একাদশ খণ্ড: ৰাস-ক্রীড়া
৷৷ একাদশ খণ্ড৷৷
৷৷ ৰাস–ক্রীড়া৷৷
৷৷ প্ৰথম কীৰ্ত্তন৷৷
ঘোষা৷৷
বোল হৰি ৰাম মুকুন্দ মুৰাৰি৷
বিনা হৰিনামে ভৱ তৰিতে নপাৰি৷৷৬৮৷৷
পদ৷৷
শুকমুনি বদতি শুনিয়ো পৰীক্ষিত৷
কহো ৰাসক্রীড়া কথা কৃষ্ণৰ চৰিত৷৷
শৰত কালৰ ৰাত্ৰি আতি বিতোপন৷
ৰাসক্রীড়া কৰিতে কৃষ্ণৰ ভৈলা মন৷৷৮০৭৷৷
ভৈলন্ত উদিত চন্দ্ৰ পূৰ্ব্ব দিশ হন্তে৷
কামাতুৰা স্ত্ৰীৰ যেন সন্তাপ মাৰ্জ্জন্তে৷৷
অখণ্ডমণ্ডল চন্দ্ৰ দেখিলন্ত হৰি৷
কুঙ্কমে অৰুণ লক্ষ্মী মুখপদ্ম সৰি৷৷৮০৮৷৷
বনকো দেখিলা চন্দ্ৰ ৰশ্মিয়ে ৰঞ্জিত৷
সুস্বৰ মধুৰ কৰি হৰি গাইলা গীত৷৷
শুনি কামে উত্ৰাৱল হুয়া গোপীগণে৷
দিলেক লৱড় গীত ধ্বনি নিৰীক্ষণে৷৷৮০৯৷৷
কৰ্ণত কুণ্ডল দোলে বেগত হান্ঠিতে৷
চিত্তত ধৰিলা কৃষ্ণে চলে অলক্ষিতে৷৷
কতো গোপী যায় গাই দোহনক এড়ি৷
আখাতে থাকিল দুগ্ধ চৰু সৈতে পড়ি৷৷৮১০৷৷
পীয়ন্তে আছিল শিশু তাহাকো নগণি৷
পতি শুশ্ৰূষাকো এড়ি যায় কতোজনী৷৷
কতো গোপী আছিল স্বামীক পৰশন্তে৷
আধা ভুঞ্জা হুয়া কতো যায় লৱড়ন্তে৷৷৮১১৷৷
কৃষ্ণৰ শ্ৰৱণে যেন হৰিদাসগণে৷
এড়ে কাম্য কৰ্ম্ম সৱে তদগত মনে৷৷
কৃষ্ণে হৰিলন্ত চিত্ত হৰাইল চেতন৷
পিন্ধয় পাৱত নিয়া ৰত্নৰ কঙ্কণ৷৷৮১২৷৷
হাতত নূপুৰ আড়ৈ কঙ্কালত হাৰ৷
কৰি বিপৰ্য্যয় পিন্ধৈ বস্ত্ৰ অলঙ্কাৰ৷৷
তথাপি কৃষ্ণক পাইলা গোপিকাসকল৷
ভকতৰ কৰ্ম্ম যেন নভৈল বিফল৷৷৮১৩৷৷
নিবাৰয় পতি পিতৃ১১৯ ভ্ৰাভৃ আগ ভেণ্টে৷
গোৱিন্দে হৰিল চিত্ত তথাপি নুলটে৷৷
বিমোহিত হুয়া সৱে লৱড়ে গোপিনী৷
হৰি ভকতক যেন নলন্দ্ৰে বিঘিনি৷৷৮১৪৷৷
যাইবে নপাই গৃহমধ্যে কতো গোপীগণ৷৷
মনে ধৰি কৃষ্ণক কৰিল আলিঙ্গন৷৷
অনেক জন্মৰ কৰ্ম্মবন্ধ কৰি ক্ষীণ৷
এড়ি তনু তেখনে কৃষ্ণত গৈল লীন৷৷৮১৫৷৷
পুছে পৰীক্ষিতে শুনি মিলিল সংশয়৷
জাৰ বুদ্ধি মাধৱক সেৱৈ গোপীচয়৷৷
তথাপি মোক্ষক পাইলে কিনো বিপৰ্য্যয়৷
বোলা হৰি হৰি হৌক পাপৰ প্ৰলয়৷৷৮১৬৷৷
৷৷দ্বিতীয় কীৰ্ত্তন৷৷
ঘোষা৷৷
ভৱহাৰী হৰি তাৰহু মুকুন্দ মুৰাৰি৷
জনম মৰণ ক্লেশ সহিতে নপাৰি৷৷৬৯৷৷
পদ৷৷
শুক নিগদতি ৰাজা শুনা মহাশয়৷
গোপিকাৰ মোক্ষ দেখি নুহিবা বিস্ময়৷৷
দ্বেষ কৰি শিশুপালে লভিল মুকুতি৷
বুদ্ধিক নাপেক্ষে মহৌষধিৰ শকতি৷৷৮১৭৷৷
বিষ বুলি অমৃতক পিলে যিটো নৰ৷
নুহিবেক হেন জানা অজৰ অমৰ৷৷
যেন তেন মতে মাত্ৰ স্মৰোক সতত৷
এতেকে মুকুতি পাৱে কহিলো বেকত৷৷৮১৮৷৷
ব্ৰহ্মাদিৰো ঈশ কৃষ্ণ প্ৰভু ভগৱন্ত৷
যাত হন্তে পাৱৈ মোক্ষ স্থাৱৰ পৰ্য্যন্ত৷৷
নিৰপাৰ হৰিৰ ভকতি নুহি বৃথা৷
গোপী গোপালৰ আৱে শুনা পাছ কথা৷৷৮১৯৷৷
যেৱে সৱে সমীপ পাইলেক গোপনাৰী৷
তাসম্বাক বাক্যে মোহি বুলিলা মুৰাৰি৷৷
কুশলে কি আইলা কৈয়ো ব্ৰজৰ কল্যাণ৷
প্ৰিয় কৰ্ম্ম কৰো কিবা কহিয়ো নিদান৷৷৮২০৷৷
দুৰ্ঘোৰ ৰজনী প্ৰেত পিশাচৰ গতি৷
ঐত নথাকিবা তোৰা সৱ তিৰীমতি৷
তোমাসাক নেদেখিয়া পিতৃমাতৃচয়৷
তাসম্বাৰ মনে মহা মিলিব সংশয়৷৷৮২১৷৷
দেখিলাহা ইটো বিকশিত বৃন্দাবন৷
শশাঙ্কে ধৱল নৱ পল্লৱে শোভন৷৷
উলটি ব্ৰজক যাহা কান্দে শিশুগণ৷
তাসম্বাক প্ৰতিপালি পিয়ায়োক স্তন৷৷৮২২৷৷
উপপতি সমে ক্রীড়া গৰিহিত কৰ্ম্ম৷
স্বামীৰ শুশ্ৰূষা কুলস্ত্ৰীৰ মহাধৰ্ম্ম৷৷
যদিবা আহ্মাক স্নেহে আইলা গোপীগণ৷
মোক আৱে দেখিলা সিজিল প্ৰয়োজন৷৷৮২৩৷৷
বিদূৰতে থাকি কৰৈ শ্ৰৱণ কীৰ্ত্তন৷
বাঢ়ৈ মোত ভকতি নিৰ্ম্মল হোৱে মন৷৷
দেখন্তে শুনন্তে সদা হেলা হোৱে মতি৷
জানিয়া গৃহতে থাকি কৰিও ভকতি৷৷৮২৪৷৷
কৃষ্ণৰ বিপ্ৰিয় বাণী শুনি গোপীগণ৷
পাইলন্ত দুৰন্ত চিন্তা বিষণ্ণ১২২ বদন৷৷
ওলমাইল মুখ আতি পাইয়া দুঃখ বৰ৷
