এই পষেকত কীট-পতংগৰ পৰা শস্য সুৰক্ষা

লেখক- ড° ৰুদ্ৰ নাৰায়ণ বৰকাকতি

বৰ্ষাকাল অসমৰ কৃষকৰ বাবে এক ব্যস্ততাময় সময়। এই সময়তে ধান, পাচলি, মাহজাতীয় আদি বিভিন্ন শস্যৰ বাবে খেতি পথাৰ আৰু উদ্যান শস্যৰ বাগিচা সেউজীয়া হৈ উঠিবলৈ আৰম্ভ কৰে। কিন্তু বৰষুণ, অধিক আৰ্দ্ৰতা আৰু অনুকূল উষ্ণতাই শস্যৰ বৃদ্ধিৰ লগতে বিভিন্ন ক্ষতিকাৰক কীট-পতংগৰ বংশবৃদ্ধিৰ বাবেও অনুকূল পৰিৱেশ সৃষ্টি কৰে। সেয়েহে এই সময়ছোৱাত কৃষকসকলে অলপ সজাগ হ’লেই বহু ক্ষতিৰ পৰা হাত সাৰিব পাৰে। নিয়মীয়াকৈ পথাৰ পৰিদৰ্শন, আগতীয়াকৈ পোক চিনাক্তকৰণ আৰু বিজ্ঞানসন্মত ব্যৱস্থাপনা গ্ৰহণেই সফল কৃষিৰ অন্যতম চাবিকাঠি। 

সেয়েহে তলৰ কথাকেইটা কৃষকসকলে পালন কৰা বাঞ্চনীয়।

 

ধাননি নিয়মীয়াকৈ পৰিদৰ্শন কৰক

ধান ৰোৱাৰ পিছৰ প্ৰথম মাহটো অত্যন্ত গুৰুত্বপূৰ্ণ। এই সময়ত অন্ততঃ সপ্তাহত এবাৰকৈ সমগ্ৰ পথাৰ ভালদৰে নিৰীক্ষণ কৰা উচিত। আৰম্ভণিতে পোক-পতংগ চিনাক্ত কৰিব পাৰিলে সহজেই নিয়ন্ত্ৰণ সম্ভৱ হয় আৰু অপ্ৰয়োজনীয় কীটনাশক ব্যৱহাৰো কমে। বৰ্ষাৰ সময়ত বিশেষকৈ শুঁৰপোকৰ উপদ্ৰৱ বৃদ্ধি পায়। এই পোকৰ পলুৱে দিনৰ ভাগত মাটিৰ তলত লুকাই থাকে আৰু নিশা ওলাই আহি ধানৰ পুলিবোৰ কাটি পেলায়। দীঘলীয়া খৰাঙৰ পিছত বৰষুণ দিলে বা চিৰাল ফটা পথাৰত হঠাতে অসংখ্য পলু ধানগছৰ ওপৰত দেখা যায়। বহু কৃষকে ভাবি লয় যেন বাহিৰৰ পৰা কোনোবাই পোক আনি এৰি দিছে, কিন্তু বাস্তৱত সিহঁতে মাটিৰ তলৰ আশ্ৰয় হেৰুৱাই ওপৰলৈ উঠি আহে। এই পোকৰ নিয়ন্ত্ৰণৰ বাবে কঠীয়া ৰোৱাৰ লগে লগে পথাৰৰ মাজে মাজে জেং পুতি পৰভোজী চৰাই বহাৰ ব্যৱস্থা কৰা উচিত। বগলী, শালিকা, ফেঁচা আদিয়ে এই পলুবোৰ ভক্ষণ কৰি পোকৰ সংখ্যা স্বাভাৱিকভাৱে হ্ৰাস কৰে। যদি পোকৰ সংখ্যা অধিক হয়, তেন্তে কৃষি বিশেষজ্ঞৰ পৰামৰ্শমতে অনুমোদিত কীটনাশক ব্যৱহাৰ কৰিব লাগে। অৱশ্যে কীটনাশক স্প্ৰে কৰাৰ আগতে পথাৰৰ চৌপাশৰ আলিত পাউডাৰ জাতীয় কীটনাশক ব্যৱহাৰ কৰিলে পলুবোৰ আন পথাৰলৈ পলাই যোৱাৰ সম্ভাৱনা কমে। (সতৰ্কতা: কীটনাশক ব্যৱহাৰৰ পিছত সেই পথাৰত গৰু, ছাগলী, হাঁহ বা অন্যান্য গৃহপালিত জীৱ চৰিবলৈ নিদিব।)

