নিশাৰ সুৰভি – মাণিক শইকীয়া
গধূলিৰ বেলিকা পাৰ হওঁ হওঁকৈ এই আয়োজন
কোটি কোটি তৰাবোৰে অবিৰাম চকু টিপিয়াই
হাত বাউলি মাতি আছে
ধৰাৰ বুকুত এতিয়া নিৰ্জনতাই ছানি ধৰিছে ক্ৰমশ:
পোনাকণৰ মাকে নিচুকাইছে কন্দাৰ পৰত
‘শিয়ালী এ নাহিবি ৰাতি
তোৰে কাণে কাটি দিমেগৈ বাতি ‘
হাত-ভৰি কুচি-মুচি
পোনাকণ সোমাই পৰিছেহি মাকৰ বুকুৰ মাজত
মই আৰু আনবিলাক শুই পৰিছো টোপনিৰ বুকুত
দিনটোৰ ভাৱৰ বুৰবুৰণিৰ মাজত
আকাশৰ তৰাবোৰ আৰু নৈশ কৰ্মচাৰীবোৰক বাদ দি
গোটেই পৃথিৱীখনেই হয়তু শুই পৰিছে নিৰ্জনতাত
গছ-বনবোৰ এতিয়া অ-সেউজীয়া
ঘোপমৰা এন্ধাৰত বাঁহনিৰ মাজে মাজে
এজাক জোনাকীপৰুৱাই নাচি ফুৰিছেহি
বাদুলি এটাই মাজতে আহি সিহঁতক সঙ্গ দিছেহি
জোনাক ৰাতি জোনাকীবোৰে এনেদৰে নাচিব নোখোজে
হয়তু জোনাকৰ স’তে সিহঁতৰ আছে কিবা অভিমান (!)
খোলা খিৰিকী এখনৰ কাষত ৰৈ
বন্দী কৰিছো মই এই সমগ্ৰ দৃশ্যৰাজি
থাপ মাৰি আনিব পাৰো কিজানি একাঁজলি জোনাক !
কঁপি কঁপি গৈ জোনাক যেতিয়া পূৱমূৱা হয়
নিশাৰ সুৰভিৰ ইতি পৰে পক্ষীগণৰ ৰাৱত ৷