এজন ব্যতিক্ৰমী যুৱক – লেখক : বিৰাট চৌধুৰী – অনুবাদ : চন্দন কাকতি

               সন্দীপ মহেশ্বৰী আজি ভাৰতৰ সৰ্বোত্তম ব্যৱসায়ীৰ ভিতৰৰ এজন৷ তেওঁ ImageBazaar নামৰ ৱেবচাইটৰ চিইঅ’ আৰু সংস্থাপক, য’ত ১০ লাখতকৈও অধিক ভাৰতীয় চিত্ৰ আছে৷ এই ক’ম্পেনীটোৰ ৪৫ খন দেশত ৭০০০ তকৈও অধিক ক্ৰেতা আছে৷ এই ক’ম্পেনীটোৱে বছৰি কোটি টকা আয় কৰে৷ কিন্তু সন্দীপে নিজৰ এই কম্পেনীটোৰ বাবে ইমান বিখ্যাত নহয়, তেওঁ নিজৰ প্ৰেৰণাদায়ক চেমিনাৰ আৰু ভাষণৰ বাবেহে সকলোৰে প্ৰিয়৷

             আচল কথাটো হ’ল তেওঁ এই চেমিনাৰ বোৰ বিনামূল্যে কৰে আৰু তেওঁৰ একমাত্ৰ লক্ষ্য হ’ল মানুহৰ জীৱনলৈ পৰিৱৰ্তন অনা৷ সন্দীপে বহুত সাধাৰণ আৰম্ভণি কৰিছিল আৰু বহুটো অসুবিধাৰ সন্মুখীন হৈছিল, কিন্তু তেওঁ হাৰ নামানিলে আৰু আগুৱাই গৈ থাকিল, আৰু অৱশেষত সফল হ’ল৷ তেওঁ নিজৰ অসফলতাবোৰৰ পৰা পোৱা অনুভৱেৰে হাজাৰ হাজাৰ মানুহক সফল হোৱাৰ বাবে পথপ্ৰদৰ্শকৰ ভূমিকা পালন কৰে৷ আজি এই লিখনিটোত মই আপোনাক সন্দীপ মহেশ্বৰীৰ অদ্ভুত জীৱনৰ বিষয়ে জনাম আৰু আশা কৰো আপোনালোকে সন্দীপ মহেশ্বৰীৰ পৰা প্ৰেৰণা পাব৷

              সন্দীপৰ পৰিয়ালে এলুমিনিয়ামৰ ব্যৱসায় কৰিছিল যিটো হঠাৎ বন্ধ হৈ গ’ল আৰু পৰিয়ালটোৰ সকলো আৰ্থিক দ্বায়িত্ববোৰ সন্দীপৰ ওপৰত আহি পৰিছিল আৰু তেতিয়া তেওঁৰ বয়স ১৯ বছৰ৷ সেই সময়ত সন্দীপ দিল্লী বিশ্ববিদ্যালয়ৰ কিৰোড়ীমল কলেজত B.COM অধ্যয়ন কৰি আছিল৷ সন্দীপে এজন আদৰ্শ ভাৰতীয় পুত্ৰৰ দৰে নিজৰ পৰিয়ালক আৰ্থিক বিপদৰ পৰা উলিয়াবলৈ সম্পুৰ্ণ চেষ্টা কৰিলে৷ তেখেতে এটা multi-level Marketing Company ত কাম কৰিলে আৰু ঘৰুৱা বস্তুৰ উৎপাদনটো ভাগ্য পৰীক্ষা কৰি চালে আৰু কেনেবাকৈ নিজৰ পৰিয়ালক পৰিচালনা কৰাৰ চেষ্টা কৰিলে৷ এইকেইটা দিনতে সন্দীপে বুজি পালে যে পঢ়া লিখাতকৈও বেছি প্ৰয়োজনীয় হ’ল জীৱনৰ আচল মহত্তক জনাটো৷ তেও লগে লগে কলেজ বাদ দিলে আৰু নিজৰ আচল ৰুচি আৰু উৎসাহক আয়ত্ত কৰাত লাগি গ’ল৷

          সন্দীপৰ মডেলিং আৰু ফটোগ্ৰাফীত ৰুচি আছিল৷ ১৯ বছৰ বয়সত তেখেতে মডেলিং জীৱনৰ আৰম্ভণি কৰিলে৷ মডেলিং জগতত মডেল বিলাকৰ শোষণ দেখি তেওঁৰ ওপৰত গভীৰ প্ৰভাৱ পৰিল আৰু তেখেতে নতুন মডেল সকলক সহায় কৰিবলৈ ঠিৰাং কৰিলে৷ এইবাবে তেখেতে Mash audio visuals নামৰ এটা ক’ম্পেনী খুলিলে য’ত মডেল বিলাকৰ portfolio বনোৱা হৈছিল৷ পিছে কম্পেনীটোৰ পৰা তেখেতে সফলতা লাভ কৰিব নোৱাৰিলে৷