সঘনে নিশ্বাস কাঢ়ে শুখাইল অধৰ৷৷৮২৫৷৷
কুচৰ কুঙ্কুম মানে লোতকে তিতিল৷
থাকিল নিচুকি মুখে বচন হৰিল৷৷
চৰণে ভূমিক লেখে দেখে তমোময়৷
বোলা হৰি হৰি হৌক পাপৰ প্ৰলয়৷৷৮২৬৷৷
৷৷তৃতীয় কীৰ্ত্তন৷৷
ঘোষা৷৷
গোপাল কৃষ্ণ কৰহু ত্ৰাণ৷৷
তোহ্মাক নেদেখি নসহে প্ৰাণ৷৷৭০৷৷
পদ৷৷
শোকক তম্ভায়া গোপীসকলে৷
মলচিলা মুখ আখি আঞ্চলে৷৷
গদগদ মাত মুখে নোহ্লায়৷
বুলিবে লাগিলা কৃষ্ণক চাই৷৷৮২৭৷৷
ভকত বৎসল তোহ্মাক জানি৷
কেনে বোলা হেন ঘাতুক বাণী৷৷
সমস্ত বিষয় এড়িয়া স্বামি৷
ভজিলো তোহ্মাৰ চৰণে আমি৷৷৮২৮৷৷
ভজিয়ো আহ্মাক মিলোক ভাগ৷
নকৰা নাথ ভকতক ত্যাগ৷৷
কহিলা যিটো কুলস্ত্ৰীৰ কৰ্ম্ম৷
তোহ্মাতে থাকোক সিসৱ ধৰ্ম্ম৷৷৮২৯৷৷
জগতৰে বন্ধু আতমা তুমি৷
সমস্ত ধৰ্ম্মৰ আপুনি ভূমি৷৷
তুমি আত্মা হেন জানি সম্প্ৰতি৷
তোমাতেসে কৰে ভকতে ৰতি৷৷৮৩০৷৷
নলাগৈ পতি পুত্ৰ দুঃখহেতু৷
হুয়োক প্ৰসন্ন গৰুড়কেতু৷৷
কৰিছো আশা যিটো চিৰকাল৷
নকৰিও তাক ভঙ্গ গোপাল৷৷৮৩১৷৷
হৰিলা চিত্ত নথাকয় ঘৰে৷
হস্ত দুই গৃহকৃত্য নকৰে৷৷
তোহ্মাক এড়িয়া নচলৈ ভৰি৷
ব্ৰজক গৈয়া কি কৰিবো হৰি৷৷৮৩২৷৷
জ্বলৈ কামানল তোহ্মাৰ গীতে৷
নুমায়োক তাক অধৰামৃতে৷৷
নুহি বিৰহতে দহিয়া তনু৷
লভিবো তোমাৰ সমীপ পুনু৷৷৮৩৩৷৷
হুয়োক প্ৰসন্ন জগনিৱাস৷
সৱ তেজি কৈলো তোহ্মাতে আশ৷৷
নমাৰা পুৰিয়া ঈষত হাসি৷
পুৰুষভূষণ কৰিয়ো দাসী৷৷৮৩৪৷৷
অলকা আবৃত তোহ্মাৰ মুখ৷
অধৰ সুধাক দেখন্তে সুখ৷৷
ভ্ৰুৱযুগ তযু ঈষত হাসি৷
দেখি তাক প্ৰভু ভৈলোহো দাসী৷৷৮৩৫৷৷
তোহ্মাৰ শুনিয়া অমৃত গীত৷
নুহিবে মোহ কোন স্ত্ৰীৰ চিত্ত৷৷
আছোক আন বৃক্ষ পশু পক্ষী৷
প্ৰেমে পুলকিত তোহ্মাক দেখি৷৷৮৩৬৷৷
দেৱৰ ৰক্ষক যেন মুৰাৰি৷
ব্ৰজৰো তুমি দুঃখ ভয়হাৰী৷৷
জানিয়া জুৰায়ো আহ্মাৰ প্ৰাণ৷
শিৰত হস্তপদ্ম দিয়া দান৷৷৮৩৭৷৷
কামে বশ্য হুয়া গোপী যতেক৷
বুলিলা বিহ্বল বাক অনেক৷৷
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷
বোলা হৰি হৰি সমস্ত জনে৷৷৮৩৮৷৷
৷৷চতুৰ্থ কীৰ্ত্তন৷৷
ঘোষা৷৷
গোৱিন্দ দেৱ বিনে নাহি কেৱ৷
গোৱিন্দ দেৱ গোৱিন্দ দেৱ৷৷৭১৷৷
পদ৷৷
গোপীৰ শুনিয়া আকুল বাণী৷
ভৈলন্ত সদয় সাৰঙ্গপাণি৷৷
হাসিয়া বোলন্ত এৰিয়ো তাপ৷
গোপীক ক্রীড়িলা জগত বাপ৷৷৮৩৯৷৷
কৃষ্ণৰ সদয় দৃষ্টিক দেখি৷৷
প্ৰফুল্লমুখী ভৈলা সৱে সখী৷৷
দৰশাই লীলা ভাৱ ভ্ৰূভঙ্গে৷
কৃষ্ণক চৌভিতি বেঢ়িলা ৰঙ্গে৷৷৮৪০৷৷
গোপীৰ মধ্যে শোভে দামোদৰ৷
তাৰাৰ মধ্যে যেন শশধৰ৷৷
গলত অম্লান পঙ্কজমালা৷
বেঢ়িয়া গুণ গাৱৈ গোপবালা৷৷৮৪১৷৷
আপুনি গাৱন্ত গীত মোহন৷
ফুৰন্ত ৰঞ্জি দিব্য বৃন্দাবন৷৷
যমুনা বালি দেখি সুকোমল৷
পদ্মগন্ধি বাত আতি শীতল৷৷৮৪২৷৷
গোপীগণ লৈয়া নামিলা তাত৷
কৰিলা ক্রীড়া কৃষ্ণে অসংখ্যাত৷৷
বাহুমেলি কাকো আলিঙ্গি ধৰি৷
কাৰো স্তন নখে পৰশৈ হৰি৷৷৮৪৩৷৷
মুখ চায়া কাৰো তোলন্ত হাস৷
মাতন্ত কাকো কৰি পৰিহাস৷৷
লন্ত বস্ত্ৰ কাঢ়ি বঢ়ায়া ৰঙ্গ৷
বেকত কৰন্ত গুপুত অঙ্গ৷৷৮৪৪৷৷
ধৰিয়া কাৰো কণ্ঠে বাহু মেলি৷
কৰিলা অনেক অনঙ্গ কেলি৷৷
আনন্দে গোপীৰ বঢ়ায়া কাম৷
ৰমিলা গোপীনাথ আৱিশ্ৰাম৷৷৮৪৫৷৷
কৃষ্ণত হন্তে মহামান পায়া৷
বুলিলা গৰ্ব্বে সৱে গোপজায়া৷৷
আমাৰ সম সুভাগিনী নাই৷
ভৈলন্ত অধীন যাদৱৰায়৷৷৮৪৬৷৷
গোপীৰ মহা অহম্মম ভাৱ৷
দেখি নসহিলা কৃষ্ণৰ গাৱ৷৷
তাসম্বাৰ দৰ্প্প হৰিবে মনে৷
ভৈলা অন্তৰ্দ্ধান তৈতে তেখনে৷৷৮৪৭৷৷
কৃষ্ণক নপাই পাছে গোপীচয়৷
মিলিল সন্তাপ ভৈলন্ত ভয়৷৷
যেন যূথপক নেদেখি বনে৷
কান্দৈ আৰ্তৰাৱে হন্তিনীগণে৷৷৮৪৮৷৷
কৃষ্ণৰ সদয় কটাক্ষ হাসে৷
মোহন আলাপ গতি বিলাসে৷৷
হৰিল চিত্ত পাসৰিল মৰ্ম্ম৷
