মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সংস্কৃতিৰ ভেটি গঢ়িলে নে তাৰ ৰূপান্তৰ আনিলে?
লেখক- শুভলক্ষ্মী বুঢ়াগোহাঁই
এটা আচহুৱা প্ৰশ্নৰে আৰম্ভ কৰিছো । এবাৰ ভাবি চাবলৈ মন নাযায়নে যে যদি শংকৰদেৱ নাথাকিলহেঁতেন তেন্তে আজিৰ অসমীয়া সমাজ আৰু সংস্কৃতিৰ ৰূপৰেখা কেনেকুৱা হ’লহেঁতেন? শংকৰদেৱে অসমীয়া সমাজ আৰু সংস্কৃতিক আচলতে কিমান গভীৰভাৱে সলনি কৰি থৈ গ’ল? প্ৰশ্নটো তেনেই সৰল যেন লাগিলেও কিন্তু ইয়াৰ উত্তৰ ইমান সহজ নহয় ৷
কিয়নো ইয়াৰ উত্তৰ দিবলৈ যোৱাৰ আগতে আমি ফঁহিয়াই চাব লাগিব ইয়াৰ আগৰ সময়ছোৱাৰ সমাজ-সংস্কৃতিৰ কথাখিনিও ৷ শংকৰদেৱে কোনো এখন সাংস্কৃতিক শূন্যভূমিত জন্ম লোৱা নাছিল । শংকৰদেৱৰ আগতো অসমত এখন সাংস্কৃতিক সমাজ আছিল ৷ বিভিন্ন জনগোষ্ঠীৰ নিজস্ব ভাষা, লোকাচাৰ, সংগীত, নৃত্য, ধৰ্মীয় বিশ্বাস আৰু সামাজিক পৰম্পৰাৰে অসম তেতিয়াও চহকী আছিল । শংকৰদেৱৰ আগতেও অসমত অসমীয়া ভাষা আৰু সাহিত্যৰ এক উল্লেখযোগ্য ইতিহাস আছিল । উদাহৰণস্বৰূপে —
১. হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত, হৰ-গৌৰী সংবাদ
২. হৰিবৰ বিপ্ৰৰ বব্ৰুবাহনৰ যুদ্ধ, লৱ-কুশৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ
৩. কবিৰত্ন সৰস্বতীৰ জয়দ্ৰথ বধ
৪. ৰুদ্ৰ কন্দলিৰ সাত্যকি-প্ৰৱেশ
৫. মাধৱ কন্দলিৰ সপ্তকাণ্ড ৰামায়ণ ইত্যাদি ৷
এই সকলোবোৰ প্ৰাক শংকৰী যুগৰ কবি ৷ এই কবিসকলে মূলতঃ পৌৰাণিক আখ্যান, মহাকাব্যৰ অনুবাদ আৰু ৰূপান্তৰৰ জৰিয়তে অসমীয়া সাহিত্যৰ ভেটি প্ৰতিষ্ঠা কৰিছিল। অৰ্থাৎ অসমীয়া সাহিত্যৰ যাত্ৰা ইতিমধ্যেই আৰম্ভ হৈ গৈছিল। কবি মাধৱ কন্দলিক প্ৰাক-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি ৰূপে আখ্যা দিয়া হয়। শংকৰদেৱে মাধৱ কন্দলিৰ সাহিত্যিক প্ৰতিভাক গভীৰভাৱে প্ৰশংসা কৰিছিল আৰু তেওঁক ‘অপ্ৰমাদী কবি’ নামেৰেও বিভূষিত কৰিছিল। এই মাধৱ কন্দলিয়ে ৰচনা কৰা সপ্তকাণ্ড ৰামায়ণ অসমীয়া সাহিত্যৰ প্ৰথমখন অনুবাদ মহাকাব্য। এই সপ্তকাণ্ড আছিল ক্ৰমে আদিকাণ্ড, অযোধ্যাকাণ্ড, অৰণ্যকাণ্ড, কিষ্কিন্ধ্যাকাণ্ড, সুন্দৰাকাণ্ড, লঙ্কাকাণ্ড আৰু উত্তৰাকাণ্ড ৷ কিন্তু সময়ৰ সোঁতত কন্দলিৰ এই মূল ৰামায়ণৰ আদি কাণ্ড আৰু উত্তৰ কাণ্ড কালৰ বুকুত হেৰাই গ’ল। পৰৱৰ্তী সময়ত শংকৰদেৱে নিজেই ৰামায়ণৰ উত্তৰ কাণ্ড অসমীয়ালৈ অনুবাদ কৰে আৰু প্ৰিয় শিষ্য মাধৱদেৱক আদি কাণ্ড অনুবাদ কৰিবলৈ দিয়ে৷ এইদৰেই দুয়োজন মহাপুৰুষৰ সন্মিলিত প্ৰচেষ্টাত কবি মাধৱ কন্দলিৰ সম্পূৰ্ণ ৰামায়ণখন উদ্ধাৰ হয়৷ অসমীয়া সাহিত্যলৈ ই এক ডাঙৰ অৱদান৷
ইয়াতে কথাটো মন কৰক — শংকৰদেৱে নিজেও তেওঁৰ পূৰ্বসূৰীৰ সাহিত্যকসকলক স্বীকাৰ কৰিছে৷ গতিকে শংকৰদেৱ আৰম্ভণি নহয়৷ যাত্ৰা পথৰ সংযোগী পথিকহে৷ কিন্তু এইজন সাধাৰণ পথিক নাছিল৷ তেওঁ আছিল ৰূপান্তৰৰ অগ্ৰদূত৷ অসমীয়া সমাজ আৰু সংস্কৃতিক ন-ৰূপেৰে সজাই বিকশিত আৰু চহকী কৰি তুলিব পৰা এজন যুগনায়ক৷ শংকৰদেৱৰ কৃতিত্ব তেওঁ কিমান গীত, নাট বা গ্ৰন্থ ৰচনা কৰিলে তাৰ ওপৰত নহয়; বৰং আধ্যাত্মিকতাৰ সূতাৰে মানুহৰ দৈনন্দিন তথা সাংস্কৃতিক জীৱনক একেলগে কেনেকৈ বান্ধি পেলালে তাতহে বিচাৰি পোৱা যায় ৷ তেওঁ ভক্তিক কেৱল শাস্ত্ৰৰ বিষয় কৰি নাৰাখি অনুভৱৰ বিভিন্ন উপাদানৰ মাধ্যমেৰে তাক সৰ্বসাধাৰণ মানুহৰ মাজলৈ লৈ আহিল ৷ তেওঁ বৰগীত ৰচনা কৰিলে ৷ হৃদয়ৰ ভক্তি গীতৰ মাজেৰে প্ৰকাশ পালে । সেই গীতৰ সৈতে তাল, ৰাগ, বাদ্য সংযোগ কৰি তেওঁ সংগীতৰ সৃষ্টি কৰিলে । সংগীতৰ সৈতে নৃত্য আৰু নাট আহিল । নাটৰ সৈতে সাজ-সজ্জা, মুখা আৰু মঞ্চ-পৰিৱেশনৰ শৈলী আহিল । ভাওনাৰ সৃষ্টি হ’ল ৷ এই মুখা শিল্পও কিন্তু শংকৰদেৱৰ আদি সৃষ্টি নহয় ৷ ইয়াৰ আগতেও অপৈনত আৰু অবিকশিত ৰূপত অসমীয়া সমাজত মুখাৰ ব্যৱহাৰ হৈ আহিছিল ৷ যেনে — ধাননিত চৰাই খেদাবলৈ ব্যৱহাৰ কৰা টেকেলি মুখৰ সঁজাটো, গছত মুখ নালাগিবলৈ তাত ওলোমাই দিয়া আঁক-বাক টেকেলিটো, শিশুৰ দৰা-কইনাৰ পুতলাবোৰ এই মুখাৰেই অপৈনত আৰু