৰ পথ হয়তো কাৰ্যালয়ৰ বৰমূৰীয়াসকলেই কৰিব পাৰিব। অবাবতে চলি থকা ফেন, লাইট, কম্পিউটাৰ আদি চলাৰ ক্ষেত্ৰত তেওঁলোক কঠোৰ হোৱা উচিত। কেইবাটাও অফিচত কাম কৰাৰ অভিজ্ঞতাৰ পৰা এইখিনি লিখিছিলো। সকলোতে একেই দেখি আহিছো। ক’লেও বিশেষ গুৰুত্ব নিদিয়ে। আপোনালোকেও ভাবি চাওকচোন, এনেধৰনৰ কামকাজৰ দ্বাৰা দৈনিক কিমান বিদ্যুতৰ অপচয় হৈ আছে??? কোনোবাই কেতিয়াবা যদি ইয়াৰ বিষয়ে অধ্যয়ন কৰি পাৰিসাংখ্যিক তথ্য উলিয়াব পাৰে তেন্তে সেই তথ্য দেখিলে হয়টো আপোনালোকৰ চকু কপালত উঠিব।

ৰাইজে এই সমস্যাৰ সমাধান উলিওৱাৰ প্ৰয়াস কৰাৰ সময় সমুপষ্ঠিত বুলি অনুভৱ কৰোঁ।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!