কৰিবে লাগিলা কৃষ্ণৰ কৰ্ম্ম৷৷৮৪৯৷৷
কৃষ্ণৰ ঠানে কৰৈ লীলাগতি৷
সদয় হাস্যে চাৱৈ কাকো প্ৰতি৷৷
মঞিসে কৃষ্ণ দেখ গোপীগণ৷
অন্যোঅন্যে গোপী বোলৈ বচন৷৷৮৫০৷৷
একত্ৰ হুয়া মহাপ্ৰেমভাৱে৷
গোৱিন্দ গুণ গাৱৈ আৰ্ত্তৰাৱে৷৷
বিচাৰি ফুৰৈ সিটো বৃন্দাবনে৷
কৃষ্ণ কৃষ্ণ বুলি উন্মত্ত মনে৷৷৮৫১৷৷
যিটো হৰি আছা জগত ব্যাপি৷
বৃক্ষত তাঙ্ক সোধে পাশ চাপি৷৷
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷
বোলা হৰি হৰি সমস্তজনে৷৷৮৫২৷৷
৷৷পঞ্চম কীৰ্ত্তন৷৷
ঘোষা৷৷
কৈত পাইবো প্ৰাণ গোপাল আমি৷
হৰাইল অৰুণলোচন স্বামী৷৷৭২৷৷
পদ৷৷
উচ বৃক্ষ দেখি সোধৈ সাদৰি৷
শুনিয়ো অশ্বত্থ বট পাকড়ি৷৷
যাহন্তে দেখিলা নন্দকুমাৰ৷
নেন্ত চুৰি কৰি চিত্ত আমাৰ৷৷৮৫৩৷৷
হে কুৰুবক অশোক চম্পা৷
কহিয়ো কথা কৰা অনুকম্পা৷৷
মানিনীৰ দৰ্প কৰিয়া চূড়৷
জানাহা কৃষ্ণ যান্ত কত দূৰ৷৷৮৫৪৷৷
ওবা তুলসী সমিধান দিয়া৷
তুমি গোৱিন্দৰ চৰণপ্ৰিয়া৷৷
যাহন্তে দেখিলা নন্দকুমাৰ৷
প্ৰাণতো অধিক প্ৰিয় আহ্মাৰ৷৷৮৫৫৷৷
হে জাই যূথী সখী মালতী৷
কৃষ্ণ পৰশে কি লভিলা গতি৷৷
সমস্তে গোপীৰ জীৱন ধন৷
দেখিলা যাহন্তে নন্দনন্দন৷৷৮৫৬৷৷
হে আম জাম বেল বকুল৷
নাহি উপকাৰী তোহ্মাৰ তুল৷৷
কৃষ্ণৰ বিৰহে দেখো আন্ধাৰ৷
কোৱা কৈক গৈল প্ৰাণ আহ্মাৰ৷৷৮৫৭৷৷
কিনো তপ ওবা কৰিলা ভূমি৷
কৃষ্ণৰ চৰণ পৰশি তুমি৷৷
মিলি আছৈ আতি আনন্দ ভাৱ৷
দেখো ৰোমাঞ্চিত তোহ্মাৰ গাৱ৷৷৮৫৮৷৷
পূৰ্ব্বতো বৰাহে আছৈ আলিঙ্গি৷
তুমি সৰ্ব্বকালে কৃষ্ণৰ সঙ্গী৷৷
দেখিছা কৃষ্ণক জানো নিশ্চয়৷
কহিয়ো আহ্মাত হুয়া সদয়৷৷৮৫৯৷৷
মৃগপত্নী সখী দেখিলা হৰি৷
তোহ্মাৰ নেত্ৰৰ আনন্দকাৰী৷৷
যান্ত প্ৰিয়া সমে গতি বিলাসে৷
হেৰ কুন্দ গন্ধ কুঙ্কুম বাসে৷৷৮৬০৷৷
কতো গোপী বোলৈ শুনিয়ো বাণী৷
লতাত কৃষ্ণৰ পুছা কাহিনী৷৷
কৃষ্ণৰ নখৰ পৰশ পাই৷
দেখো পুলকিত সমস্তে কায়৷৷৮৬১৷৷
বোলৈ বাক্য সৱে উন্মত্তভাৱে৷
কৃষ্ণক বনত বিচাৰি চাৱে৷৷
কৃষ্ণগুণ গান্তে প্ৰেম উপজৈ৷
কৃষ্ণতে মন সমুদায় মজৈ৷৷৮৬২৷৷
সমস্তে বিহ্বল হুয়া গোপিনী৷
কৰৈ কৃষ্ণলীলা কতো আপুনি৷৷
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷
বোলা হৰি হৰি সমস্ত জনে৷৷৮৬৩৷৷
৷৷ষষ্ঠ কীৰ্ত্তন৷৷
ঘোষা৷৷
বন্দো মন্দৰধাৰী৷
গতি মতি মোৰ তুমি মুৰাৰি৷৷৭৩৷৷
পদ৷৷
পূতনাৰ বেশে কতোজনী দেয় স্তন৷
কতো শিশুকৃষ্ণ হুয়া শোষয় জীৱন৷৷
কতোগোপী থাকৈ হেন শকট আকাৰে৷
কৃষ্ণ হুয়া ওভতাৱৈ চৰণ প্ৰহাৰে৷৷৮৬৪৷৷
কতো গোপী বসৈ শিশুকৃষ্ণৰূপ ধৰি৷
তৃণাৱৰ্ত্ত হুয়া কতো গোপী নেয় হৰি৷৷
কৃষ্ণ হুয়া কেহোজনী ফুৰৈ আণ্ঠুকাঢ়ি৷
কঙ্কালত ঘাঘৰ-ঘুঘুৰা কৰৈ শাৰী৷৷৮৬৫৷৷
কতো কতো হুই ৰাম কৃষ্ণ দুই ভাই৷
কতো বৎস হুই তাকে ফুৰন্ত চৰাই৷৷
কতো গোপী বক যেন চুম্পি থাকৈ ভিৰি৷
কৃষ্ণ হুয়া কতোজনী তাঙ্ক মাৰৈ ছিৰি৷৷৮৬৫৷৷
কতোজনী কৃষ্ণ হুয়া বাৱৈ বাংশী তুলি৷
বেঢ়িয়া প্ৰশংসে কতো ধন্য ধন্য বুলি৷৷
বাংশীৰ নিসানে গাই ডাকৈ নাম ধৰি৷
কতো গোপীগণ আসৈ হাম্বাৰাৱ কৰি৷৷৮৬৭৷৷
কতোজনী বাহু থৈয়া গোপিকাৰ গলে৷
কৃষ্ণময় হুয়া কতো আনন্দতে চলে৷৷
জান গোপীগণ মই কৃষ্ণ যদুপতি৷
দেখ দেখ ইটো মোৰ কেন লীলাগতি৷৷৮৬৮৷৷
নকৰিবা ভয় বুলি কতো গোপী মাতে৷
মই কৃষ্ণ আছো কি কৰিবে বৃষ্টি বাতে৷৷
গাঁৱৰ আঞ্চল তুলি থাকৈ এক কৰে৷
ধৰিলো মন্দৰ হেৰ চাপ নিৰন্তৰে৷৷৮৬৯৷৷
কেহো বোলে কালি দমো মই যদুনাথে৷
ভৰি দিয়া উঠে কতো গোপিকাৰ মাথে৷৷
সত্ত্বৰে অন্তৰ ঐৰ সৰ্প দুৰাচাৰ৷
দুষ্টক দণ্ডিবে লাগি মোৰ অৱতাৰ৷৷৮৭০৷৷
কেহোজনী বোলৈ আৱে দেখা গোপীচয়৷
বনজুই বেঢ়িলেক মিলিল সংশয়৷৷