 

ধানৰ প্ৰথম মাহত বিভিন্ন পোক নিয়ন্ত্ৰণ

ধান ৰোৱাৰ প্ৰথম মাহত শুঁৰপোকৰ লগতে মজাখোৱা পোক, পাত মেৰিওৱা পোক আৰু টুপলিকটা পোকৰ আক্ৰমণো দেখা দিব পাৰে। এই পোকসমূহৰ সমন্বিত নিয়ন্ত্ৰণৰ বাবে কঠীয়া ৰোৱাৰ পিছত প্ৰতি ৩ লিটাৰ পানীত ১ মিলিলিটাৰ ক্ল’ৰাণ্ট্ৰানিলিপ্ৰল ১৮.৫% SC মিহলাই পথাৰত সমানভাৱে স্প্ৰে কৰিলে ধাননি বহুদিনলৈ সুৰক্ষিত থাকে।

 

সংৰক্ষিত মাহজাতীয় শস্যৰ ব্ৰুকিডপোক নিয়ন্ত্ৰণ

মাহ, মগু, মটৰ, বুট, মচুৰ আদি সংৰক্ষিত শস্যত বৰ্ষাকালত কোৱাপোক (Bruchid)-ৰ আক্ৰমণ অধিক হয়। সংৰক্ষণৰ পূৰ্বে শস্যখিনি ভালদৰে ৰ’দত শুকুৱাই ছাঁত ঠাণ্ডা কৰি ল’ব লাগে। তাৰ পিছত মৰাপাটৰ বস্তাৰ ভিতৰত পলিথিনৰ আস্তৰণ দি প্ৰতি কিলোগ্ৰাম শস্যত ৩ গ্ৰাম জালুকৰ গুৰি ভালদৰে মিহলাই সংৰক্ষণ কৰিলে কোৱাপোকৰ আক্ৰমণ যথেষ্ট পৰিমাণে কমিব। সম্ভৱ হ’লে বায়ু-নিৰুদ্ধ পাত্ৰ ব্যৱহাৰ কৰাটো অধিক উপযোগী।

 

এন্দুৰ নিয়ন্ত্ৰণ 

বৰ্ষাৰ সময়ত এন্দুৰে ঘৰৰ লগতে ভঁৰালতো যথেষ্ট উপদ্ৰৱ কৰে। এন্দুৰে খাদ্যশস্য নষ্ট কৰাৰ উপৰিও বিভিন্ন ৰোগ বিস্তাৰ কৰিব পাৰে।

এন্দুৰ নিয়ন্ত্ৰণৰ বাবে—

  • ভঁৰাল আৰু ঘৰ সদায় পৰিষ্কাৰ কৰি ৰাখক।
  • এন্দুৰ সোমাব পৰা ফুটাবোৰ বন্ধ কৰক।
  • খোৱা বস্তু খোলা অৱস্থাত নাৰাখিব।
  • অপ্ৰয়োজনীয় সামগ্ৰী জমা কৰি নাৰাখিব।
  • গছৰ ডালে ঘৰ বা ভঁৰাল স্পৰ্শ কৰিবলৈ নিদিব। এইবোৰৰ দ্বাৰা বগাই ভঁৰাল সোমাব পাৰে।
  • ডুলি, পাভতি আৰু খুঁটিত ৩০ ছেণ্টিমিটাৰ বহল এলুমিনিয়াম ৰেট-গাৰ্ড সংস্থাপন কৰক।
  • ফান্দ ব্যৱহাৰ কৰক।
  • সম্ভৱ হ’লে মেকুৰী পালন কৰক।

 

