একলব্য – ‪‎সংগীতা‬‬ মেধি

সৰাপাতৰ তলৰ খণ্ড-বিখণ্ড জড়তা নিঃশেষ কৰা এধানি পোহৰ
বীৰৰ সাধনা
এটা আঙুলিৰ খণ্ডনত শেষ নহ’য়

বীৰৰ ঘোষণা যুঁজাৰু হোৱা সহজ
কিন্তু
মৃত্যুঞ্জয়ী কবচৰে আজীৱন অপ্ৰতিৰোধ্য জীৱন সেনানী হোৱা !
সহজ নহয় অখণ্ড কৰি ৰখা প্ৰেৰণা
এন্ধাৰত খুপি খুপি এটা বাট সাজা
আৰু প্ৰত্যয়ক সাৰথি কৰি আগবাঢ়া

বীৰে বিচৰা একোৱে সহজ নহয়
তথাপি
মেলা চকুত দুলি থকা লক্ষ্যক
আজুৰি অনা প্ৰয়াস শেষ নহয়
বীৰৰ বাবে সেয়ে পাথেয়
গৈ থাকা ,গৈ থাকা
আৰু অবিচল হৈ থাকা

গভীৰত হেজাৰ দ্ৰোণ সাজা
আৰু সংগোপনে
লালন কৰা অমোঘ অস্ত্ৰ ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!