চক্ষু মুদি থাকা সৱে সাধিবো কল্যাণ৷
মঞি কৃষ্ণে এতিক্ষণে নিবো নিজস্থান৷৷৮৭১৷৷
কেহো বোলৈ দেখ দেখ দধিৰ বিলাই৷
ভাণ্ড ভঙ্গা কৃষ্ণক ধৰিলো খেদি পাই৷
আউৰ যেন নখাস লৱণু চুৰি কৰি৷
উডুখলে বান্ধৈ কেহো গোপিকাক ধৰি৷৷৮৭২৷৷
এহিমতে কৃষ্ণচেষ্টা কৰৈ গোপীগণে৷
কৃষ্ণক খোজন্তে ফুৰৈ পশি বৃন্দাবনে৷৷
দেখিল কৃষ্ণৰ খোজচয় পৃথিৱীত৷
ধ্বজ বজ্ৰ পঙ্কজ অঙ্কুশে অলঙ্কৃত৷৷৮৭৩৷৷
পাছে সৱে গোপিকা পঞ্জাল নেয় গুড়ি৷
দেখৈ কৃষ্ণখোজে স্ত্ৰীৰ খোজ আছে পৰি৷৷১২৫
দেখি দুঃখে অধিক আকুল ভৈল মন৷
বোলা হৰি হৰি আছে যাৱত চেতন৷৷৮৭৪৷৷
৷৷সপ্তম কীৰ্ত্তন৷৷
ঘোষা৷৷
আৰ নেদেখিবো ৰে জীৱেৰ জীৱন বনমালী৷
কোথা গৈল গোপাল হৃদয়ে অগ্নি জালি৷৷৭৪৷৷
পদ৷৷
দেখ সখী খোজে কোন জনী যায় সঙ্গে৷
কৃষ্ণৰ কান্ধত হাত দিয়া লীলা ৰঙ্গে৷৷
নিশ্চয়ে জানিলো আৰাধিলে দেৱ হৰি৷
তাইক লগে নেন্ত আমি সমস্তকে এড়ি৷৷৮৭৫৷৷
দেখা সখীসৱ ধন্য কৃষ্ণপদধূলি৷
ব্ৰহ্মা হৰে শিৰে ধৰৈ শুদ্ধ হঞো বুলি৷৷
আসা আমি কৰো এহি ধূলা অভিষেক৷
দেখিবো পৱিত্ৰ হুয়া কৃষ্ণক প্ৰত্যেক৷৷৮৭৬৷৷
আউৰ জনী বোলৈ কিবা কহ গোপীগণ৷
তাইৰ খোজ দেখিয়া আকুল কৰৈ মন৷৷
কৃষ্ণৰ অধৰামৃত সৰ্ব্বস্ব সৱাৰে৷
চুৰি কৰি নিয়া তাই ভুঞ্জে একেশ্বৰে৷৷৮৭৭৷৷
আৱে ঐত তাইৰ খোজ নাকলিয়া ভালে৷
তৃণে বিন্ধিলেক সুকোমল ভৰিতলে৷৷
প্ৰাণতো অধিক প্ৰিয়া দুঃখ পাৱৈ বুলি৷
কোলাত লইয়া যান্ত আলগাই তুলি৷৷৮৭৮৷৷
গোপীক বহন্ত কিনো কামাতুৰ হৰি৷
দেখা দেখা ঐত পোত গৈয়া আছে ভৰি৷৷
ঐত নমাই থৈলন্ত প্ৰিয়াক মহাশয়৷
দেখা তাইৰ অৰ্থে আনিলন্ত পুষ্পচয়৷৷৮৭৯৷৷
পাড়িল গেন্ধৱা চড়াই১২৭ ফুল ভৰি ফান্দি৷
অৰ্দ্ধেক ভৰিৰ খোজ হেৰা আছে বান্ধি৷৷
হেৰা দেখা তাইক ঐত উৰুত বৈসাই৷
বান্ধিলন্ত খোপা কামাতুৰ যদুৰায়৷৷৮৮০৷৷
আঁৰিল খোপাত তাইৰ ফুল চতুৰ্ভিতি৷
দেখা আছিলন্ত বসি গোপিকা সহিতি৷৷
শুক নিগদতি ৰাজা শুনিও শ্ৰৱণে৷
পূৰ্ণকাম হৰি ক্রীড়িলন্ত যি কাৰণে৷৷৮৮১৷৷
দেখাইলন্ত দুঃখ কামাতুৰ পুৰুষৰ৷
স্ত্ৰীৰো দুৰ্জ্জন ভাৱ শুনা আতপৰ৷৷
চলি যায় যিটো গোপী কৃষ্ণৰ লগত৷
মহাগৰ্ব্বভাৱ তাইৰ বাঢ়িল মনত৷৷৮৮২৷৷
কৃষ্ণক আশায়ে আইলা যত গোপীজাক৷
সৱাকো এড়িয়া কৃষ্ণে ভজিলা আহ্মাক৷৷
সমস্তে নাৰীত শ্ৰেষ্ঠ আপুনাক মানি৷
মহাদৰ্পে কৃষ্ণক বুলিলা হেন বাণী৷৷৮৮৩৷৷
চলিতে নপাৰো আউৰ মই এক ভৰি৷
যৈকে মন নিয়া আৱে যেন লাগে কৰি৷৷
শুনি হেন হৰিয়ো বুলিলা তাইক হাসি৷
যাইবে যেৱে নপাৰা কান্ধত উঠা আসি৷৷৮৮৪৷৷
শুনি উঠিবাক তাই গৈল কাছিপাৰি৷
দেখি অন্তৰ্দ্ধান ভৈলা তথাতে মুৰাৰি৷৷
কান্দৈ আৰ্ত্তৰাৱে গোপী কৃষ্ণক নেদেখি৷
হা নাথ কৈক গৈলা হামাক উপেক্ষি৷৷৮৮৫৷৷
তোমাৰেসে দাসী মই জানা নাৰায়ণ৷
অনাথৰ নাথ মোক দিয়া দৰিশন৷৷
গোপীগণে গোৱিন্দৰ খোজ নেয় গুড়ি৷
সমীপতে দেখৈ স্ত্ৰী কান্দৈ দুঃখে পড়ি৷৷৮৮৬৷৷
সমস্তে সখীতে তাই কহিল বৃত্তান্ত৷
যেন মতে তাইক এড়িলন্ত কৃষ্ণকান্ত৷৷
শুনিয়া বিস্ময় আতি ভৈলা যত সখী৷
নিৱৰ্ত্তিলা সৱে ঘোৰ অন্ধকাৰ দেখি৷৷৮৮৭৷৷
কৃষ্ণতে অৰ্পিল মন কৃষ্ণৰে আলাপ৷
কৃষ্ণগুণ গায়া কৰৈ কৃষ্ণৰে বিলাপ৷৷
পতি পুত্ৰ গৃহ শৰীৰকো নুসুমৰৈ৷
কৃষ্ণময় হুয়া কৃষ্ণচেষ্টা মাত্ৰ কৰৈ৷৷৮৮৮৷৷
কৃষ্ণপদ পঙ্কজে নিবিড় কৰি চিত্ত৷
দুনাই যমুনাৰ সৱে নামিলা বালিত৷৷
কৃষ্ণক প্ৰাৰ্থয় গোপী এক ঠাই হুই৷
বোলা হৰি লাগোক পাপৰ মুণ্ডে জুই৷৷৮৮৯৷৷
৷৷অষ্টম কীৰ্ত্তন৷৷
ঘোষা৷৷ মোহন দেহু দৰিশন গোপাল প্ৰাণ
পেখো মুখ কমল৷
সংসাৰ তাৰণ তোহ্মাৰ চৰণ
নভজি জনম বিফল৷৷৭৫৷৷
পদ৷৷ কৃষ্ণত নৈৰাশ হুয়া গোপীচয়
বালিত নামি দুনাই৷
কৃষ্ণ দৰশন মনে গীত গাৱৈ
কৃষ্ণৰ গুণ বৰ্ণাই৷৷
তোহ্মাৰ জনম নিমিত্তে অধিক
গোকুল বাঢ়ৈ সম্পূৰ্ণে৷
লক্ষ্মীয়ো সাক্ষাতে ব্ৰজত বঞ্চন্ত
সুখে আছৈ সৰ্ব্বজনে৷৷৮৯০৷৷
তোহ্মাতেসে প্ৰাণ সুম্পি গোপীচয়
চাই ফুৰো দশোদিশ৷
গুচোক নিকাৰ প্ৰাণৰ বল্লভ
দেখা দিয়া জগদীশ৷৷
শৰত কালৰ বিকাশ পদ্মৰ
উদৰৰ শ্ৰীক নিন্দে৷
হেনয় নেত্ৰৰ কটাক্ষে আহ্মাক
মাৰিছা তুমি গোৱিন্দে৷৷৮৯১৷৷
নিকিনিলা দাসী ভজিলোহো আসি
গীততে হুয়া দগধ৷
কটাক্ষে মাৰিলে বধ কি নলাগে
অস্ত্ৰে কাটিলেসে বধ৷৷
বিষময় জল অঘ পূতনাত
ৰাখিলা বৃষ্টিতো হন্তে৷
চক্রবাত বন- বহ্নি আনো ভয়ে
তাৰিলা তুমি অনন্তে৷৷৮৯২৷৷
আৱে কেনে মন- মথৰ হাতত
আহ্মাক মৰাৱা স্বামি৷
তোহ্মাৰ চৰণ যেৱে দেখা পাওঁ
পুনৰপি জীওঁ আমি৷৷
নুহিকা যশোদা নন্দন গোৱিন্দ
নিশ্চয়ে বুলিলো বাক৷
তুমি সমস্তৰে বুদ্ধি সাক্ষী সখি
প্ৰাৰ্থিলা ব্ৰহ্মা তোহ্মাক৷৷৮৯৩৷৷
জগত ৰাখিবে লাগি যদুকুলে
আপুনি ভৈলা উদিত৷
শুনা মহাভাগ ভকতক ত্যাগ
কৰিবে নুহি উচিত৷৷
বিনাশৈ সংসাৰ ভয় ভকতৰ
পূৰৈ মনোৰথ যত৷
হেন হস্তপদ্ম আনি প্ৰাণনাথ
দিয়োক আসি শিৰত৷৷৮৯৪৷৷
হে ব্ৰজধন দুখহাৰী হৰি
আমি কিঙ্কৰীক ভজ৷
মোহন হসিত কটাক্ষে সহিত
দেখায়ো মুখ পঙ্কজ৷৷
সমস্ত প্ৰাণীৰ পাপ হৰে যিটো
আছিলা কালিৰ ফণে৷
কামক মৰ্দ্দিয়া হেন পাদপদ্ম
অৰ্পিয়ো আমাৰ তনে৷৷৮৯৫৷৷
পঙ্কজলোচন নেদেখি তোহ্মাৰ
মৰো হেৰা সৱে দাসী৷
মধুৰ বচনে অধৰ অমৃতে
আহ্মাক জীয়ায়ো আসি৷৷
তযু কথামৃতে দগ্ধকো জীয়াৱৈ
শ্ৰৱণে দেয় মুকুতি৷
সকাম কৰ্ম্মীক আত তুছ কৰৈ
জ্ঞানী কৰৈ তাকে তুতি৷৷৮৯৬৷৷
যিটোজনে সদা হেন কথা কৱৈ
সি সি দান দেয় জীৱ৷
ভৈলোহো হেনয় সুহৃদে বঞ্চিত
দেখা দিয়া সদাশিৱ৷৷
শুনিয়ো কপটী সংঙ্কেত আলাপ
নুগুচৈ আৰ হিয়াৰ৷
তোমাৰ সদয় হাস্য দৰশনে
মুহিল মন আহ্মাৰ৷৷৮৯৭৷৷
তোহ্মাকেসে লাগি সৱ গোপীচয়
স্নেহে বিয়াকুল মতি৷
তুমি পুনু প্ৰভু কপট আচৰা
আহ্মাত কোন যুগুতি৷৷
ব্ৰজ হন্তে ধেনু চাৰিবাক যাহা
আহ্মাৰ মনে আসুখ৷
জোনো পাদপদ্মে তৃণ শিলা লাগি
প্ৰাণনাথে পান্ত দুঃখ৷৷৮৯৮৷৷
তোহ্মাৰ চিন্তায়ে দিন বহি যায়
গধুলি গোপাল আসি৷
অলকা আবৃত গো-ৰজে ৰঞ্জিত
দেখাৱা মুখ প্ৰকাশি৷৷
পুনু পুনু দেখাই বদন পঙ্কজ
মনত অৰ্পা মদন৷
তোহ্মাৰ সঙ্গতি নপাই দুঃখে ৰাতি
জাগিয়া চিন্তো চৰণ৷৷৮৯৯৷৷
আহ্মাৰ হৃদয় জানি কৃপাময়
এড়িয়ো কপট মতি৷
দিয়া দৰিশন আহ্মাৰ জীৱন
ৰাখিয়োক যদুপতি৷৷
কৃষ্ণৰ কিঙ্কৰে ভণিলা শঙ্কৰে
হৰিপাৱে কৰা ৰতি৷
শুনা সৰ্ব্বজন এড়া আন মন
ঘুষিয়ো হৰি সম্প্ৰতি৷৷৯০০৷৷
৷৷নৱম কীৰ্ত্তন৷৷
ঘোষা৷৷
পদ্মপাণি হামি কাহা যাওঁ কৃষ্ণ কৈত পাওঁ৷
গোৱিন্দ বিনে বৃথা জনম গোৱাওঁ৷৷৭৬৷৷
পদ৷৷
ভকত কামদ পাদপদ্ম মনোৰম৷
সেৱা সময়ত যিটো আতি সুখতম৷৷
হৰয় বিপদ যাক কৰিলে স্মৰণ৷
আহ্মাৰ তনত হেন অৰ্পিয়ো চৰণ৷৷৯০১৷৷
বিনাশে সমস্তে শোক সুৰতি বঢ়াৱে৷
সাৰ্ব্বভৌম ৰাজাৰ সুখকো পাসৰাৱে৷৷
সুললিত বাংশী আতি চুম্বি আছৈ যাক৷
হেনয় অধৰামৃত দিয়োক আহ্মাক৷৷৯০২৷৷
তোহ্মাৰ সংযোগে মনে মিলৈ মহাসুখ৷
ক্ষণেকে নেদেখি পাঞো আতি চিন্তা দুঃখ৷৷
এতেকে সৱাকে তেজি ভজিলো তোহ্মাক৷
এড়িলা কোননো সতে তুমি আমাসাক৷৷৯০৩৷৷
যেৱে দিৱসত তুমি ফুৰা বৃন্দাৱনে৷
তোহ্মাক নেদেখি যুগ যাই অৰ্দ্ধক্ষণে৷৷
সন্ধ্যাত তোহ্মাৰ মুখ দেখি এড়াঞো ক্লেশ৷
কিনো মন্দ ব্ৰহ্মা তাতো স্ৰজিলা নিমেষ৷৷৮০৪৷৷
তযু গীতে আতি মন মুহিল আহ্মাৰ৷
পতি পুত্ৰ ভ্ৰাতৃকো কৰিলো পৰিহাৰ৷৷
আমাৰ সাধিবা গতি মনে হেন মানি৷
তোহ্মাৰ সমীপ পাইলো প্ৰভু চক্রপাণি৷৷৯০৫৷৷
তুমি বিনা আছে আৰ ধূৰ্ত্ত কোনজন৷
