একাঁজলি আশীৰ্বাদৰ ফুল সিঁচি—পল্লৱী শৰ্মা
ৰজনীগন্ধাৰ দৰে ফুলি সুগন্ধি বিলাবলৈ
মোক তোমালোকে অভিশাপ দিলা নে আশীৰ্বাদ
অভিশাপ বুলি কিয় ক’লো জানা (! )
মই যে কেতিয়াও নুফুলিমেই
জীৱনৰ চাকনৈয়াত পৰি তিতা মিঠাৰ
সোৱাদ লৈ লৈ মই আজি ভাগৰুৱা
সমাজৰ প্ৰতি জনেই একো একোজন ভাৱৰীয়া
মাথোঁ সময়ে কয়, কি ভাও দি
নিজৰ পৰিচয় নিশ্চিত কৰিব।
ঢিমিকি-ঢিমিকি জ্বলা আৰু নুমোৱাৰ খেলা
কেতিয়াবা সুখ, কেতিয়াবা দুখ
এনেদৰে পৰিপূৰ্ণ আমিবোৰ
একো একোজন মানুহ।
জন্মতে এপাহি শুভ্ৰ ফুল হৈ জন্মা
কোনো কলুষতা বুজি নোপোৱা
অথচ সমাজে সিঁচি দিয়া
ৰঙতে ৰাঙলী হওঁ ৰঙা, নীলা, হালধীয়া
ভাবৰ বুৰবুৰণিত নিজকে লুকুৱাই
কেতিয়া জানো আন্ধাৰৰ কৰাল গ্ৰাসত সুমুৱাই পৰো
নিজক হেৰুৱাৰ ভয়ত নিজেই নিজেই হেৰাই যাওঁ।
মনৰ আন্ধাৰখিনি নোহোৱা কৰিও
কৰিব নোৱাৰাৰ দুখত
আকাশৰ বিশালতাখিনি সাৱতি ধৰিও
ধৰিব নোৱাৰাৰ দুখত
পৰি ৰ’লো পাখি ভগা পক্ষীৰ দৰে
মৃত্যুৰ দুৱাৰ-ডলিত…
তথাপিও কৈছোঁ, পাৰা যদি একাঁজলি আশীৰ্বাদৰ
ফুল সিঁচি দিবা মোক বিদায়
ধোঁৱাৰ লগে লগে সুগন্ধি বিয়পাই
জীৱনৰ শংকাবোৰক দিম বিদায়। ।