এটা গুজব শুনিছোঁ – কন্দৰ্প নাথ
এটা গুজব শুনিছোঁ
পৃথিবীৰ হেনো অসুখ।
শুনিছোঁ, সৰ্বব্যাপী
বিভীষিকা, ধ্বংসলীলা ইত্যাদি বহুকথা।
ক’তা
বতাহজাক চোন আজিও বলিছে,
পুৱাৰ ৰ’দকাঁচলিয়ে আবেলিৰ আকাশত
নিতৌ হালধীয়া ৰং সানিছে।
বসন্তৰ চৌফলীয়া ৰ’দত
নাহৰৰ গাঁঠিয়ে গাঁঠিয়ে ফুলা
তেজৰঙা কুঁহিপাতে হাঁহিছে।
আঁহতৰ ডালত পৰি কুলিয়েও গীত গাইছে,
নাঙলে চপৰা চপৰ কৰা পথাৰখনত
অশান্ত নেজৰ বালিমাহী চৰাইজাকে ওমলিছে।
সকলো ঠিকেই আছে,
সমস্ত পৃথিবীৰ গছ-গছনি, জীৱ-জন্তুৱে
হেঁপাহ পলুৱাই উশাহ লৈছে।
বৰঞ্চ;
জপং জপং খোজেৰে বহুদিনৰ মূৰত
পদুম ফুলা বিলত হাড়গিলা এজনী আহিছে।
আজি অসুখত ভুগিছে কেৱল
মানুহ।
বিজ্ঞানৰ অহংকাৰত নিজকে
শ্ৰেষ্ঠ ঘোষিত মানুহে
প্ৰকৃতিৰ ওচৰত হাৰ মানিছে।
আধুনিকতাৰ মূধচত বহি নিজৰ অস্তিত্ব পাহৰা
মানুহৰ জীৱন নাও আজি
মাজ নদীত স্তব্ধ হৈ পৰিছে।
০০০০০