এখন যুদ্ধ (দেৱপ্ৰতীম হাজৰিকা)

শাক-পাচলি বাহিনীৰ যুদ্ধৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছিল। দুয়োপক্ষৰ মাজত হোৱা মতানৈক্যৰ পাছত এই যুদ্ধৰ ঘোষণা হৈছিল। আমিষ বাহিনীৰ বিভিন্ন কটূ সমালোচনা, ইতিকিং ভৰা মন্তব্য আদিৰে এই বিতৰ্কৰ সূত্ৰপাত হৈছিল, আৰু শেষত এই যুদ্ধ।
শাক-পাচলি বাহিনীৰ ৰজা বন্ধা কবিয়ে ৰাণী লাইৰ লগত আলোচনা কৰি আছিল। তেনেতে মন্ত্ৰী ধনিয়া কোঠাত প্ৰৱেশ কৰিলে।
-“মহাৰাজ, যুদ্ধৰ প্ৰস্তুতি প্ৰায় শেষ হৈছে। সেনাপতি আলুৱে মোক ইতিমধ্যে জনাইছে আৰু এসপ্তাহৰ পাছতেই আমি আমিষ বাহিনীৰ ওপৰত আক্ৰমণ কৰিব পাৰিম।”
-“হমমম, বৰ ভাল কথা। বাৰু গুপ্তচৰে কি খবৰ আনিছে?”
-“গুপ্তচৰ নহৰুৱে জনোৱা মতে আমিষ বাহিনীৰ প্ৰস্তুতি তুংগত। তুলনামুলভাৱে সিহঁতৰ সৈন্যৰ সংখ্যা আমাতকৈ কম যদিও সিহঁত যথেষ্ঠ শক্তিশালী।”
তেনেতে লাইয়ে মাত লগালে,
-“মন্ত্ৰী সেইবিলাক চিন্তা নকৰিবা। আমাৰ বহুতৰ অবিহনে সিহঁত শক্তিহীন। যুদ্ধত আমাৰে বিজয় নিশ্চিত। আমি অহা সপ্তাহত যুদ্ধক্ষেত্ৰলৈ যাত্ৰা কৰিম। আমাৰ মূল শক্তি হ’ব পিয়াজ, ওল কবি, আৰু আলুবাহিনী। লগতে ফলৰ ৰজা আমে আমাক সহায় কৰিম বুলি কৈছে। গতিকে চিন্তা নাই আমাৰ। তদুপৰি সিহঁত দুই বিশেষ বাহিনী পৰ্ক আৰু বীফৰ মাজত থকা বহুদিনীয়া মতানৈক্যৰ সুযোগ আমি ল’ব লাগিব।”
 
* * * * * * * * * * * * * *
-“আমাৰ মূল চিন্তা পিয়াজ। সিহঁতৰ সেই বিশেষ পানীৰ পৰা আমি বাচিব লাগিব। সেইবিধ এবিধ মাৰনাস্ত্ৰ।”
-“হয় চিকেনৰাজ। তদুপৰি আমাৰ সৈন্যৰ সংখ্যা বৰ বেছি নহয়। আলুবাহিনীক বাধা দিবলৈ আমাৰ পাৰ মাংস বাহিনী যথেষ্ঠ হ’ব। শক্তিশালী হাঁহ মাংস বাহিনীয়ে পিয়াজ বাহিনীৰ মুখামুখি হ’ব। আমাৰ মূল বাহিনী মাছ সাজু আছে পিয়াজৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ।”
-“সেনাপতি মাটন, সকলোতকৈ আগত যাব পাৰ মাংস বাহিনী। সিহঁত সংখ্যাত বেছি। তাৰ পাছে পাছে চিকেন বাহিনী।”
তেনেতে কোঠাত পৰ্কৰাজ আৰু বীফৰজে প্ৰৱেশ কৰিলে।
-“চিকেন ৰাজ মোক মাতিছিল।”
পৰ্ক বাহিনীৰ জেনেৰেললৈ চায়,
-“অ’ তোমাক মাতিছিলো, লগতে বীফৰাজকো। তোমালোকৰ মাজত থকা মতানৈক্য এই যুদ্ধতকৈ ডাঙৰ নহয়। যুদ্ধৰ পাছতেই এই সমস্যাৰ সমাধান মই নিজেই কৰিম।”
বীফৰাজে মাত লগালে,
-“এটা চৰ্তত। আমি একেলগে যুদ্ধক্ষেত্ৰলৈ নাযাওঁ।”
-“নিশ্চয়, তোমালোক আমাৰ মূল শক্তি। তোমালোকে বেলেগে বেলেগেকৈ নিৰামিষৰ আক্ৰমণ প্ৰতিহত কৰিব লাগিব।”
-“ঠিক আছে, আমি পৰ্ক বাহিনী সাজু আছো। নিৰামিষৰ চিন-চাব নাইকিয়া হ’ব।”
-“আমিয়ো বীফ বাহিনীৱো সাজু আছো চিকেনৰাজ।”
পৰ্কৰাজ আৰু বীফৰাজে বিদায় লোৱাৰ পাছত চিকেনৰাজ আকৌ ব্যস্ত হৈ পৰিল সেনাপতি মাটনৰ লগত আলোচনাত ব্যস্ত হৈ পৰিল।
-“শক্তিশালী ফলবাহিনীয়ে শাক-পাচলি বাহিনীক সহায় কৰিব বুলি মই জানিব পাৰিছোঁ। সিহঁতক যথেষ্ঠ শক্তিশালী। এক চুক্তি লৈ দূত পঠিয়াইছো ইতিমধ্যে ফলবাহিনীৰ ৰাজদৰবাৰলৈ।”
-“সিহঁতক শাক-পাঅচলি বাহিনীৰ লগত যোগ দিবলৈ আমি দিব নোৱাৰো। আমাৰ কোনো শত্ৰুতা নাই সিহঁতৰ লগত। এই চুক্তি কাৰ্য্যকৰী হ’লে শাক-পাচলি বাহিনী দুৰ্বল হৈ পৰিব।”
 
