ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

ঋতুস্নান (জ্যোতি পি চি শইকীয়া)

লঠঙা ফেৰেঙনিত 
ওলমি থকা
কৃষ্ণপক্ষৰ জোনৰ দৰে
গলি গ’ল ফাগুনৰ
ধুলিয়ৰি দিন।।

পাতলীয়া বৰষুণে 
ধুই নিয়া ধৰণীৰ
জীয়া জীয়া সুবাসত,
গা ধুই চুলি মেলাই
উৰি আহে 
চ’তৰ কাচঁলিত ধৰি
ব’হাগৰ 
সেউজবুলীয়া গান।।

পুলক এপিয়লা পি
বাটৰুৱা মনত
বাৰুকৈয়ে 
ঋতুৰ ৰাগী লাগে
এনেকৈয়ে…..।।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!