এটা নষ্ট প্ৰেমৰ লিফ্ট (তুলসীপ্ৰিয়া বৰদলৈ)

অ’ই ল’ৰা

লিফ্ট এটা দিবি নেকি গণেশগুৰিলৈ

তোৰ বাইকৰ কালাৰটোৱে বাৰুকৈয়ে

মুহি নিছে মোক

আৰু তোৰ ফাগুনৰ বতাহত উৰি থকা

বহুৰঙী চুলিকোছা, সঁচাকৈয়ে

মোহনীয়া…

অ’ই ল’ৰা…

লিফ্ট এটা দিবি নেকি মোক…
জাননে, আজি ৰুমত গেছ নাই

দুপৰীয়া একোৱেই খোৱা নহ’ল

দিবি নেকি আনি ফুড-এক্সৰ এটা বিৰিয়ানী

বেছি নাখাওঁ মই,

হাফ প্লেট হলেই চলি যায়…

আৰু যদি মন কৰ’,

এখন্তেক বহিও চাব পাৰ

শ্রদ্ধাঞ্জলী কাননত

মোৰ কান্ধত মূৰ পেলাই…

আৰু যদি ভাবিছ ৰাতি প্রেমৰ কথা

পাতো বুলি…

ডেৰশ টকাৰ ৰি-চাৰ্জ এটা দিবিছোন ভৰাই!!!

অ’ই ল’ৰা…

লিফ্ট এটা দিবি নেকি মোক…

 

অ’ অ’ অ’ অ’, আৰু ক’বলৈ পাহৰিছিলোঁৱেই…

বৰ সৰু কাম এটা আছে জাননে

লগৰজনীৰ নোটচ্ এখন

আনি থোৱা বহুদিনেই হ’ল

জেৰক্স কৰি আনি দিবিচোন!

বেছি পাত নাই… দুশৰ কমেই হ’ব চাগে’…

অহা মাহত পাৰিলে ঘূৰাই দিম তোক

অ’ই ল’ৰা…

লিফ্ট এটা দিবি নেকি মোক…

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!