এটি মাথা লগোৱা অংক – মন জিত
: বোলো ৰৌ কিমানকে দিলা৷ — মাছৰ বিশেষ টুকুৰাটোলৈ আঙুলিয়াই বেপাৰী জনক সুধিলো৷
: দাদা ২৪০ কে হয়৷ ২২০ কে দিব পৰিম৷ –দাঁত কেইটা সামান্য নিকটাই উত্তৰ দিলে ৷
মই বোলো দৰ দাম নামাৰোতেই ২০ টকা কমায়েই দিলে৷ আৰু অলপ কামোৰা যাওক৷
: এটা কাম কৰা ১৮০ কে লবা৷
: নাই দাদা কম নহ’ব নহয়৷ তথাপিও আপুনি ইমানকে কৈছে যেতিয়া এটা কাম কৰক দুশ কে দিব দিয়ক৷ মুলে মুলে দিছো আৰু৷
গৰমত আৰু কামোৰা কামুৰি কৰিবলৈ মন নগল৷
: ঠিক আছে বাৰু৷ এইডোখৰকে জোখাচোন৷ – এইবুলি পচন্দৰ মাছটুকুৰা দেখুৱাই জুখিবলৈ ক’লো৷ মাছৰ টুকুৰাটো পাল্লাত তুলি সি লাহেকৈ তল ফালৰ পৰা কিবা এটুকুৰা পাল্লাত তুলিলে৷ মই বোলো কি হয় সেই টুকুৰা কিয় তুলিছা তাত৷
: দাদা মাছৰ মাথা হয়৷ আমি কটা মাছ বেচিলে মাথা লগাৱেই আৰু হেঃ হেঃ৷ — এইবুলি কৈ বেঙাটোৰ দৰে দাঁত নিকটালে৷ ৰজনী তুলসীৰ বিখ্যাত যুটিৰে ৰঙাকৈ মেৰিনেট কৰা দাঁতৰ বগা বুলিবলে নাইয়ে৷ খং এটা উঠিছিলেই আৰু৷ নিজকে শান্ত কৰি ক’লো৷
: আৰে মোক মাথা নালাগেই৷ ওজন বঢ়াইছা কেলেই ?
: হেঃ হেঃ দাদা৷ এইটো আমাৰ বজাৰৰ নিয়মেই৷ মাথা লগাবই লাগিব৷
–আকৌ সেই ৰঙচুৱা হাহি৷ যেন দাঁতৰ পাৰে পাৰে কৃষ্ণচূড়াহে ফুলিছে৷ এইবোৰ আকৌ কি নিয়ম বুলি তিঙিচকৈ উঠিলেই নহয়৷ ধুই তোৰ মাছ নিনোৱেই যা, এই বুলি যাবলৈকে ওলাইছিলো৷ তেনেতে পাকঘৰত হেপাঁহেৰে জিকা বিলাহী কাটি থকা মানুহজনীৰ মুখখন মনলে আহি গ’ল৷ বেচেৰীয়ে নেটৰ পৰা মাছৰ খিলঞ্জীয়া তৰকাৰী বনোৱা ৰেচিপি ডাউনলোড কৰি মুখস্থ কৰি আছে৷ আৰু মই যদি মেইন ইনগ্ৰিদিয়েণ্টতোৱেই নিনো৷ মোক সুদাই এৰিবনে৷ তীব্ৰ ‘পতি ক্ৰিয়া’ হৈ লঘোনো হৈ যাব পাৰে বাপ্পেকে৷ চিগাৰেটৰ শেহৰ টুকুৰাটোক গচকি নুমুৱাৰ দৰে খংটোক মোহাৰি নুমুৱাই বেপাৰীটোক ক’লো
: হ’ব আৰু যি হল হল জুখি কাটি দে আৰু৷ ডাঙৰ পিছ কৰিবি৷ মাথাটো টুকুৰা কৰি দিবি৷ পিছে ১৮০ কেহে দিম কৈ দিলো৷