* * * * * * * * * * * * * *
শাক-পাচলি বাহিনীৰ ৰাজদৰবাৰত।
-“মহাৰাজ এটা বেয়া খবৰ আছে।”
-“কি সেনাপতি আলুৰাজ?”
-“ফলাবাহিনীয়ে যুদ্ধত অংশগ্ৰহণ নকৰো বুলি কৈছে। সিহঁতৰ কাৰো লগত শত্ৰুতা নাই, সেয়েহে এই যুদ্ধ সিহঁতৰ কাৰণে লাভদায়ক নহয় বুলি কৈছে।”
-“হমমম, ইয়াৰ পাছত নিশ্চয় চতুৰ চিকেনৰাজৰ হাত আছে। গুপ্তচৰে জনোৱা চিকেনৰাজে পৰ্ক আৰু বীফ দুয়ো বাহিনীকে মান্তি কৰাইছে।”
-“চিন্তাৰ কথা নাই মহাৰাজ। আমাৰ বাহিনী যথেষ্ঠ শক্তিশালী। আমি কাইলৈ কাহিলীপুৱাতে আমিষ বাহিনীৰ ওপৰত আক্ৰমণ চলাম।”
 
* * * * * * * * * * * * * *
অতৰ্কিতে হোৱা আক্ৰমণত আমিষ বাহিনীৰ পাৰ মাংসবাহিনী তিষ্ঠিব নোৱাৰি পিছুৱাব লগিয়া হ’ল। আলুবাহিনীৰ পৰাক্ৰমত পাৰ মাংসবাহিনী ঠান-বান হৈ পৰিল। বিজয়ৰ গোন্ধ পাই শাক-পাচলি বাহিনী আনন্দত মতলীয়া হৈ পৰিল।
চিকেন ৰাজ চিন্তিত হৈ পৰিল।
-“সেনাপতি কি হৈছে এইবিলাক?”
-“মহাৰাজ এই আক্ৰমণ অতৰ্কিতে হ’ল। আমি প্ৰস্তুত নাছিলোঁ। সিহঁতি যুদ্ধৰ নিয়ম মানি চলা নাই।”
-“বাদ দিয়া যুদ্ধৰ নিয়ম, পৰ্কবাহিনীক সাজু হ’বলৈ কোৱা। আলুবাহিনীৰ চিন-চাব নাইকীয়া হৈ যাব লাগিব আজি।”
 
* * * * * * * * * * * * * *
শাক-পাচলি বহিনীৰ ৰজা বন্ধাকবিয়ে সেনাপতি আলুৰাজৰ লগত আলোচনাত ব্যস্ত হৈ আছিল।
-“সেনাপতি, ওল কবি বাহিনীক যুদ্ধক্ষেত্ৰলৈ যাবলৈ কোৱা। এতিয়া মই কোনো সুযোগ ল’ব নিবিচাৰো। লগতে ডাঙৰ আলুবাহিনীকো পঠিওৱা। এতিয়া আমিষ বাহিনীয়ে নিশ্চয় এক শক্তিশালী বাহিনী যুদ্ধক্ষেত্ৰলৈ পঠিয়াব। গতিকে সিহঁতক সুযোগ দিয়াতো উচিত নহয়।”
-“হয় মহাৰাজ। মই ইতিমধ্যে ওলকবি বাহিনীৰ লগতে ৰঙালাও বাহিনীকো পঠিয়াইছো যুদ্ধক্ষেত্ৰলৈ।”
-“ঠিক আছে, সকলো লাও বাহিনীকে সাজু হ’বলৈ কোৱা। এই জয় আমি এতিয়াই নিশ্চিত কৰিম।”
 
