এটা ৰাতিৰ কাহিনী ( মানস জ্যোতি )
হাঁহিবোৰ চিটিকি পৰকচোন
তোমাৰ পৰা মোলৈ
হাঁহিতেইতো হেৰাই যায় দুখৰ পৃথিৱী৷
তেওঁ ক’লে
বুকুত গুজি দিছো গোলাপ গান্ধাৰ
উজাই আহক ওঁঠলৈ অলকানন্দা
মই ক’লো
তুমি মন বাগিছাৰ এপাহ শেৱালি আছিলা
সুখ ফুলাৰ
নে
দুখ সৰাৰ
শেৱালি, এটা ৰাতিৰ কাহিনী