অবিকশিত ৰূপ আছিল ৷ শংকৰদেৱে মাথো তাৰেই আধাৰত এই অবিকশিত শৈলীক এক সুপৰিকল্পিত আৰু পৈনত শিল্পৰ ৰূপ দিলে ৷ নামঘৰ আৰু সত্ৰ প্ৰতিষ্ঠা হ’ল ৷ আৰু এই সকলোবোৰ শিল্প ভক্তি ৰসৰ মাধ্যম হৈ নামঘৰ আৰু সত্ৰৰ দৰে সমূহীয়া প্ৰতিষ্ঠানৰ সতে চিৰ দিনৰ বাবে ক্ৰমান্বয়ে মিহলি হৈ গ’ল ।
এতিয়া মনলৈ আকৌ এটা প্ৰশ্ন আহে — শংকৰদেৱ নথকা হ’লে তেন্তে অসমত সংগীতৰ কোনো ধাৰাই নাথাকিলহেঁতেন নেকি? নহয় ৷ অসমৰ লোকসংগীতৰ শিপাও বহুত পুৰণি আৰু গভীৰ । অসমীয়া সমাজত পৰম্পৰাগতভাৱে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ লোকগীতসমূহ অলিখিত ৰূপত চলি আহিয়েই আছিল ৷ কিন্তু সেইবোৰ আছিল মূলতঃ মানুহৰ দৈনন্দিন জীৱনৰ আবেগ-অনুভূতিৰ ওপৰত আধাৰিত লোক সংগীত ৷ নানান দেৱ-দেৱীৰ নামতো বহুবোৰ প্ৰাৰ্থনা সংগীত আছিল ৷ কিন্তু এক শৰণ নাম ধৰ্মৰ উদ্দেশ্য আগত ৰাখি শংকৰদেৱে কৃষ্ণ বন্দনাৰ ভক্তি গীতকহে প্ৰাধান্য দিলে আৰু এনেকৈয়ে লোকসংগীতৰ সমান্তৰালভাৱে অসমীয়া সংস্কৃতিত এক উচ্চ সংগীতৰ নতুন ধাৰা সংযোগ হ’ল ৷ ভক্তি ৰসেৰে বোৱা এই সংগীতৰ ধাৰাই নিজস্ব ৰাগ, সুৰ, তাল আৰু পৰিৱেশনৰ অনন্য শৈলী লৈ অসমীয়া সংগীতৰ ইতিহাসত এটা নতুন অধ্যায়ৰ সূচনা কৰিলে ।
ঠিক তেনেকৈয়ে শংকৰদেৱৰ আগতে অসমত পৰিৱেশনমূলক পৰম্পৰা নাছিল বুলি কোৱাটোও একেবাৰে সঠিক নহ’ব যদিও ই তেনেই প্ৰাচীন আৰু অপৈণত ৰূপত আছিল । অংকীয়া নাট আৰু ভাওনা শংকৰদেৱৰ এক সুপৰিকল্পিত আৰু পৈনত পৰিৱেশন শৈলীৰ নিদৰ্শনহে । শংকৰদেৱে ধৰ্মীয় কাহিনী, গীত, নৃত্য, অভিনয়, বাদ্য, পোছাক আৰু দৃশ্যমান উপাদানক একেলগে ব্যৱহাৰ কৰি প্ৰাচীন অপৈনত এক শিল্পক নতুনকৈ সজাই তাক এক শক্তিশালী ৰূপ দিলে । ফলত ধৰ্মীয় কাহিনীবোৰ কেৱল শ্ৰৱণৰ বিষয় হৈ নাথাকি ই চাব পৰা আৰু অনুভৱ কৰিব পৰা এক শিল্পলৈ উন্নীত হ’ল ।