মাতি আনি নিশাত এড়িলা নাৰীগণ৷৷
কাহাক দুষিবো ইসি অভাগ্য কপাল৷
আমাৰ হৃদয় ৰোগ গুচায়ো গোপাল৷৷৯০৬৷৷
তোহ্মাৰ সুমৰি সিটো ৰহস্য আলাপ৷
কৰে কামানলে আতি হৃদয়ত তাপ৷৷
লক্ষ্মীৰ নিৱাস সিটো দেখি উৰঃস্থল৷
দুনাই দুনাই হোৱে মন আমাৰ বিহ্বল৷৷৯০৭৷৷
ব্ৰজৰ জনৰ দুঃখ হৰিবাক প্ৰতি৷
ভৈলা অৱতাৰ হৰি তোহ্মাৰ সম্প্ৰতি৷৷
হেনজানি ক্ষণেকো নেড়িবা যদুৰায়৷
তোমাক নেদেখি হেৰা প্ৰভু প্ৰাণ যায়৷৷৯০৮৷৷
হে প্ৰভু তযু পাদপদ্ম সুকুমাৰ৷
লাসে লাসে ধৰো যাক তনত আহ্মাৰ৷৷
সিটো পাৱে বিজুবনে ফুৰা কেন কৰি৷
শিলা খোলা লাগি জোনো পীড়া কৰে ভৰি৷৷৯০৯৷৷
ইহাকেসে সুমৰন্তে প্ৰভু প্ৰাণ যায়৷
তুমিসি আমাৰ জীৱ প্ৰাণ সমুদায়৷৷
এতেক বোলন্তে উপজিল প্ৰেমভাৱ৷
কান্দে কৃষ্ণ বুলিয়া পাৰয় দীৰ্ঘৰাৱ৷৷৯১০৷৷
গাৱৈ গীত কতো নয়নৰ বহে নীৰ৷
হা কৃষ্ণ কৃষ্ণ ৰড়ি চিত্ত নোহে থিৰ৷৷
কৃষ্ণক নেদেখি গোপী সমস্তে বিহ্বল৷
বোলা হৰি হৰি পাপ যাওক ৰসাতল৷৷৯১১৷৷
৷৷দশম কীৰ্ত্তন৷৷
ঘোষা৷৷
হেৰ’ পাইলো পাইলো ৰে প্ৰাণধন মুকুন্দ
মুৰাৰি৷
দিয়া দেখা দামোদৰ জীৱন হামাৰি৷৷৭৭৷৷
পদ৷৷
গোপিকাৰ দেখি প্ৰেমভাৱ বিপৰীত৷
ভৈলন্ত গোপাল আতি আকুলিত চিত্ত৷৷
আনন্দ বঢ়ায়া গোপীগণৰ মধ্যত৷
পৰম মধুৰ মূৰ্ত্তি ভৈলন্ত বেকত৷৷৯১২৷৷
হাসো হাসো কৰৈ আতি বদন কমল৷
শ্যামতনু পীত বস্ত্ৰে দেখিতে উজ্জল৷৷
চিকিমিকি কৰৈ অলঙ্কাৰৰ দীপিতি৷
গলত পদ্মৰ মালা দেখন্তে তৃপিতি৷৷৯১৩৷৷
দেখি ৰূপ মদনৰো মোহন সাক্ষাত৷
উঠিল আনন্দে সৱে গোপী অসংখ্যাত৷৷
গুচিল বিৰহ দুঃখ দ্ৰৱ ভৈল চিত্ত৷
প্ৰাণকো দেখিয়া যেন তনু উল্লসিত৷৷৯১৪৷৷
কতো গোপীগণ গৈয়া কৃতাঞ্জলি কৰি৷
থাকিল কৃষ্ণৰ হস্তপঙ্কজত ধৰি৷৷
কতো আথেবেথে গৈয়া ধৰৈ বাহু কান্ধে৷
কতো গোপী গৈয়া মোহ হুয়া গলে বান্ধে৷৷৯১৫৷৷
আগ হুয়া কেহো চোবা লৱৈ হাত পাতি৷
চক্ষু পকাই চাৱৈ কতো কৰি মুখ কাতি৷৷
মদনে মৰ্দ্দয় কতো গোপিকাৰ মন৷
স্তনত অৰ্পয় নিয়া কৃষ্ণৰ চৰণ৷৷৯১৬৷৷
এক দৃষ্টি কৰি কতো কতো গোপীগণে৷
মুখ পঙ্কজক পিৱৈ তৱধ নয়নে৷৷
নাহিকে তৃপিতি যদি পিয়ন্ত সততে৷
কৃষ্ণৰ চৰণ যেন চিন্তন্ত ভকতে৷৷৯১৭৷৷
নেত্ৰে চাই কেহোজনী নেয় হৃদয়ক৷
কৃষ্ণক আলিঙ্গি ভৈল সৰ্ব্বাঙ্গে পুলক৷৷
বহৱৈ আনন্দে নয়নৰ নীৰ ঝৰি৷
মহাযোগী জনে যেন থাকৈ ধ্যান কৰি৷৷৯১৮৷৷
এহি মতে কৃষ্ণক চাহন্তে গোপীগণ৷
মিলি গৈল উৎসৱ শীতল তনু মন৷৷
এড়াইল বিৰহ তাপ আনন্দে ভৰিল৷
ভকতক পায় যেন সংসাৰী তৰিল৷৷৯১৯৷৷
শোক এড়ি গোপীগণে বেঢ়িলে চৌভিতি৷
মধ্যত কৰন্ত কৃষ্ণে অধিকে দীপিতি৷৷
পাছে সৱে গোপিকাক লৈয়া বনমালী৷
আনন্দে নামিলা গৈয়া যমুনাৰ বালি৷৷৯২০৷৷
পুষ্পিত মন্দাৰ কুন্দ গন্ধে হুয়া ভোল৷
মধুমত্ত অনেক ভ্ৰমৰে কৰৈ ৰোল৷৷
শৰত চন্দ্ৰৰ কান্তি আতি সুকোমল৷
দেখি মহা সন্তোষিত গোপিকাসকল৷৷৯২১৷৷
তথাতে বসিয়া মাধৱক মধ্য কৰি৷
ভৈল পূৰ্ণকাম সৱে সন্তাপ নিস্তৰি৷৷
প্ৰাণবন্ধু মাধৱক কৰিয়া সন্মান৷
আঞ্চল পাতিয়া দিলা বসিবাৰ স্থান৷৷৯২২৷৷
বসিলন্ত তাতে অন্তৰ্য্যামী দেৱ হৰি৷
ত্ৰিভুৱন মোহন মধুৰ ৰূপ ধৰি৷৷
কৰিলা শুশ্ৰূষা গোপীগণে মান্য কৰি৷
কতো লৈয়া কোলাত কৃষ্ণৰ জান্তৈ ভৰি৷৷৯২৩৷৷
কান্ধত বাহুক থৈয়া কতোজনী ঘসে৷
কতো লীলা কটাক্ষে চাহৱে প্ৰেমৰসে৷৷
কতোহো প্ৰণয় কোপে দেয় সমিধান৷
বোলা হৰি হৰি হৌক পাপৰ নিৰ্য্যাণ৷৷৯২৪৷৷
৷৷একাদশ কীৰ্ত্তন৷৷
ঘোষা৷৷
শাৰঙ্গপাণি প্ৰভু ভগৱন্ত৷
নজানো তোহ্মাৰ মায়াৰ অন্ত৷৷৭৮৷৷
পদ৷৷
পাছে গোপীগণে আতি সাদৰি৷
কৃষ্ণৰ ৰঙ্গে জান্তৈ হাত ভৰি৷৷
ছলে পৰিহাস কৰিয়া তথা৷
প্ৰণয় কোপে সোধৈ সৱে কথা৷৷৯২৫৷৷