              কিন্তু সন্দীপে হাৰ নামানিলে আৰু ২০০২ ত তিনিজন বন্ধুৰ লগত লগ হৈ আৰু এটা ক’ম্পেনী আৰম্ভ কৰিলে৷  কিন্তু সেইটোও অসফল হ’ল আৰু মাত্ৰ ৬ মাহতে বন্ধ হৈ গ’ল৷ নিজৰ অসফলতাৰ অনুভৱেৰে সন্দীপে সমাজৰ সহায়ৰ বাবে কিতাপ এখনো লিখিলে কিন্তু সেইখনো সফল নহ’ল৷

             ইমানবোৰ অসফলতাৰ পিছত সকলোৱে হাৰ মানিব, কিন্তু সন্দীপৰ আত্মবিশ্বাস অটুত থাকিল৷ তেখেতে হাৰ নামানিলে আৰু মনপুতি পৰিশ্ৰম কৰি গ’ল৷ ২০০৩ ত তেখেতে মাত্ৰ ১০ ঘণ্টা ৪৫ মিনিটত ১২২ মডেলৰ ১০০০০ খন ছবি তুলি বিশ্বৰেকৰ্ড কৰিলে৷ ইয়াৰ পৰা তেখেতে লোকপ্ৰিয়তা অৰ্জন কৰিলে যদিও তেখেতৰ ধ্যান বিচলিত নহ’ল আৰু তেও আগবাঢ়ি গৈ থাকিল৷ এইকেইটা দিনতে তেখেতৰ ৱেবচাইট বনোৱাৰ চিন্তা আহিল য’ত ভাৰতীয় মডেল আৰু ফটোগ্ৰাফাৰসকলৰ চিত্ৰ থাকে৷ ২০০৬ বৰ্ষত তেখেতে নিজৰ ৱেবছাইট “Imagesbazaar“ আৰম্ভ কৰিলে৷ ইয়াত আৰম্ভণিতে মাত্ৰ কেইখনমানহে চিত্ৰ আছিল আৰু বহু কম ফটোগ্ৰাফাৰহে আছিল, কিন্তু আজি এই ৱেবছাইটত বিশ্বৰ আটাইতকৈ বেছি ভাৰতীয় চিত্ৰ আছে আৰু প্ৰতি বছৰে এই কম্পেনীয়ে কোটি টকা উপাৰ্জন কৰে৷ সন্দীপৰ পইচাৰ লোভ নাই, তেওৰ মতে, -“পইচাৰ প্ৰয়োজন ইমানেই, যিমান এখন গাড়ীৰ পেট্ৰলৰ প্ৰয়োজন, তাতকৈ বেছিও নহয় কমো নহয়৷ “

                অপাৰ সফলতা পোৱাৰ পিছতো সন্দীপ ৰৈ নগ’ল আৰু তেখেতে জীৱনৰ অনুভৱৰ পৰা যুৱ চামক উৎসাহিত কৰাৰ লক্ষ্য হাতত ললে৷ আজি তেওঁ ঠায়ে ঠায়ে motivational চেমিনাৰ আৰু প্ৰেৰণাদায়ক ভাষণ দিয়ে আৰু লাখ লাখ মানুহক নিজৰ সপোন পূৰণ কৰিবলৈ প্ৰেৰণা দিয়ে৷ সন্দীপে YouTube ৰ জৰিয়তে নিজৰ চেমিনাৰবোৰৰ ভিডিঅ’বোৰ ইণ্টাৰনেটৰ জৰিয়তে সকলোকে share কৰে৷ আচৰিত কথাটো হ’ল তেওঁ এই চেমিনাৰবোৰ বিনামূল্যে কৰে আৰু এক টকাও কাৰো পৰা নলয়৷ তেওঁৰ একমাত্ৰ উদ্দেশ্য হ’ল মানুহৰ উপকাৰ কৰা৷

            সন্দীপে তেখেতৰ সফল ব্যবসায় আৰু প্ৰেৰণাদায়ক চেমিনাৰবোৰৰ বাবে বহুতো পুৰস্কাৰ পাইছে আৰু সমগ্ৰ বিশ্বত তেখেতে বহুতো লোকপ্ৰিয়তা আৰু সন্মান পাইছে৷■■

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!