নামঘৰ, সত্ৰসমূহ আধ্যাত্মিক চৰ্চাৰ লগতে সাংস্কৃতিক চৰ্চাৰো কেন্দ্ৰ হৈ পৰিল ৷ পৰৱৰ্তী কালত এই সত্ৰ আৰু নামঘৰসমূহৰ মাজেৰেই নৃত্য, গীত, নাট, ভাওঁনা, পাণ্ডুলিপি লিখা ইত্যাদি কৰ্মৰ বিকাশ ঘটিল । হেঙুল-হাইতাল আৰু প্ৰাকৃতিকভাৱে উপলব্ধ অন্যান্য ৰঙসমূহ ব্যৱহাৰ কৰি তেওঁ শ্ৰীকৃষ্ণ লীলাৰ চিত্ৰ আঁকিবলৈ শিকালে ৷ সেই সময়ৰ পাকৈত শিপিনী সকলক লৈ বৃন্দাৱনী বস্ত্ৰ তৈয়াৰ কৰিলে ৷ ইয়াৰ আধাৰ কিন্তু শংকৰদেৱে এইখন অসমতেই পাইছিল ৷ তাক পৰিকল্পিত আৰু পৰিশোধিত ৰূপত এক উন্নত শিল্পৰ শাৰীলৈ তুলিহে দিলে গুৰুজনাই ৷ আৰু কেৱল সেয়াই নহয়, এই শিল্পক ভক্তি ৰসেৰে বোৱাই তাক বিকশিত কৰাৰ লগতে সমাজত প্ৰচাৰ আৰু প্ৰচলনো কৰিলে ।
সেয়েহে মহাপুৰুষ শংকৰদেৱ কেৱল এজন ধৰ্মগুৰু নহয়; তেওঁ এজন সমাজ সংস্কাৰক ৷ এজন শিল্পী, সংস্কৃতিৰ সাধক আৰু এজন ৰূপান্তৰৰ নিপুণ খনিকৰ ৷ তেওঁ ভক্তিক মানুহৰ হৃদয় আৰু জীৱনৰ সৈতে বান্ধি থৈ গ’ল । জাতি-বৰ্ণ আৰু সামাজিক পৰিচয়ৰ প্ৰাচীৰ ভাঙি সকলোকে একেখন মজিয়াতে স্থান দি ঈশ্বৰ চিন্তাৰ পথ দেখুৱাই থৈ গ’ল৷ এয়াই আছিল তেওঁৰ মানৱতাবাদী সংস্কাৰৰ আটাইতকৈ সুন্দৰ নিদৰ্শন । ‘এক ঈশ্বৰ, এক শৰণ ভক্তি’ — এয়াই আছিল তেওঁৰ ধৰ্মৰ বাণী ৷
কোনো এটা সংস্কৃতি হ’ল এটা জাতিৰ বুকুৰ ধপধপনি । বহু যুগৰ অন্ততহে এনে এটা সংস্কৃতি গঢ় লৈ উঠে ৷ এটা প্ৰজন্মই সযতনে আন এটা প্ৰজন্মৰ হাতত ইয়াক তুলি দিলেহে সেই সংস্কৃতি জীয়াই থাকে । ইয়েই সময়ত পৰম্পৰাৰ ৰূপ লয় ৷ মহাপুৰুষজনাই আমাক এনে এটা জীৱন্ত পৰম্পৰাকে উপহাৰ দি গৈছে । ৰূপান্তৰেই হ’ল প্ৰকৃতিৰ নিয়ম ৷ এই ৰূপান্তৰতেই থাকে সৃষ্টিৰো নতুন বীজ ৷ গুৰুজনাই এই বীজকে সযতনে ৰোপন কৰি থৈ গ’ল আমাৰ বাবে ৷ আৰু এই বীজেই আজি এজোপা বৃহৎ বৃক্ষ হৈ সমগ্ৰ অসমীয়া জাতিৰ সমাজ আৰু সংস্কৃতিৰ গৌৰৱৰ পৰিচয় বাহক হ’ল ৷ সেয়েহে তেওঁ নমস্য, আৰাধ্য ৷ এজন পথ প্ৰদৰ্শক ৷ এটা পুণ্যাত্মা ৷
আজি গুৰুজনাৰ পুণ্য তিথিত তেখেতলৈ আমাৰ শত সহস্ৰ প্ৰণিপাত ৷
“জয় গুৰু শংকৰ সৰ্ব্ব গুণাকৰ
যাকেৰি নাহিকে উপাম।
তোহাৰি চৰণে ৰেণু শত কোটি
বাৰে বাৰে কৰোহোঁ প্ৰণাম॥”🙏
