এণ্টিবায়টিক বা প্ৰতিজৈবিকঃ আৱিষ্কাৰ ব্যৱহাৰ আৰু সংকট –   হিতেশ্বৰ শৰ্মা

ইংৰাজীত দুটা শব্দ আছে invention আৰু discovery শব্দ দুটাৰ অসমীয়া সমাৰ্থক শব্দ হিচাপে বহুতেই কেৱল “আৱিষ্কাৰ“ শব্দটোহে ব্যৱহাৰ কৰে, invention ৰ প্ৰকৃত সমাৰ্থক শব্দ “উদ্ভাৱন“ আৰু discovery ৰ সমাৰ্থক শব্দহে’আৱিষ্কাৰ’৷ প্ৰকৃতিৰ পৰিঘটনা সমূহৰ আৱিষ্কাৰ হে হয়৷ আনহাতে বৈজ্ঞানিক যন্ত্ৰ পাতি সদায় উদ্ভাৱন কৰে, আৱিষ্কাৰ নকৰে৷ আৱিষ্কাৰেই হওক বা উদ্ভাবনেই হওক ই হ’ল সংগ্ৰামী মনৰ বহিৰ্প্ৰকাশ৷ আৱিষ্কাৰতকৈ উদ্ভাৱনক সদয়ে ওপৰত গণ্য কৰা হয় যদিওঁ কিছুমান আৱিষ্কাৰে এক যুগান্তকাৰী পৰিবেশৰ সৃষ্টি কৰে৷ তেনে এক যুগান্তকাৰী পৰিবেশৰ সৃষ্টি কৰিছিল কুৰি শতিকাৰ প্ৰথম ভাগত ১৯২৮ চনত যেতিয়া আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰে৷ যদিও আলেকজেণ্ডাৰ ফ্লেমিঙক পেনিচিলিনৰ আবিস্কাৰক বুলি ধৰা যায় এই আৱিষ্কাৰ কিন্তু একেদিনাই হোৱা বা অকল ফ্লেমিঙৰ প্ৰচেষ্টাতে হোৱা পৰিঘটনা নহয়৷ ই হ’ল বৈজ্ঞানিক বুদ্ধিমত্তাৰ ক্ৰমাগত বিৱৰ্তনৰ এক বৌদ্ধিক প্ৰকাশ যিটো ফ্লেমিঙৰ জৰিয়তে সম্পূৰ্ণ হৈছিল৷ বহুত আগৰে পৰাই প্ৰতিজৈবিক বা এণ্টিবায়টিকৰ ব্যৱহাৰ চলি আহিছিল৷

প্ৰচীন কালত ইজিপ্ত, গ্ৰীক, আৰু ভাৰতত সংক্ৰমণ ৰোধ কৰিবলৈ “ভেঁকুৰৰ লডা”(Mould) আৰু কিছুমান গছৰ ছালৰ ৰস ব্যৱহাৰ কৰিছিল বুলি জনা যায়৷ এই ভেঁকুৰৰ লডাসমূহ বিভিন্ন ধৰণে তৈয়াৰ কৰা হৈছিল, য’ত ব্যৱহাৰ হৈছিল বিভিন্ন প্ৰকাৰৰ খাদ্যদ্ৰব্য, গছৰ ছাল, গুটি বিভিন্ন উদ্ভিদৰ অংশবিশেষ৷ ৰাছিয়াৰ খেতিয়ক সকলে সংক্ৰমণৰ বাবে গৰম মৃত্তিকা (warm soil) ব্যৱহাৰ কৰাৰো তথ্য পোৱা যায়৷

১৮৭৪ চনত উইলিয়াম ৰবাৰ্ট নামৰ এজন ইংৰাজ চিকিৎসকে লক্ষ্য কৰে যে পেনিচিলিয়াম গ্ল’কাম (penicillium glaucum) নামৰ ভেঁকুৰ ব্যৱহাৰ কৰা নীলা চীজ (blue cheese) বহুদিন নপচাকৈ থাকে৷ থমাচ হেনৰী হাক্সলি (Thomas Henry Huxley) এজন ইংৰাজ জীৱবিজ্ঞানীয়ে ১৮৭৫ চনত জন্ টিণ্ডেললৈ এখন চিঠি লিখিছিল৷ জন্ টিণ্ডেল সেই সময়ৰ খ্যাতনামা পদাৰ্থবিদ আছিল আৰু সেই সময়ৰ প্ৰখ্যাত জীৱবিজ্ঞানী লুই প্যোষ্টুৰ(Luis Pasteur) সমসাময়িক আছিল৷ মনকৰিবলগীয়া যে পদাৰ্থবিদ হৈয়ো তেওঁৰ জৈৱ বিজ্ঞানত তেওঁৰ অৱদান অপৰিসীম৷ তেওঁ “স্বচ্ছ বতাহ” (“optically pure air”) পৰীক্ষাগাৰত প্ৰস্তুত কৰিব পাৰিছিল য’ত