বৰ্ষাত মৌমাখিৰ বিশেষ যত্ন লওক

বৰ্ষাকালত ফুলৰ সংখ্যা কমি যোৱাৰ ফলত মৌমাখিয়ে প্ৰয়োজনীয় মধু আৰু ৰেণু সংগ্ৰহ কৰিব নোৱাৰে। ফলস্বৰূপে মৌবাহ দুৰ্বল হৈ পৰে। মৌবাহ শক্তিশালী কৰি ৰাখিবলৈ ২০০ গ্ৰাম গোটা মগু নিশাটো তিয়াই পিছদিনা ঠেতেলিয়াই ৰস উলিয়াই ১ লিটাৰ পানীত ৫০০ গ্ৰাম চেনি মিহলাই কৃত্ৰিম আহাৰ প্ৰস্তুত কৰি মৌবাহত দিব পাৰে। বৰষুণৰ পৰিমাণ অনুসৰি প্ৰতি সপ্তাহত এবাৰকৈ এই আহাৰ প্ৰয়োগ কৰিলে মৌবাহৰ স্বাস্থ্য ভাল থাকে আৰু মৌ উৎপাদনৰ সম্ভাৱনাও বৃদ্ধি পায়। 

 

পাচলি খেতিত আগতীয়াকৈ সাৱধান হওক

পাচলি ৰোপণৰ আগতেই মাটিখিনি ভালদৰে চহাই ল’লে মাটিৰ তলত থকা পলু, লেটা আৰু আন বহু ক্ষতিকাৰক পোক সূৰ্যৰ পোহৰ আৰু পৰভোজী চৰাইৰ দ্বাৰা ধ্বংস হয়।

ইয়াৰ উপৰিও—

  • পোক ও ৰোগ সহনশীল জাত বাছনি কৰক।
  • আক্ৰমণ হোৱা পুলিবোৰ আৰম্ভণিতে উভালি ধ্বংস কৰক।
  • সুষম মাত্ৰাত সাৰ প্ৰয়োগ কৰক।
  • অতিমাত্ৰা নাইট্ৰোজেনযুক্ত সাৰ ব্যৱহাৰ নকৰিব।
  • পৰ্যাপ্ত পটাছ সাৰ প্ৰয়োগে উদ্ভিদৰ স্বাভাৱিক প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
  • শস্যাৱৰ্তন অনুসৰণ কৰিলে বহু পোকৰ জীৱনচক্ৰ ভংগ হয় আৰু আক্ৰমণ কমে।

সমন্বিত ব্যৱস্থাপনাই সফলতাৰ মূলমন্ত্ৰ

বৰ্তমান সময়ত কেৱল কীটনাশকৰ ওপৰত নিৰ্ভৰশীল হোৱাটো উচিত নহয়। সমন্বিত কীট-পতংগ ব্যৱস্থাপনা (Integrated Pest Management–IPM) অনুসৰণ কৰিলেহে শস্য সুৰক্ষিত হোৱাৰ লগতে পৰিৱেশ, উপকাৰী পতংগ আৰু মানুহৰ স্বাস্থ্যও সুৰক্ষিত থাকে। নিয়মীয়া পথাৰ পৰিদৰ্শন, পৰভোজী পতংগ আৰু চৰাই সংৰক্ষণ, পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, সুষম সাৰ ব্যৱহাৰ আৰু প্ৰয়োজনসাপেক্ষে অনুমোদিত কীটনাশকৰ বিজ্ঞানসন্মত প্ৰয়োগ—এই সকলোবোৰ ব্যৱস্থা একেলগে গ্ৰহণ কৰিলেহে অধিক ফলপ্ৰসূ নিয়ন্ত্ৰণ সম্ভৱ।

 

উপসংহাৰঃ কৃষি হৈছে প্ৰকৃতিৰ সৈতে সমন্বয় সাধন কৰি কৰা এক জীৱন্ত ব্যৱস্থা। সময়মতে সঠিক ব্যৱস্থা গ্ৰহণ কৰিলে অধিকাংশ কীট-পতংগৰ আক্ৰমণ সহজেই নিয়ন্ত্ৰণ কৰিব পাৰি। কৃষকসকলে যদি নিয়মীয়াকৈ নিজৰ খেতি পৰিদৰ্শন কৰে, বিজ্ঞানসন্মত পৰামৰ্শ অনুসৰণ কৰে আৰু সমন্বিত কীট-পতংগ ব্যৱস্থাপনা গ্ৰহণ কৰে, তেন্তে উৎপাদন বৃদ্ধি, উৎপাদন ব্যয় হ্ৰাস আৰু অধিক লাভ নিশ্চিত হ’ব।

সচেতন কৃষকেই সফল কৃষক।

________________________________________

এই কৃষি পৰামৰ্শসমূহ অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগতত্ত্ব বিভাগৰ বিভিন্ন বিশেষজ্ঞৰ দিহা-পৰামৰ্শৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments