এইয়া আৰম্ভণিহে বাচাহঁত(দেৱাংগ পল্লৱ শইকীয়া)
মেট্রিকত দ্বিতীয় বিভাগ পোৱাৰ বাবে সেইসময়ত আত্মীয়-কুটুম্ব, অঙহী-বঙহী, বহুতেই মোক গালি-গালাজেৰে সম্বৰ্দ্ধনা জনাইছিল। একমাত্র মোৰ প্রয়াত দেউতা মোৰ কাষত আছিল আৰু কৈছিল–- “এইয়া আৰম্ভ হৈছেহে, ভাল হ’ব পিছে পৰে, নেৰিবি একদম। গালি পৰা মানুহক পাৰি থাকিবলৈ দে, দুবছৰ পাছত গম পাব।” আজি নিজৰ গুণানুকীৰ্তন কৰিবৰ জোখাৰে আমাৰ গুণ শূণ্য, তথাপি কওঁ, দেউতাৰ কথাকেইটাকে বুকুত বান্ধি লাহে লাহে গৈ উচ্চতৰ মাধ্যমিকত টিভিত দেখুৱাবলগা ফলাফল নহ’লেও মেট্রিকতকৈ বহু ভাল কৰি এখন ভাল কলেজত দাখিল হৈছিলো।
এই অধমে জীৱনত বহুত কিবা কিবি কৰি আদৰ্শ দেখুৱাব নোৱাৰিলেও দেউতাৰ এই কথাখিনিকে, এই উদাহৰণটোৰ কথাকেই মেট্রিকত দ্বিতীয় বিভাগ পোৱা ভাগিন এজনীক কৈছিলো দুবছৰ আগতে, মাক বাপেকে তাইক দ্বিতীয় বিভাগ পোৱাৰ কাৰণে গালিৰে থকাসৰকা কৰি থকাৰ সময়ত। “এইয়া হিচাব নিকাচ দুবছৰ পাছত দিবি, এই গালিৰ ফেক্টৰী মাৰ বাপেৰক।” কালি তাই তিনিটা বিষয়ত লেটাৰ নম্বৰ পাই ষ্টাৰেৰে উত্তীৰ্ণ হৈছে। মাকে ফোনতে ক’লে— তই ঠিক কথাই কৈছিলি।
মেট্রিক বা উচ্চতৰ মাধ্যমিকত দ্বিতীয় বিভাগ বা তৃতীয় বিভাগ লাভ কৰি “হে ভগবান কি হ’ব এতিয়া-জীৱন অন্ধকাৰ” বুলি ৰোষঘৰত সোমোৱা সকললৈ আৰু তেৰাসৱৰ মা-দেউতালৈ এই অধমে এই আখ্যান আগবঢ়ালোঁ। ভাল কলেজত আসন নাপালে বুলিয়েই চব শেষ নে?? মেডিকেল, ইঞ্জিনিয়াৰিঙত ছীট নাপালে বুলিয়েই বেলেগ চব পথত কি “পথ বন্ধ” ফলক লাগিল?
উচ্চতৰ মাধ্যমিকত দ্বিতীয় বিভাগ বা তৃতীয় বিভাগ লাভ কৰি স্নাতকত প্রথম শ্রেণী পোৱাসকলৰ আৰু পিছত গৈ কলেজৰ শিক্ষক আদি হোৱাসকলৰ তালিকাও আমাৰ হাতত মজুত আছে।
দেউতাৰ ভাষাৰেই, “এইয়া আৰম্ভ হৈছেহে, ভাল হ’ব পিছে পৰে, নেৰিবি একদম।”
এইয়া আৰম্ভণিহে বাচাহঁত…।
(মনত ৰাখিব, আমি উপদেশ দিব পৰাকৈ “চোকা ল’ৰা” নহয়। গালি-গালাজ নাপাৰিব আৰু মাক দেউতাকসকলে মোক।)