খাদ্য সামগ্ৰী বহু দিন নপচাকৈ ৰাখিব পাৰিছিল৷ হাক্সলিয়ে লিখা চিঠিখনত পেনিচিলিয়াম গ্ল’কামৰ বিষয়ে বিশদভাৱে উল্লেখ আছিল৷ ইয়াকো লিখিছিল যে এই পেনিচিলিয়াম গ্ল’কামে এবিধ পদাৰ্থ নিঃসৰণ কৰে যিয়ে আন বেক্টেৰিয়াৰ বৃদ্ধি ৰোধ কৰে৷ জন্ টিণ্ডলে দুৰ্ভাগ্যজনকভাবে সেই চিঠিখন খুলি নাচালে হাক্সলেও কথাটো আৰু আগবঢ়াই নিনিলে নহ’লে আমি আৰু ৫০ বছৰ আগুৱাই গ’লোহেঁতেন৷ সেই একেই সময়তে লুই প্যেষ্টোৰে (Luis Pasteur) লক্ষ্য কৰিছিল যে বেলেগ বেলেগ বেক্টেৰিয়াৰ প্ৰজাতিৰ ইটোৱে সিটোৰ বংশ বৃদ্ধিৰ বাবে এটা বাধাৰ সৃষ্টি কৰে৷ তেৱেই ধাৰণা কৰিছিল যে এই বাধা প্ৰদান কৰা কাৰকসমূহ সুকলমে চিকিৎসাত ব্যৱহাৰ কৰিব পৰা হলে মানব জাতিৰ মহৎ উদ্দেশ্য সাধন কৰা হব৷

যদিও প্ৰতিজৈবিকৰ ধাৰণা বা চিন্তা চৰ্চা বহু দিনৰ পৰা হৈ আহিছিল, ই কেৱল বিজ্ঞানী সকলৰ মাজতেই আৱদ্ধ হৈ আছিল৷ আৱিষ্কাৰ বা উদ্ভাবন এটাই যদি মানব জাতিৰ কল্যাণ সাধন নকৰে তাক মহৎ বুলি কোৱা নাযায়৷
১৯২৮ চনত আলেকজেণ্ডাৰ ফ্লেমিঙেহে (Alexander Fleming) ইয়াক ৰাইজৰ মাজলৈ টানি আনিলে৷ তেওঁ নিজৰ পৰীক্ষাগাৰত কাম কৰি থাকোতে হঠাতে এদিন দুৰ্ভাগ্যজনক ভাবে পেনিচিলিয়াম ভেঁকুৰ অলপ বেলেগ এখন বেক্টেৰিয়াৰ থালত পৰি যায়৷ তেওঁ লক্ষ্য কৰিলে যে ভেঁকুৰ পৰা অংশ খিনিত বেক্টেৰিয়াৰ বংশবৃদ্ধি হব পৰা নাই৷ আৰু ক’লনী(colony) সমূহো গলি গৈছে বা ধ্বংস হৈ গৈছে৷ কিয় এনে হ’ল তাৰ পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰি দিলে৷ অৱশেষত পালে যে পেনিচিলিয়াম ভেঁকুৰে নিঃসৰণ কৰা পদাৰ্থ এবিধৰ বেক্টেৰিয়া ধ্বংস কৰি দিব পৰা গুণ আছে৷ তেৱেই ইয়াক পেনিচিলিন বুলি প্ৰথম নামকৰণ কৰে৷ এই সংক্ৰান্তত তেওঁ এখন গবেষণা পত্ৰ ব্ৰিটিছ জাৰ্নেলত প্ৰকাশ কৰে৷ ফ্লেমিঙে পৰীক্ষাগাৰত প্ৰস্তুত কৰা পেনিচিলিন ৰোগীৰ বাবে ব্যৱহাৰ কৰিছিল যদিও প্ৰশিক্ষণ পৰাপ্ত ৰসায়নবিদৰ অভাৱত পৰ্য্যাপ্ত পৰিমাণৰ পেনিচিলিন প্ৰস্তুত কৰিব পৰা নাছিল আৰু যিকণ প্ৰস্তুত কৰিছিল সেয়াও সঠিক ৰূপত পৰিশোধন কৰিব পৰা নাছিল৷ ১৯৪০ চনলৈ তেওঁ অক্লান্ত পৰিশ্ৰমৰ অন্তত কিছু আশাৰ ৰেঙনি দেখিবলৈ পায়৷ অক্সফোৰ্ডৰ হাৱাৰ্ড ফ্লৰে আৰু আৰ্ণষ্ট চেইন আগবাঢ়ি আহে আৰু নতুন প্ৰযুক্তি প্ৰয়োগ কৰি সৰহ পৰিমাণে পেনিচিলিন আহৰণৰ আৰু পৰিশোধনৰ উপায় উদ্ভাৱন কৰে৷ প্ৰথম অৱস্থাত পেনিচিলিনৰ ব্যৱহাৰ কেৱল সামৰিক