এই সংখ্যাৰ আঁৰত…. মাৰ্চ, ২০১৯

আবেলি বেলিৰ পোহৰে বৰনৈ বুকুত ৰচা ৰাঙলী আভাৰ সপোন যেন লগা ছবিখন চাই থাকোতেই ফোনটো বাজি উঠিল, সিফালৰ পৰা ক’লে, সেইয়া মৃদুল কুমাৰ শৰ্মা, সাহিত্য ডট অৰ্গৰ পৰা কৈছে । মোক ক’ত আছে বুলি সোধোতে ঠিক ব্ৰহ্মপুত্ৰৰ মাজত বুলি কোৱাত আশ্বৰ্য প্ৰকাশ কৰি ক’লে, মানে নদীৰ মাজতো নেটৱৰ্ক পায় ! পিছে তাতোকৈয়ো বহু বেছিকৈ আশ্বৰ্যাৱান্বিত হৈ পৰিলো যেতিয়া তেখেতে সাহিত্য ডট অৰ্গৰ দৰে উচ্চ মানবিশিষ্ট অনলাইন আলোচনীৰ চ’ত সংখ্যাৰ সম্পাদকৰ প্ৰস্তাৱ দিলে মোৰ দৰে অনভিজ্ঞ নিঃকিন লেখিকা এগৰাকীক । নতুন কিবা এটা শিকাৰ আগ্ৰহতেই সন্মতি দিছিলো প্ৰস্তাৱটিত যদিও শিকিবলৈ পালো নজনা নতুন কথাৰ মেটমৰা ভঁৰালসদৃশ, বিশেষকৈ শিকিলো ‘টিম স্পিৰিট’ কি বস্তু । এই আপাহতে “অসমীয়াত কথা বতৰা” গোটৰ প্ৰকাশক মণ্ডলী আৰু “সাহিত্য ডট অৰ্গ” ৰ সম্পাদনা মণ্ডলীলৈ যাচিলোঁ আন্তৰিক কৃতজ্ঞতা । পদে পদে দিহা-পৰামৰ্শ দি সহযোগ কৰা সৰ্বশ্ৰী মৌচুমী বৰি, মৃদুল কুমাৰ শৰ্মা, জ্যোতিৰূপম দত্ত, উৎপলা কৌৰ, মিতালী বৰ্মন, ৰাজশ্ৰী ধনদীয়া, হিতেশ্বৰ শৰ্মাৰ ওচৰত ঋণী হৈ ৰ’লো । অভিনন্দনেৰে সাহস যোগোৱা ‘অকবৰ’ সমূহ সদস্য-সদস্যাৰ ওচৰত কৃতজ্ঞ ৰৈ ৰ’লো, বিশেষকৈ যিসকল লেখক-লেখিকাই বিভিন্ন লেখাৰে এই ‘নাৰীশক্তি বিশেষ’ সংখ্যাটো সজাই তোলাত প্ৰাণ-সঞ্জীৱনী ঢালিলে । ভীষণ ব্যস্ততাৰ মাজতো অনুৰোধ ৰক্ষা কৰি লেখা পঠিওৱা সৰ্বশ্ৰী মানসী বৰা, দেৱাঞ্জন বৰঠাকুৰ, মামু দেৱী, মীনাক্ষী বৰুৱা, পাৰ্থ জ্যোতি বৰুৱা, ভাগ্যৱান কোঁৱৰকে প্ৰমূখ্য কৰি সদৌ লেখক-লেখিকালৈ যাচিলোঁ অশেষ ধন্যবাদ ।

জয়তু সাহিত্য ডট অৰ্গ
ধন্যবাদ ।
গায়ত্ৰী গোস্বামী অধ্যাপক
সম্পাদক, চ’ত সংখ্যা, সাহিত্য ডট অৰ্গ

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!