এটা শতিকাৰ প্ৰান্তত (ড০ ভূপেন হাজৰিকা দেৱৰ সোঁৱৰণত) (- মনোজ মন কলিতা )
এটা শতিকাৰ প্ৰান্তত শৰৎ আহিছিল
লমালমে তলসৰা হৃদয়ফুলবোৰ সেমেকাই ;
শুধ বগা কুঁৱলিৰ আঁচল ফালি যি আঁতৰি গ’ল,
শঙ্কৰ-মাধৱ-আজানৰ দেশ পোহৰাই থৈ গ’ল ।
এগছি বন্তি জ্বলাই দুচকুৰ কোণ যে জিলিকালোঁ,
সেইদিনা আমি নিজক চিনি পালোঁ ।
একতা আমাৰ সোঁৱৰণি নাছিল,
নাছিল চ’ৰা-ঘৰ শুৱনি কৰা অলঙ্কাৰ ;
সেয়ে এটা শতিকাৰ প্ৰান্তত পাৰ ভঙা হৃদয়েৰে আমি গালোঁ
“অসম আমাৰ সুজলা, অসম আমাৰ শুফলা, কৰিলা অসমক জাতিষ্কাৰ,
সুৰৰ মায়াৰে সকলো জিনিলা, শিল্পী তোমাক নমস্কাৰ….”