গণ্ডীৰ মাজতেই আৱদ্ধ কৰি ৰাখিছিল আৰু দ্বিতীয় বিশ্বযুদ্ধত সামৰিক চিকিৎসালয় সমূহত বহুল ভাবে ব্যৱহাৰ হৈছিল৷ ১৯৪৪ চনত পাৰ্ল হাৰবাৰৰ আক্ৰমণত আহত সকলৰ মাজত এই পেনিচিলিন ব্যৱহাৰ কৰি সকলোৰে বাবে পেনিচিলিন উপলব্ধ কৰাই চিকিৎসাৰ এক যুগান্তকাৰী দিশৰ সূচনা কৰে৷ ১৯৪৫ চনত আলেকজেণ্ডাৰ ফ্লেমিঙৰ লগতে হোৱাৰ্ড ফ্লৰে আৰু আৰ্ণষ্ট চেইনক ন’বেল বঁটাৰে পুৰস্কৃত কৰে৷

১৯৪৫ চনৰ পাছৰ পৰা বিভিন্ন ধৰণৰ প্ৰতিজৈবিকৰ আৱিষ্কাৰ হয়৷ ১৯৪৫ চনৰ পাছৰ পৰাই এণ্টিবায়টিকৰ মাত্ৰাধিক পৰিমাণে ব্যৱহাৰ হয়৷ এণ্টিবায়টিকৰ অনিয়ন্ত্ৰিত ব্যৱহাৰে সৃষ্টি কৰে আন এক ভয়ংকৰ সমস্যা৷ সেইটো হ’ল বেক্টেৰিয়াৰ প্ৰতিৰোধ (Bacterial resistance)৷ ১৯৫০ ৰ পৰা ১৯৭০ মাজৰ সময়খিনিতেই আজি পৰ্য্যন্ত ব্যৱহাৰ হোৱা সকলো প্ৰতিজৈবিকৰ আৱিষ্কাৰ হৈছিল৷ এই সময় খিনিৰ ভিতৰতে বিশ্বৰ সকলো ঔষধৰ লেবৰেটৰীসমূহৰ মাজত নতুন আৱিষ্কাৰ বা এণ্টিবায়টিকৰ সৃষ্টিৰ বাবে এক প্ৰতিযোগিতাৰ সৃষ্টি হয়৷ সেয়েহে এইখিনি সময়ক প্ৰতিজৈবিকৰ সোণালী যুগ বুলি অভিহিত কৰে৷ ১৯৭০ চনৰ পাছত আৰু কোনো নতুন এণ্টিবায়টিকৰ আৱিষ্কাৰ হোৱা নাই কেৱল পুৰণি আবিষ্কৃত এণ্টিবায়টিক বোৰৰ পৰাই ৰাসায়নিক সংশ্লেষণ(chemicals synthesis) কৰি নতুন নতুন যৌগৰ সৃষ্টি কৰা হয়৷ সমস্যাটো হ’ল যিকোনো প্ৰতিজৈবিক উদ্ভাৱন কৰি বজাৰত উলিয়াই দিলেই ৬ বা ৭ বছৰৰ ভিতৰতে প্ৰতিৰোধ গঢ়ি তোলে৷ গতিকে বজাৰত নতুন এণ্টিবায়টিকৰ চাহিদা অতি মাত্ৰা বৃদ্ধি পাব ধৰিলে৷ উদাহৰণ স্বৰূপে মেথিচিলিন নামৰ পেনিচিলিনৰ পৰা ৰাসায়নিক সংশ্লেষণৰ পৰা তৈয়াৰ কৰা ঔষধ মাত্ৰ ৯ মাহৰ ভিতৰতে বজাৰত উলিয়াই দিব বাধ্য হ’ল যিটো সাধাৰণতে পৰীক্ষাগাৰৰ পৰা ঔষধ এবিধ বজাৰলৈ আহিবলৈ কমেও আঠৰ পৰা দহ বছৰ সময় লাগে যিখিনি সময়ত ঔষধটোৰ সকলো গুণাগুণ আৰু নিৰাপদ ব্যৱহাৰৰ সকলো দিশ চালি জাৰি চোৱা হয়৷ কিন্তু এই মেথিচিলিনৰ বিৰুদ্ধেও বেক্টেৰিয়াই প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিলে৷ ঔষধৰ কোম্পানীৰ কোনো লাভ নহয় যদিহে ৮ /১০ বছৰ গবেষণা কৰি পোৱা নতুন যৌগ এটা বজাৰত উলিয়াই দিয়াৰ খুব কম দিনৰ ভিতৰতে প্ৰতিৰোধ গঢ়ি তোলে আৰু বিকল হৈ পৰে৷ ফলত বাণিজ্যিক দিশৰ পৰাও এণ্টিবায়টিকৰ উৎপাদনৰ গুৰুত্ব কমি আহিল৷ এফালে নতুন ফলপ্ৰসূ প্ৰতিজৈবিকৰ সদয়ে এটা অভাব, আনহাতে বেক্টেৰিয়াৰ বাঢ়ি অহা প্ৰতিৰোধ, এই দুটাই চিকিৎসক তথা চিকিৎসা বিজ্ঞানী সকলক ভবাই তোলে৷ এই সংকট দিনক দিনে বাঢ়ি আজিৰ পৰ্য্যায় পাইছে৷

আমেৰিকাৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ (center for disease control and prevention) প্ৰতিবেদন অনুসৰি আমেৰিকাত প্ৰতি বছৰে দুই নিযুত মানুহ প্ৰতিৰোধী বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হয় যাৰ বাবে কোনো ফলপ্ৰসূ এণ্টিবায়টিক বজাৰত নাই, আৰু বছৰি ২৩০০০ জন মানুহ বেক্টেৰিয়াৰ প্ৰতিৰোধৰ বাবেই মৃত্যুৰ মুখত পৰে৷ বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা মতে তৃতীয় বিশ্বৰ দেশ সমূহত এই সমস্যা অতি ভয়াবহ হৈ উঠিছে৷ কথা হ’ল এই সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায় কি? ১৮৪০ চনত ইগনাজ্ চেমেলৱেইজ্ (Ignaz Semmelweis) নামৰ হাংগেৰীৰ এজন চিকিৎসকে দেখুৱাই থৈ গৈছে যে উপযুক্ত ভাবে হাত ধোৱা প্ৰক্ৰিয়াৰে প্ৰসূতিৰ জ্বৰত মৃত্যুহোৱা ৰোগীৰ সংখ্যা বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰি৷ তেওঁ কাম কৰা অষ্ট্ৰিয়াৰ ভিয়েনা হস্পিতালৰ প্ৰসূতি বিভাগত হাত ধোৱা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব আৰোপ কৰিছিল দেখিছিল যে মৃত্যুৰ হাৰ সাংঘাতিক ভাবে কমি গৈছিল৷ ১৮৮০ চনত সেই কালৰ মহান শল্য চিকিৎসক যোচোফ লিষ্টাৰে(Joseph Lister) পোন প্ৰথমবাৰৰ বাবে অস্ত্ৰোপচাৰৰ আগত কাৰ্বলিক এচিডেৰে পৰিষ্কাৰ কৰাৰ প্ৰথা প্ৰচলন কৰিছিল লগতে অস্ত্ৰোপচাৰৰ কক্ষত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ নিয়মাৱলী কিছুমান প্ৰৱৰ্ত্তন কৰিছিল আৰু সংক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হৈছিল৷ এতিয়া আমি লিষ্টাৰ আৰু চেমেলৱেইজ্ ৰ দিনৰ পৰা বহুত আগবাঢ়ি আহিছো৷ কিন্তু তেওঁলোকে এণ্টিবায়টিক নথকা যুগতেই দেখুৱাই দিছে যে এণ্টিবায়টিকৰ অবিহনেও বহুতো উপায় আছে যাৰ দ্বাৰা সংক্ৰমণ ৰোধ কৰিব পাৰি৷

বিশ্ব স্বাস্থ্য সংস্থাই (WHO) কেটবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা মতে তৃতীয় বিশ্বৰ দেশ সমূহত এই সমস্যা অতি ভয়াবহ হৈ উঠিছে৷ সেয়েহে কিছুমান নিৰ্দেশনা বা নিয়মাৱলী জাৰি কৰিছে৷ সেই নিয়মাৱলীসমূহৰ মূল উদ্দেশ্য এণ্টিবায়টিকৰ ব্যৱহাৰ সীমিত কৰা, থুলমূলকৈ এনে ধৰণৰ ——– এণ্টিবায়টিক সমূহক প্ৰয়োজন সাপেক্ষে বিভিন্ন শ্ৰেণীত ভাগ কৰা যেনে প্ৰথম