* * * * * * * * * * * * * *
যুদ্ধক্ষেত্ৰত…
তয়াময়া ৰণ চলি আছে আলু বাহিনী আৰু পৰ্ক বাহিনীৰ মাজত।
-“আলু ক’ত লুকুৱাই ৰাখিছ তহঁতৰ সুন্দৰী লাই ৰাণীক। যথেষ্ঠ সুন্দৰী তহঁতৰ ৰাণী।”
-“খবৰদাৰ, আমাৰ ৰাণীৰ বিষয়ে একো নক’বি।”
পৰ্ক বাহিনীৰ পৰাক্ৰমত আলু বাহিনীৰ সংখ্যা কমিবলৈ লৈছিল। তেনেতে ভুঁইকপ অহাদি সকলো লৰিবলৈ ধৰিলে। পৰ্ক বাহিনীয়ে একো ধৰিব নোৱৰিলে।
তেনেতে এটা আলুৱে মাত লগালে,
-“তহঁতৰ মৃত্যু নিচেই কাষত। সেইয়া ৰঙালাও বাহিনী আহি আছে।”
* * * * * * * * *
-“চিকেনৰাজ, বীফ বাহিনী যুদ্ধক্ষেত্ৰলৈ গমন কৰিছে। ৰঙালাও বাহিনীৰ লগত পৰ্ক বাহিনীয়ে যথেষ্ঠ পৰাক্ৰমেৰে যুঁজি আছে।”
-“সেনাপতি, তুমি মাটন বাহিনী আৰু হাঁহ মাংস বাহিনীক পিয়াজ বাহিনীৰ ওপৰত আক্ৰমণ কাৰিবলৈ কোৱা। গুপ্তচৰে গম লৈছে সিহঁতৰ অৱস্থানৰ বিষয়ে। সিহঁতি অপেক্ষা কৰি আছে আমাৰ দুৰ্বল হোৱালৈ। আমি এই আক্ৰমণ অতি সোনকালেই কৰিব লাগিব। সিহঁতক গুপ্ত পথেদি আগবাঢ়িবলৈ কোৱা হওঁক।”
-“হয় মহাৰাজ।”
 
* * * * * * * * * * * * * * *
পৰ্ক বাহিনী ৰঙালাও বাহিনীৰ আগত দুৰ্বল আছিল। তথাপিও সিহঁতি মহা পৰাক্ৰমেৰে যুঁজি আছিল। তেনেতে পৰ্ক বাহিনীয়ে একে হুলস্থুল শুনি পালে। ৰঙালাও বাহিনী অলপ আচৰিত হ’ল।
সেইয়া বীফ বাহিনীৰ আক্ৰমণ আছিল।
-“কিহে পৰ্কৰাজ, আচৰিত হৈছা নেকি? আমাৰ মতানৈক্য পাছত দেখা যাব, আগেয়ে এই নিৰামিষ বাহিনীক শেষ কৰি লওঁ।”
-“হাঃ হাঃ, যি কোৱা তুমি।”
শক্তিশালী বীফ বাহিনী আৰু পৰ্ক বাহিনীৰ যুটীয়া আক্ৰমণৰ সন্মুখীন হৈ ৰঙালাও বাহিনী অলপ দুৰ্বল হৈ পৰিল।
 
* * * * * * * * * * * * * * *
ইফালে পিয়াজ বাহিনীৰ ওপৰত অতৰ্কিতে হোৱা আক্ৰমণত পিয়াজ বাহিনীৰ যথেষ্ঠ সংখ্যক সৈন্য মৃত্যু মুখত পৰিল। তথাপি নিজৰ স্থিতি চম্ভালিবলৈ সক্ষম হ’ল পিয়াজ বাহিনী। হাঁহ মাংস বাহিনী আৰু মাটন বাহিনীৰ যুটীয়া আক্ৰমণ শক্তিশালী আছিল।
-“মজাৰাজ, আমাৰ পিয়াজ বাহিনীৰ ওপৰত আক্ৰমণ হৈছে। কেনেদৰে সিঁহতৰ অৱস্থানৰ বিষয়ে গম পালে আমি নাজানো। আমি লাও বাহিনীক দুভাগ কৰি পঠিয়াইছো। এভাগ পিয়াজ বাহিনীৰ ওচৰলৈ আৰু এভাগ মূল যুদ্ধক্ষেত্ৰলৈ।”
-“সিহঁতৰ মাছ বাহিনী এতিয়াও আছে। বেঙেনা, বন্ধাকবি আৰু ফুলকবি বাহিনীক সাজু হৈ থাকিবলৈ কোৱা। মাছ বাহিনীৰ মুখামুখি হ’ব লাগিব।”
 