কতো মনুষ্যে ভজৈ ভজন্তাক৷
নভজৈ যিবা কেহো ভজৈ তাক৷৷
ভজন্তা নভজন্তা দুইকো আসি৷
নভজয় কোনে কৈয়ো প্ৰকাশি৷৷৯২৬৷৷
গোপীৰ শুনি গূঢ় অভিপ্ৰায়৷
দিলন্ত উত্তৰ যাদৱৰায়৷৷
শুনা সখীসৱ আহ্মাৰ বাক৷
যিজনে মাত্ৰ ভজৈ ভজন্তাক৷৷৯২৭৷৷
সুহৃদ নুহি নাহি তাৰ ধৰ্ম্ম৷
আপুন অৰ্থে মাত্ৰ কৰৈ কৰ্ম্ম৷৷
যিজনে ভজৈ নচাই উপকাৰ৷
সুহৃদ সেহি ধৰ্ম্ম সিজৈ তাৰ৷৷৯২৮৷৷
ভজৈ নভজৈ দুইটো নেদৈ মন৷
আছৈ চাৰি বিধ শুনা লক্ষণ৷৷
যিটো ব্ৰহ্মজ্ঞানী দেখৈ সৱে মিছা৷
যিজন পূৰ্ণ ভোগে নাহি ইছা৷৷৯২৯৷৷
গুৰুদ্ৰোহী যিটো একো নমানৈ৷
যিটো মহামূৰ্খ কিছু নজানৈ৷৷
নভজৈ দুইকো এহি চাৰিজন৷
কহিলো নিষ্ঠে মই গোপীগণ৷৷৯৩০৷৷
কৃষ্ণৰ বাক্য শুনি সৱে সখী৷
কৰৈ হাস্য অন্যোঅন্যে নিৰেখি৷৷
বোলন্ত দুনাই কৃষ্ণে বুজি কাজ৷
সখীসৱ আমি চাৰিতো বাজ৷৷৯৩১৷৷
ভকতেসে মোৰ সুহৃদ প্ৰাণ৷
যিহেতু নভজো শুনা নিদান৷৷
সদায় চিন্তোক মোক নপাই৷
বিহ্বল যেন ধন হৰুৱাই৷৷৯৩২৷৷
তোমৰা সৱে মোৰ অৰ্থে আতি৷
এড়িলা বেদ ধৰ্ম্ম যত জ্ঞাতি৷৷
বাঢ়োক তোহ্মাৰ প্ৰেম ভকতি৷
ভৈলো অন্দৰ্দ্ধান এহি যুগুতি৷৷৯৩৩৷৷
নকৰা অসূয়া স্বৰূপ জানি৷
আছোক ইটো শুনা সত্যবাণী৷৷
দুস্ত্যজ গৃহৰো এড়িয়া পাশ৷
ভজিলা মোক কৰি অভিলাষ৷৷৯৩৪৷৷
ভৈলোহো বশ্য মই তোমাসাৰ৷
চিৰকালে শুজা নযায় ধাৰ৷৷
যেৱে সৱে এড়া আপুন দায়৷
তেৱেসে মোৰ ঋণ শুজা যায়৷৷৯৩৫৷৷
অমৃত বৰিষে কৃষ্ণৰ বাক৷
জুৰাইল শুনি সৱে গোপীজাক৷৷
এৰাইল সমস্তে বিৰহ তাপ৷
বোলা হৰি হৰি হৰোক পাপ৷৷৯৩৬৷৷
৷৷দ্বাদশ কীৰ্ত্তন৷৷
ঘোষা৷৷
ৰাম কৰে ৰাসকেলি গোপাল গোপীসঙ্গে৷
হৰি বোল হৰি বোল নিৰন্তৰে ৰঙ্গে৷৷৭৯৷৷
পদ৷৷
শুক নিগদতি পাছে গোৱিন্দ তহিতে৷
আৰম্ভিলা ৰাসক্রীড়া গোপিকা সহিতে৷৷
দুহোঁ গোপী মাজে এক ভৈলন্ত মাধৱ৷
প্ৰৱৰ্ত্তিলা তথা ৰাসক্রীড়া মহোৎসৱ৷৷৯৩৭৷৷
ভৈলন্ত মণ্ডলাকাৰ হাতে গলে ধৰি৷
সৱে বোলে মোকেসে আলিঙ্গি আছে হৰি৷৷
আসিলা সভাৰ্য্যে যত দেৱগণ মানে৷
জুৰিয়া আকাশ আতি অসংখ্য বিমানে৷৷৯৩৮৷৷
মাধৱৰ ৰাসক্রীড়া চাৱৈ এক দৃষ্টি৷
বাৱৈ দেৱে দুন্দুভি কৰিয়া পুষ্পবৃষ্টি৷৷
প্ৰধান গন্ধৰ্ব্ব অপেস্বৰায়ে সহিত৷
মহাৰঙ্গে গাৱৈ গোৱিন্দৰ গুণ গীত৷৷৯৩৯৷৷
কৃষ্ণ সমে নাচৈ সৱে সন্তোষে গোপিনী৷
বলয়া নূপুৰ বাঝৈ ঝণকে কিঙ্কিণী৷৷
প্ৰকাশ কৰয় কৃষ্ণ গোপীৰ মধ্যত৷
সুৱৰ্ণ মণিৰ মাজে যেন মৰকত৷৷৯৪০৷৷
কৃষ্ণ সমে ৰঙ্গে আতি নাচৈ গোপীজাক৷
নানা ভঙ্গি চৰণ চলায়া ফুৰৈ পাক৷৷
হস্তকো নচাৱৈ তুলি কৰি লয়লাস৷
ভ্ৰূৱযুগ ক্ষেপিয়া কটাক্ষে কৰৈ হাস৷৷৯৪১৷৷
ঝলমল কুণ্ডল গলত আসি পৰৈ৷
হালৈ কৃশ কঙ্কাল তনৰো বস্ত্ৰ লৰৈ৷৷
শিথিল মেখলা খোপা মুখে ঘৰ্ম্মজল৷
গাৱৈ কৃষ্ণগুণ গীত গোপিকাসকল৷৷৯৪২৷৷
কৃষ্ণৰ অসংখ্য মূৰ্ত্তি জলৈ মেঘনয়৷
প্ৰকাশে বিজুলী যেন তাত গোপীচয়৷৷
ঘৰ্ম্মজলে কণিকা গৰ্জ্জনে ভৈল গীত৷
আকাশৰ পৰা দেৱে দেখৈ বিপৰীত৷৷৯৪৩৷৷
কৃষ্ণ আলিঙ্গন পাই অশেষ হৰিষ৷
কৃষ্ণগুণ গীতে পূৰিলেক দশোদিশ৷৷
এহিমতে নৃত্যগীতে কৃষ্ণক তুষিলা৷
সাধু সাধু বুলিয়া মাধৱে প্ৰশংসিলা৷৷৯৪৪৷৷
তাসম্বাক বহুমান দিলন্ত মাধৱ৷
আনন্দে আকুল মিলৈ মহা মহোৎসৱ৷৷
গোপীৰ বৃত্তান্ত কথা শুনা আতপৰে৷
বোলা হৰি হৰি সামাজিকে নিৰন্তৰে৷৷৯৪৫৷৷
৷৷ত্ৰয়োদশ কীৰ্ত্তন৷৷
ঘোষা৷৷
পদ্মপাণি গোপীৰঞ্জন দুঃখ ভঞ্জন দেৱ৷
তোহ্মাৰ চৰণ বিনে গতি নাহি কেৱ৷৷৮০৷৷
পদ৷৷
কতো গোপী ভৈল আতি ভাগৰে আকুল৷
সোলকয় বলয়া খোপাৰ খসৈ ফুল৷৷
কৃষ্ণতে আউজি জিৰাৱয় কৰি কেলি৷
আতি প্ৰীতি কন্ধত ধৰিয়া বাহু মেলি৷৷৯৪৬৷৷
উৎপল সুগন্ধি কৃষ্ণবাহু স্কন্ধে লই৷
ঘনে ঘনে আনি গোপৰমণী সুঙ্গয়৷৷
