এটা আপঁইতা কবিতা – সিদ্ধাৰ্থ বৰদলৈ
বাদ দিয়াচোন ইজ্ম চিজ্মবোৰ
তুমিতো জানাই
মাৰ্ক্স, লেনিন,
সংগ্ৰাম, কমৰেড, লাল চালাম
মোৰ পাতল মগজুৱে সেইবোৰ ঢুকি নাপাই
অপৈণত বুদ্ধি মোৰ
ডাঙৰ-দীঘল চিন্তাবোৰ মূৰৰ ওপৰেৰে যায়!
তুমি কৈ নাথাকিবাচোন
কোনোবা আফজল গুৰুৰ আত্ম-বলিদানৰ কাহিনী
ভাৰতক টুকুৰা-টুকুৰ কৰাৰ পাক্কা আঁচনি
আজাদ কাশ্মীৰ
অসহিষ্ণুতা
আৰু কত কি!
তুমিতো জানাই
মোৰ চিন্তাৰ দৌৰ কিমানলৈ
“গৰুৰ আগত টোকাৰি বায়
শিং জোকাৰি ঘাঁহ খায়“
মোৰ দুজনী আই
এজনী আইকো টুকুৰা-টুকুৰ কৰাৰ কথা
ভুলতো কেতিয়াও ভবা নাই
চিধা কথা এটা কওঁ শুনা
মই নাজানো
মোৰ দেশে কান্দিলে কাৰ কি আহে যায়
মাথোঁঁ জানো
ভাৰত মাতাৰ জয় ক’বলৈ
মই কাৰো অনুমতি লোৱাৰ প্ৰয়োজন নাই!
আমাৰ পুৰণা অসম আৰ্হিৰ ঘৰটোৰ
এখন বেৰত ভাৰতৰ মেপ এখন আছে
তাতচোন কাশ্মীৰ এতিয়াও
ভাৰতৰ অংগ হৈয়ে আছে
তথাপিও কিয় জানো
কিছুমানৰ দুচকুত
স্বাধীন কাশ্মীৰ উলংগ সপোন হৈ নাচে!
বিয়াগোম মানুহবোৰে অসহিষ্ণুতাক লৈ
টেটুফালি চিঞৰি আছে
নদাই-ভদাইবোৰৰচোন কামৰপৰা মূৰ দাঙিবলৈ
আহৰিয়ে নাই
অসহিষ্ণুতা কি?
খাই নে পিন্ধে
আমাৰ দৰে অনাখৰী চহাবোৰে
এক প্ৰশ্নবোধক চিহ্ন অহৰহ কঢ়িয়াই ফুৰে!
বাদ দিয়াচোন ইজ্ম চিজ্মবোৰ
ব’লা বাটে বাটে ওলাই যাওঁ
অলপ মুকলি বতাহ খাওঁ
বিন্দাচ্ জী চাওঁ
মোৰ বৰ ভয়
দাঁত ভঙা শব্দবোৰলৈ
তুমিতো জানাই
মোৰ চিন্তাৰ দৌৰ কিমানলৈ..
☆ ★ ☆