বিষয়: সঞ্চয় আৰু বিনিয়োগ – ৮ (–প্ৰতিম প্ৰতাপ বৰুৱা)

বিষয়: সঞ্চয় আৰু বিনিয়োগ

 

প্ৰতিম প্ৰতাপ বৰুৱা

(যোৱা সংখ্যাৰ পিছৰ পৰা)

The road to 1 Crore!
এই সংখ্যাত শ্বেয়াৰ বজাৰৰ পৰা আঁতৰি কিছু অন্য কথা আলোচনা কৰিম।

আইন্‌ষ্টাইনে কৈছিল “”The most powerful force in the universe is compound interest” ।

এই কম্পাউণ্ড ইণ্টাৰেষ্ট বা চক্ৰবৃদ্ধি সুত আচলতে কি? পোনে পোনে ক’বলৈ গ’লে চক্ৰবৃদ্ধি সুতৰ অৰ্থ হ’ল earning interest on interest। শব্দ ডট অৰ্গত চক্ৰবৃদ্ধি সুতৰ অৰ্থ দিয়া আছে এনেদৰে– “মূলধন আৰু ইয়াৰ পৰা পোৱা সুত পুনৰাই সুতৰ বাবে যোগ দিয়া৷ ১০০০ টকা বছৰি ৯% হাৰত ৫ বছৰৰ বাবে চক্ৰবৃদ্ধি সুতৰ বাবে থলে প্ৰথম বছৰৰ শেষত সুত পোৱা ৯০ টকা মূলধন ১০০০ৰ লগত যোগ হৈ দ্বিতীয় বছৰত মূলধন ১০৯০ টকা হৈ ১০৯০ টকাৰ ওপৰত দ্বিতীয় বছৰত সুত পাব৷ এনেদৰে প্ৰতিবছৰে পোৱা সুত মূলধনৰ সৈতে যোগ হৈ গৈ থাকে৷” ইয়াক power of compounding বুলিও কয়।

এই power of compounding ব্যৱহাৰ কৰি, কম বয়সতে সঞ্চয় কৰিবলৈ আৰম্ভ কৰিলে আৰু নিয়মিতভাবে (প্ৰত্যেক মাহে) অলপ অলপকৈ টকা সঞ্চয় কৰি উপয়ুক্ত ঠাইত বিনিয়োগ কৰিলে কোনো ধৰণৰ বিপদাশঙ্কা (risk) নোহোৱাকৈ সকলোৱে এটা মোটা অংকৰ ধনৰাশি (ধৰি লোৱা হওক ১ কোটি টকা) জমা (আৰ্জন) কৰিব পাৰে। কেনেকৈ? এটা উদাহৰণেৰে বুজিবলৈ চেষ্টা কৰিম।

তলৰ ফটোখনত দিয়া তালিকাখন চাওক। ধৰি লোৱা হওক আপুনি প্ৰত্যেক মাহে নিয়মিতভাবে ৫০০০ টকাকৈ সঞ্চয় কৰি বিনিয়োগ কৰিব খুজিছে। ক’ত বিনিয়োগ কৰিব? বেংকত? নহয়, বেংকত সাধাৰণ চেভিং একাউন্ট খুলি টকা জমা কৰিলে চক্ৰবৃদ্ধি সুত পোৱা নাযায়। আপুনি ভাৰত চৰকাৰৰ পাব্লিক প্ৰভিডেণ্ট ফাণ্ডত (PPF) জমা কৰক। এই পাব্লিক প্ৰভিডেণ্ট ফাণ্ডৰ একাউণ্ট যিকোনো হেড পোষ্ট অফিচ, কিছু বাচনিপ্ৰাপ্ত পোষ্ট অফিচ আৰু কিছু বাচনিপ্ৰাপ্ত চৰকাৰী বেংকত খুলিব পাৰি। বৰ্তমান সময়ত পাব্লিক প্ৰভিডেণ্ট ফাণ্ডত বছৰি ৮% চক্ৰবৃদ্ধি হাৰত (8% compounded interest p.a.) টেক্স ফ্ৰী ইণ্টাৰেষ্ট পোৱা যায় আৰু Section 80C ৰ নিয়ম মতে ইন্‌কাম টেক্সৰ ৰেহাই পোৱা যায়। তলত দিয়া তালিকাখনৰ মতে মাহে ৫০০০কৈ টকা পাব্লিক প্ৰভিডেণ্ট ফাণ্ডত প্ৰতিমাহে জমা কৰিলে ৩৫বছৰত মুঠ জমা টকাৰ পৰিমান ১কোটিতকৈ অলপ বেছি হবগৈ। এতিয়া তালিকাখনৰ পৰা চাওক – আপুনি ৩৫ বছৰত মাহে ৫০০০টকাকৈ মাত্ৰ ২১ লাখ টকা জমা কৰিলে আৰু বাকী ৮০ লাখ টকা ৩৫ বছৰত চক্ৰবৃদ্ধি সুতৰ পৰা আহিল। এয়াই হ’ল power of compounding, যিটো আপুনি নিয়মিতভাবে মাহে মাত্ৰ ৫০০০ টকা জমা কৰি আৰ্জন কৰিলে ।

এইখিনিতে এটা কথা। পাব্লিক প্ৰভিডেণ্ট ফাণ্ডত মাহে ৫০০০টকা জমা কৰা আৰু বছৰত এবাৰ ৬০,০০০ টকা জমা কৰা টকাৰ পৰিমানৰ ফালৰ পৰা দেখাত একেই। কিন্তু চক্ৰবৃদ্ধি সুতৰ সুবিধা লবলৈ হ’লে কথাটো একে নহয়। কাৰণ প্ৰতিমাহে জমা কৰা ৫০০০ টকাই বছৰটোৰ বাকী থকা সময়খিনিৰ কাৰণে সাধাৰণ সুত আৰ্জন কৰে আৰু ৮% হাৰত আপোনাৰ জমা টকা হয়গৈ ৬২,৬০০ টকা, যিটো একেবাৰতে জমা কৰা ৬০,০০০ টকাতকৈ ২,৬০০ টকা বেছি। এই গোটেই টকাখিনিৰ ওপৰত বছৰেকীয়া চক্ৰবৃদ্ধি সুতৰ লাভখিনি দিয়া হয়। ৩৫ বছৰ সময়ৰ বিস্তাৰ কৰিলে এবছৰত বেছিকৈ জমা হোৱা এই ২,৬০০ টকাই দিয়া লাভাংশৰ পৰিমাণ হয়গৈ প্ৰায় ৪,৪৮,০০০ টকা। এইটো আৰু এটা power of compounding ৰ উদাহৰণ।

এজন ২৫ বছৰীয়া যুৱকে এই নিয়মেৰে মাহে ৫০০০ টকা সঞ্চয় কৰি পাব্লিক প্ৰভিডেণ্ট ফাণ্ডত প্ৰতিমাহে বিনিয়োগ কৰিলে ৬০ বছৰ বয়সত অৱসৰ লোৱাৰ সময়ত তেওঁ ১ কোটিতকৈ অলপ বেছি টকা পাব।
শেষ কৰাৰ আগতে এটা জানিবলগীয়া কথা –

Rule of 72:
Rule of 72ৰে আমি যিকোনো আঁচনিত (যেনে বেংকৰ ফিক্সড্‌ ডিপোজিট) একেবাৰতে বিনিয়োগ কৰা টকা কিমান দিনৰ মূৰত দুগুণ হ’ব সেইটো অংক কৰি উলিয়াব পাৰোঁ। আঁচনিখনে দিয়া বছৰেকীয়া সুতৰ হাৰেৰে ৭২ক হৰণ কৰিলে যিটো উত্তৰ ওলাব সেইটোৱেই হ’ল বিনিয়োগ কৰা টকাখিনি দুগুণ হ’বলৈ লগা বছৰ। উদাহৰণ– যদি এখন আঁচনিয়ে ৮% হাৰত সুত দিয়ে তেন্তে সেই আঁচনিত এবাৰত বিনিয়োগ কৰা আপোনাৰ টকাখিনি দুগুণ হ’বলৈ সময় লাগিব ৭২/৮ = ৯বছৰ।

 

 

 

 

 

 

 

(অন্ত)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!