শাৰীৰ ঔষধ (first line of drug ), দ্বিতীয় শাৰীৰ ঔষধ (second line of drug) ইত্যাদি৷ কিছুমান ঔষধ অতি সংকটকালীন অৱস্থাত ব্যৱহাৰৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰাৰ ব্যবস্থা কৰা (Reserve drug)৷ চিকিৎসকৰ নিদান পত্ৰ নোহোৱাকৈ এণ্টিবায়টিকৰ বিক্ৰী (over the counter sale) ৰোধ কৰা৷ যিমান পাৰি উপযুক্ত পৰীক্ষা কৰিহে এণ্টিবায়টিক দিয়াৰ ব্যবস্থা কৰা ইত্যাদি৷ ইয়াৰ উপৰিও কৃষি খণ্ডত এণ্টিবায়টিকৰ ব্যৱহাৰ সীমিত কৰা৷ নতুন উদ্ভাৱন আৰু গবেষণাৰ দিশটোত উৎসাহজনক বাতাবৰণৰ সৃষ্টি কৰা লগতে অৰ্থনৈতিক ৰেহাইৰ বাবে সহায় আগবঢ়োৱা যাতে এণ্টিবায়টিকৰ ভঁৰাল সদায় চহকী হৈ থাকে৷
আন কিছুমান ব্যবস্থাৰ অতি প্ৰয়োজন হৈছে যাতে এণ্টিবায়টিকৰ ব্যৱহাৰৰ কমাই আনিব পাৰি৷ বিশুদ্ধ পৰিবেশে সংক্ৰমণ ৰোধ কৰে৷ ইয়াৰ বাবে চিকিৎসালয়ত সংক্ৰমণ নিয়ন্ত্ৰণ ব্যবস্থা (infection control) কাৰ্য্যকাৰী কৰা অত্যন্ত জৰুৰী যেনে অস্ত্ৰোপচাৰ কক্ষৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ নিয়মাৱলী সঠিক ৰূপত পালন, অস্ত্ৰোপচাৰ কক্ষৰ নিয়মিতভাৱে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মুল্যায়ন (sterility evaluation) স্বাস্থ্যকৰ্ম্মী তথা চিকিৎসকৰ ৰোগী চোৱাৰ আগত আৰু পাছত হাত ধোৱা, সংকটকালীন বিভাগত (ICU) পৰিবেশ নিকা কৰি ৰখা আৰু নিয়মাৱলীসমূহৰ সঠিক ৰূপায়ণ৷ ৰোগীৰ মল মূত্ৰ নিষ্কাসনৰ লগতে বৈজ্ঞানিক পদ্ধতিৰে দহনৰ ব্যবস্থা কৰা (incineration)৷ সংক্ৰামক ৰোগীক পৃথক্কৰণ (isolation). নিয়মিতভাৱে টিকাকৰণ হ’ল ৰোগৰ প্ৰতিৰোধ কৰাৰ এটা ফলপ্ৰসূ ব্যবস্থা৷ এতিয়া যেনেদৰে পালচ্ পলিঅ’ অভিযানৰ যোগেদি বন্য ক্ষতিকাৰক ভাইৰাছৰ প্ৰজাতি সমূহক জিনীয় সংস্কৰণ (genetic attenuation) ঘটাই পৰিবেশত পুনৰ কৰোৱাৰ ব্যবস্থা কৰা হৈছে ঠিক তেনেদৰে ক্ষতিকাৰক বেক্টেৰিয়া বোৰৰ তেনে কিবা জিনীয় সংস্কৰণ ঘটাব পাৰি নেকি বা সেই ক্ষতিকাৰক বেক্টেৰিয়াসমূহক জন কল্যাণ সাধনত লগাব পাৰি নেকি তাৰ গবেষণা বা চিন্তা চৰ্চা আৰম্ভ হৈ গৈছে৷ ইয়াৰ উপৰিও ৰাইজৰ মাজত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সজাগতা অনাৰ অতি প্ৰয়োজন৷ সময় থাকোতেই উপযুক্ত পদক্ষেপ লোৱাৰ দৰকাৰ নহলে সমগ্ৰ মানব জাতিয়ে ইয়াৰ দাম ভৰিব লাগিব৷

■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!