আপদীয়া পদ্য -হেমেন ডেকা


(১)
ভাবো ক’তনো দগৰি এসাজ খাবলৈ পাওঁ
বিনামূলীয়া খানা হ’লে দৌৰাদৌৰিকৈ যাওঁ

ভোজলৈ যাব লাগে আগত
মেলত একেবাৰে পিছত

খোৱাটো মুখ্য- তাৰ বাদে একো ভু-ভা নাপাওঁ৷

(২)
বহুতেই কয় আপোন ভালে জগত ভাল
ভালে পায় ভালক- জাবৰেই যে পায় খাল
ভালৰ হ’বই হ’ব জয়
বেয়াৰ হ’বই লয়-ক্ষয়
গ্ৰহৰ দোষতহে হেনো ভালে ভোগে জঞ্জাল৷

(৩)
নিজকে ভাবে তেৰাই বিয়াগোম পণ্ডিত
উঠা-বহা কৰে সদায় অভিজাত গণ্ডিত

দিয়ে পৰিচয় সমাজকৰ্মী
কথা-কাম বিপৰীতধৰ্মী

কথাৰে অসুৰক কৰিব খোজে ভূলুণ্ঠিত৷
(৪)
ৰাস্তাই-ঘাটে চিঞৰি জনাওঁ প্ৰতিবাদ
ৰাইজক আভুৱা ভাৰাসৱ মুৰ্দাবাদ

আমি সদাজাগ্ৰত প্ৰহৰী
উত্তাল কৰোঁ গাঁও-নগৰী

আমাৰ আন্দোলন বাৰমাহেই জিন্দাবাদ৷
(৫)
সোণৰ অসম এইবাৰ নিশ্চয়কৈ হ’ব
ডাল-ধদুৱায়ো কৰ্মসংস্থাপন পাব

আৰু নকৰোঁ আমদানি
পাতিম অলেখ কোম্পানী

নোৱাৰিলে ৰাজনীতি এৰিম- ভোটটো দিব!
(৬)
চিৰ-সহচৰ অনেক নন্দী-ভৃংগী
চমৎকাৰ তেখেতৰ ভাব-ভংগী

ব্যস্ততা সীমাহীন
আহিব ভাল দিন

অতি আশাবাদীবোৰে যুঁজৰ সংগী৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!