: এ দাদা নোৱাৰি অ৷ তথাপিও আপুনি ইমানকে কৈছে যেতিয়া হ’ব আৰু৷ ৬০০ গ্ৰামতকে অলপ বেছি হ’ল৷ ১৮০ কে হ’লে ১১০ টকা হ’ব আৰু৷
পলকতে হিচাপ নিকাচ কৰি আজৰি৷ মোৰ মগজৰ কেলকুলেটৰ হেং.মাৰিয়ে থাকি গ’ল৷ তথপিও হেং ভাঙি তাক সুধিলো
: মাথা নলগোৱাকে দিয়া হ’লে কিমান উঠিল হয় ওজনটো৷
: ৪৫০ গ্ৰাম মান উঠিলে হয়৷ — এই বুলি আকৌ সেই ৰঙচুৱা হাঁহি৷
: বাপৰে ১৫০ গ্ৰাম মান মাছ এনেই লব লগিয়া হৈছে মানে৷ — বাহ খোৱা যেনেই লাগি গ’ল
: নাই দাদা কি কৰিব মাছৰ ব্যৱসায় যেতিয়া মাথা লগাবই লাগিব৷ নহলে লচ হব নহয়৷ — মাছ গুচাই গুছাই সি বুজাই গ’ল৷
: বাৰু বাৰু, এতিয়া ভালকে গুচাই পিচ কৰি দে আৰু৷ — হব দাদা বুলি সি গুছাবলে লাগিল৷ ময়ো সেই সময়তে নিজাকৈ এটি কেলকুলেচন চলালো৷
৬০০ গ্ৰামতকে অলপ বেছি মাছত ১৮০ টকা কেজিকৈ প্ৰায় ১১০ টকা,
মাথা লগালে ৬০০ গ্ৰাম, নলগালে ৪৫০ গ্ৰাম৷ ব’লে ত’ মোৰ পচন্দৰ মাছ টুকুৰাৰ অৰিজিনেল ওজন ৪৫০ গ্ৰাম৷ মাথা লগোৱা নিয়মৰ বাবে ১৫০ গ্ৰাম ওজন বাঢ়ি গ’ল৷ অৰ্থাৎ নিবিচৰা স্বত্বেও মাথা লগোৱাৰ বাবেই মই ৪৫০ গ্ৰামত ১১০ টকা দিব লগা হ’ল৷ এতিয়া হিচাপ কৰিলে দেখো ৪৫০ গ্ৰামত ১১০ টকা হ’লে ১ কেজিত প্ৰায় ২৪৫ টকা হয়গে৷ বাপৰে ই দেখোন জেং মাল থাকেহে বেঙা হাঁহি মাৰি৷ নিজে ঠগ খোৱা যেন লাগিলেও তাৰ অংকটো ভাল লাগিল কিবা এটা৷
: দাদা হৈ গ’ল এইয়া লওক৷ — আকৌ ৰঙচুৱা হাঁহিৰে সম্ভাষন জনাই টোপোলাটো মোলে আগবঢ়াই দিলে৷
ময়ো পইছাটো দি ক’লো –
: বাপুকণ ময়ো অংকটো কৰি চালো, ভাল মাথা_লগাইছা দেই৷ তোমাৰ ভবিষ্যত উজ্জ্বল দিয়া৷
: হে হে দাদা কিনো কয় আৰু৷ হোৱক মাছৰ কণী অলপকে লৈ যাওক মাথাৰ সতে পিয়াজ জ্বলকীয়া দি ভাজি গুৰা কৰি খাব৷ বৰ সোৱাদ হয়৷ মই প্ৰায়েই খাও৷ — টেঙৰ মানুহ মোৰ কথাষাৰৰ গূঢাৰ্থটো বুজিলে হব পায়৷ মাছৰ কণী অলপ পলিথিনটোত ভৰাই দি আকৌ এবাৰ দাঁত নিকটালে৷
ময়ো ‘বাৰু আজি পুৰা মাথা চোবাম’ বুলি ধেমেলীয়াকে কৈ ঘৰলৈ বুলি বাট ল’লো৷ লেকচাৰ মাৰি থাকোতে দেৰিয়েই হ’ল৷ ঘৰ পালে কোনে কাৰ মাথা চোবাই থিক নাই আজি!■■