* * * * * * * * * * * * * * *
ইতিমধ্যে এই যুদ্ধত দুয়োপক্ষৰে যথেষ্ঠসংখ্যক সৈন্যৰ মৃত্যু হৈছিল। লাহে লাহে কমি আহিছিল দুয়োপক্ষৰে সৈন্য সংখ্যা। ভাগৰি পৰিছিল দুযোপক্ষ।
ৰাতি হৈ আহিছিল। দুয়োপক্ষই যুদ্ধবিৰতি ঘোষণা কৰিছিল। সকলো শুই পৰিছিল। তেনেতে যুদ্ধক্ষেত্ৰত এটা অজান বাহিনীয়ে আক্ৰমণ চলালে। কোনেও ধৰিব নোৱাৰিলে কি হ’ল। সেই অজান বাহিনীৰ বাবে ভাগৰি পৰা শাক-পাচলি আৰু আমিষ বাহিনীক পৰাস্ত কৰিবালৈ বেছি সময় নালাগিল। এই আক্ৰমণত শাক-পাচলি আৰু আমিষ দুয়োপক্ষৰে যথেষ্ঠ সংখ্যক সৈন্যৰ মৃত্যু হ’ল। বহু সৈন্য বন্দী হ’ল।
এই অজান বাহিনীয়ে দুয়োপক্ষৰে ৰাজধানীতো আক্ৰমণ কৰি দুয়ো ৰাজ্য হস্তক্ষেপ কৰিলে। শাক-পাচলি বাহিনী আৰু আমিষ বাহিনীৰ ৰজাক বন্দী কৰা হ’ল।
 
* * * * * * * * * * * * * * *
অজান বাহিনীৰ ৰাজদৰবাৰত।
-“মহাৰাজ বন্ধাকবি আৰু চিকেনৰাজ, কিবা অসুবিধা হোৱা নাইতো ইয়াত?”
মহাৰাজ বন্ধাকবি আৰু চিকেনৰাজ খঙত অগ্নিশৰ্মা হৈ গৰজী উঠিল।
-“আমৰাজ, তই আমাৰ লগত বিশ্বাসঘাটকতা কৰিলি?”
-“হাঃ হাঃ, কেনে বিশ্বাসঘাটকতা? মইতো কাৰো পক্ষতেই নাছিলোঁ। তেন্তে কেনে বিশ্বাসঘাটকতা?”
এই অজান বাহিনী আন কোন নহয় ফলবাহিনী আছিল। দুয়োপক্ষৰ দুৰ্বলতাৰ সুযোগ লৈ শেষ হাঁহি মাৰিছিল ফলবাহিনীয়ে। দুটা বাহিনীৰ কাজিয়াত এটা তৃতীয় পক্ষই সদায় সুযোগ লোৱাৰ দৰে শাক-পাচলি বাহিনী আৰু আমিষ বাহিনীৰ যুদ্ধৰ সুবিধা লৈছিল নিৰপেক্ষ ভাৱে থকা ফলবাহিনীয়ে।
ফলবাহিনীৰ ৰজা আমৰাজে অট্টহাস্য কৰি উঠিল।
-“সেনাপতি কঁঠাল। এই দুয়ো ৰজাকে কাৰাৰুদ্ধ কৰা। ইহঁতৰ সৈন্য সকলোকে আমাৰ সৈন্যবাহিনীত অন্তৰ্ভুক্ত কৰা, যি ৰাজী নহয় সিহঁতক মৃত্যুদণ্ড দিয়া। এতিয়া এই দুয়ো ৰাজ্য আমাৰ। হাঃ হাঃ হাঃ।”
 
* * * * * * * * * * * * * * * *
কাৰাগাৰত…
-“মহাৰাজ বন্ধাকবি, যি হ’ল ভাল নহ’ল।”
-“হয় চিকেন ৰাজ। সৰু কথাতে আমি ইমান ডাঙৰ যুদ্ধ এখন কৰিলোঁ। কিন্তু আচলতে আমি শত্ৰু নাছিলোঁ। এতিয়া লাভ হ’ল সেই ফলবাহিনীৰ।”
-“হয় বন্ধু, আমি এই যুদ্ধ কৰিব নালাগিছিল। আমাৰ অবিহনে কি হ’ব এই পৃথিৱীখনৰ। অকল ফলেৰে জানো সম্ভৱ পৃথিৱীখন চলি থকা।”
-“হয় অসম্ভৱ আমাৰ অবিহনে পৃথিৱী। আমি ভুল কৰিলো।”
দুই ৰজাই এক অসহায় দৃষ্টিৰে কাৰাগাৰৰ দুৱাৰৰ পিনে চাই ৰ’ল।
*******************************
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments