ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

এই সংখ্যাৰ আঁৰত:- জুলাই ২০১৭(শাওণ, ১৯৩৯ শকাব্দ)

“অসমীয়াত কথা বতৰা” গোটৰ “সাহিত্য ডট অৰ্গ”ৰ এই সংখ্যাৰ সম্পাদনাৰ দায়িত্ব মোক অৰ্পণ কৰা বাবে মই কৃতজ্ঞ। “অসমীয়াত কথা বতৰা” গোটৰ সাধাৰণ সদস্য হিচাপে এই দায়িত্ব লৈ সংখ্যাটো সজোৱা কামখিনিত বহুকেইজনৰ আশীষ তথা সহায় সহযোগিতা লাভ কৰি ধন্য হৈছো।
এই সংখ্যাৰ আঁৰত প্ৰথমে নাম ল’ব লাগিব ‘অসমীয়াত কথা বতৰা গোট’ৰ স্থায়ী সম্পাদনা মণ্ডলীৰ।
বৰ্ণশুদ্ধিৰ ক্ষেত্ৰত মৃদুল কুমাৰ শৰ্মা, উৎপলা কৌৰ, ৰূপাংকৰ চৌধুৰী, ধ্ৰুৱজ্যোতি শৰ্মা, দিগন্ত কুমাৰ ভট্টাচাৰ্য্য, জ্যোতিৰূপম দত্ত, মৌচুমী বৰি, মিতালী বৰ্মন আৰু চবিনা ইয়াছমিনৰ শলাগ ল’লো।
বিভিন্ন দিশত সহায় কৰি, উৎসাহ দি, প্ৰয়োজনত হাতে কামে বিভিন্ন কথা শিকাই দিয়া মৃদুল কুমাৰ শৰ্মা, ৰূপাংকৰ চৌধুৰী, জ্যোতিৰূপম দত্ত, ড° লোচন শইকীয়া, ধ্ৰুৱজ্যোতি শৰ্মা, মিতালি বৰ্মন,ভাস্কৰজ্যোতি দাস,পংকজ বৰা আৰু দিগন্ত কুমাৰ ভট্টাচাৰ্য্যক ধন্যবাদ।
‘বেনাৰ’ , অলংকৰণ আৰু টেকনিকেল কামখিনিৰ বাবে জ্যোতিৰূপম দত্ত আৰু ৰূপাংকৰ চৌধুৰী, অলংকৰণৰ বিভিন্ন ছবিৰ বাবে হিৰণ্য শৰ্মা , কম সময়তে কাৰ্টুন আঁকি দিয়াৰ বাবে ৰিতুপৰ্ণ বৰা আটাইকে বহুত ধন্যবাদ ।

 

ইয়াৰ বাহিৰে মোৰ প্ৰতিজন শুভাকাংক্ষী, “অসমীয়াত কথা বতৰা”গোটৰ সমূহ সদস্য, নিজৰ লিখনিৰে আলোচনীখনক সমৃদ্ধ কৰা প্ৰতিজন লেখকক ধন্যবাদ ।
শেষত “সাহিত্য ডট অৰ্গ”ৰ প্ৰতিজন পাঠকক ধন্যবাদ , আপোনালোক আঁৰত নেথাকিলে গোটেই প্ৰস্তুতি বিফল।
ধন্যবাদেৰে,
হিমাংশু ভাগৱতী
সম্পাদক, সাহিত্য ডট অৰ্গ
১শাওণ,১৯৩৯ শক ( ১৮ জুলাই ২০১৭)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!