ৰোমাঞ্চিত তনু আনন্দিত আতি মন৷
ভোল হুয়া দেয় কৃষ্ণ বাহুত চুম্বন৷৷৯৪৭৷৷
নাচন্তে চলন্তে লড়ৈ মকৰ কুণ্ডল৷
তাৰে ৰশ্মি শোভিত কৃষ্ণৰ গণ্ডস্থল৷৷
তাতে লগাই কতো গোপী পাতৈ মুখ আনি৷
নৃত্যৰ ভঙ্গীত চোবা দেন্ত চক্রপাণি৷৷৯৪৮৷৷
নাচন্তে শব্দ কৰে নূপুৰ মেখলা৷
মহাশ্ৰান্ত হুয়া কতো কতো গোপবালা৷৷
কৃষ্ণ হস্তপঙ্কজ পৰম সুখকৰ৷
তাক ধৰি থৱে নিয়া স্তনৰ ওপৰ৷৷৯৪৯৷৷
লক্ষ্মীৰ ৰমণ যিটো ঈশ্বৰ মুৰাৰি৷
তাহাঙ্ক বল্লভ পাইলে যত গোপনাৰী৷
কৃষ্ণে ধৰি আছে কণ্ঠে দুয়ো বাহু মেলি৷
পৰম উৎসৱে আতি কৰে ৰাসকেলি৷৷৯৫০৷৷
অলকা পঙ্কতি চাৰু কৰ্ণ উতপলে৷
শোভৈ সৱে বদন পঙ্কজ ঘৰ্ম্ম জলে৷৷
কৃষ্ণে সমে নাচৈ আতি উৎসৱে গোপিনী৷
বাজয় বলয়া বাদ্য নূপুৰ কিঙ্কিণী৷৷৯৫১৷৷
গোপীৰ নৃত্যত ভৈল ভৰি কৰতাল৷
বেঢ়িয়া গুঞ্জৰৈ যেন ভ্ৰমৰে গীতাল৷৷
শিৰকো কম্পাৱৈ খসে খোপাও আউল৷
তুষ্ট হুয়া কেশে বৰিষয় যেন ফুল৷৷৯৫২৷৷
এহিমতে গোৱিন্দে নৃত্যৰ দেন্ত ভঙ্গি৷
কতো গোপিকাক গৈয়া ধৰন্ত আলিঙ্গি৷৷
কতো গোপিকাৰ কৰে পৰশন্ত স্তন৷
কটাক্ষে নিৰীক্ষি কাকো কৰন্ত চুম্বন৷৷৯৫৩৷৷
আপোন লাৱণ্য কলা কৌশল সুগন্ধি৷
সমস্তে গোপীত অৰ্পি ক্রীড়িলা প্ৰৱন্ধি৷
নপাৰিলে গোপীগণে মোহিবে কৃষ্ণক৷
ছায়ায়ে সহিতে যেন ওমলে বালক৷৷৯৫৪৷৷
কৃষ্ণৰ ক্রীড়াত বিমোহিত গোপবালা৷
খসে অলঙ্কাৰ কাৰো ছিণ্ডি পৰৈ মালা৷৷
সোলকয় খোপা নবান্ধয় তাকো তুলি৷
নসম্বৰে বস্ত্ৰ কতো কুচৰো কাঞ্চলি৷৷৯৫৫৷৷
দেৱনাৰীগণে দেখি কেশৱৰ কেলি৷
মোহ হুৱা পৰে বিমানতে ঢলি ঢলি৷৷
ক্রীড়া দেখি চন্দ্ৰো কামে বিমোহিত আতি৷
তম্ভাইলন্ত ৰথ নুপুহায় সিটো ৰাতি৷৷৯৫৬৷৷
যত গোপী তত কৃষ্ণ হুয়া কৰৈ ক্রীড়া৷
সমস্তে গুচাইলা গোপিকাৰ কাম পীড়া৷৷
পূৰ্ণকাম হৰি ভৈলা ভকতৰ বশ্য৷
হৰি হৰি বুলি তৰা কহিলো ৰহস্য৷৷৯৫৭৷৷
৷৷চতুৰ্দ্দশ কীৰ্ত্তন৷৷
ঘোষা৷৷
যাদৱ জগজীৱন ৰাম৷
আপুনি গোপীৰ পূৰিলা কাম৷৷৮১৷৷
পদ৷৷
ৰতিশ্ৰান্ত ভৈল যত গোপিনী৷
দেখি হস্তপদ্মে হৰি আপুনি৷৷
কৃপায়ে সৱাৰো মাৰ্জিলা মুখ৷
মিলিল মনে মহোৎসৱ সুখ৷৷৯৫৮৷৷
কৃষ্ণকো বেড়ি আসৈ সৱে সখী৷
অমৃত সমান হাস্যে নিৰেখি৷৷
কৰি পূজা ৰঙ্গে ৰঞ্জিয়া চিত্ত৷
গাইলন্ত গোৱিন্দৰ গুণ গীত৷৷৯৫৯৷৷
তাসম্বাৰ শ্ৰম গুচাইবে প্ৰতি৷
সঙ্গে লৈয়া সৱ ব্ৰজযুৱতী৷৷
যমুনা জলত নামিলা হৰি৷
চৌভিতি ভ্ৰমৰে সেৱৈ গুঞ্জৰি৷৷৯৬০৷৷
শ্ৰান্ত হুয়া যেন মাতঙ্গ ৰাজে৷
হস্তিনী সমে ক্রীড়ে জলমাজে৷৷
গোপালো লোক মৰ্য্যাদাক এড়ি৷
কৰন্ত গোপী সমে জলখেড়ি৷৷৯৬১৷৷
কৃষ্ণক আৱৰি গোপীসকল৷
হাসিয়া সিঞ্চৈ যমুনাৰ জল৷৷
বদনপদ্ম চায়া প্ৰেমদৃষ্টি৷
কৰিলা দেৱে দেখি পুষ্প বৃষ্টি৷৷৯৬২৷৷
জলত গোপীক কৃষ্ণে ক্রীড়িলা৷
ভ্ৰমন্ত যেন গজেন্দ্ৰৰ লীলা৷৷
গোপীগণ লৈয়া উঠিয়া পাছে৷
ভ্ৰমন্ত বনে যমুনাৰ কাছে৷৷৯৬৩৷৷
জলে স্থলে পুষ্প সুৰভি বাসে৷
চৌপাশে গোপী চলৈ লয়লাসে৷৷
ভ্ৰমৰে যোগান ধৰৈ গুঞ্জৰি৷
কৰিলা ৰাসক্রীড়া দেৱ হৰি৷৷৯৬৪৷৷
এহিমতে যত শৰত ৰাতি৷
শশাঙ্কে ধৱল শীতল আতি৷৷
সৱাতো ক্রীড়িলা গোপী সহিত৷
বিস্ময় হুয়া পুছে পৰীক্ষিত৷৷৯৬৫৷৷
ধৰ্ম্মক ৰাখিবা অধৰ্ম্ম নাশি৷
ইকাৰ্য্যে ভৈলা অৱতাৰ আসি৷৷
ধৰ্ম্মৰ ৰক্ষক হুয়া মুৰাৰি৷
ক্রীড়িলা কেনে পৰ গোপনাৰী৷৷৯৬৬৷৷
হোৱন্ত হৰি যদি পূৰ্ণকাম৷
কৰিলা কেনে গৰিহিত কাম৷৷
ছেদিয়ো সংশয় কৈয়া বৃত্তান্ত৷
দিলন্ত শুনিয়া শুকে সিদ্ধান্ত৷৷৯৬৭৷৷
শুনিয়ো সৰ্ব্বজনে ৰাস ক্রীড়া৷
বঞ্চিবা যেৱে সংসাৰৰ পীড়া৷৷
কৃষ্ণৰ কিঙ্কৰে কহে সম্প্ৰতি৷
বোলা হৰি হৰি একান্ত মতি৷৷৯৬৮৷৷
৷৷পঞ্চদশ কীৰ্ত্তন৷৷
ঘোষা৷৷
ৰাম ৰাম বুলি তৰা৷
ভাই অন্তকে পাইলে