এনাজৰী( -প্ৰণীতা গোস্বামী বৰঠাকুৰ)

মৃদুলাই অলপ সোনকালেই আজি ৰান্ধনীশালত সোমাল৷ মৌৰ টোপনি যোৱাৰ আগতেই ভাতকেইটা হ’ব লাগিব৷ তাই চিকেন খাই ভাল পাই বাবে গিৰিয়েকে ওচৰৰ বজাৰখনৰ পৰাই চিকেন আনি থৈছে৷ তাকে যতনাই থৈছে দিনতে, এতিয়া ভাত কেইটাৰ লগতে মা মচলা নিদিয়াকৈ তাইলৈ বেলেগে মাংসকণ ৰান্ধিব খুজিছে৷ কালি ভতিজা ছোৱালীজনীও অফিচৰ কামত আহি আছেহি৷ তায়েই কামৰ পৰা আহি বাকী সকলৰ বাবে ৰান্ধিব হেনো, বাৰে বাৰে কৈ গৈছে খুৰীয়েকক৷
নাতিনীজনীৰ জোখাৰে তাই ৰন্ধাত লাগিল৷ আলু দুটা ফ্ৰাই কৰিব লাগিব, তাই ফিংগাৰ চিপচ্ খায় হেনো৷ মনটো আজি ভাল লাগি আছে, একেখন ঠাইতে থাকিও দেখোন তাইক লগ পাবলৈ টান৷ পো-বোৱাৰী এটাৰো আজৰি নাই৷ তাইক দিদি এগৰাকীৰ লগতে থৈ যায় দিনটো৷ ওচৰতে অৱশ্যে বোৱাৰীৰ মাক দেউতাকৰ ঘৰখন আছে৷ সেয়ে নিশ্চিন্ত সিহঁত৷ ভতিজাজনীয়ে মৌক দেখাই নাই, সেয়ে আজি সিহঁতক মাতি পঠিয়াইছে গিৰিয়েকে৷ কামৰ পৰা আহিয়েই আহিম বুলি কৈছে যেতিয়া ভাত খায়েই যাব বুলি সকলোৰে বাবে ভাতৰে যোগাৰ কৰিছে৷ একেলগে এসাজ খোৱাও হব, গিৰিয়েকে আশাও কৰে৷

old
সন্ধ্যা সাতমান বজাত সিহঁত আহিল৷ নাতিনীৰ লগত ককাক খেলিবলৈ লাগি গ’ল-৷ মৃদুলাই কথা পাতি তাইলৈ ভাতৰ থালখন যোগাৰ কৰাত লাগিল৷ তাই ভালপোৱাকৈ থালখন সজাই আনি ডাইনিং টেবুললৈ তাইক মাতিলে, খেলাত মগ্ন তাই–৷ খেলি থাকোঁতেই মৃদুলাই ভাত খুৱাই দিলেহি৷ খোৱাত দিগদাৰ কৰা ছোৱালীজনীয়ে আইতাকৰ হাতেৰে হাঁহি হাঁহি ভাত খোৱা দেখি মাক দেউতাক আচৰিত৷ ককাকৰ ফুৰ্তিত তত্ নাই তাইৰ হাঁহিভৰা মুখখন চাই চাই৷
ভতিজাক লুণায়ো ভাই বোৱাৰীৰ লগত কথাত লাগিল৷ ঘৰখন অলপ সময়তে যেন সাৰ পাই উঠিল৷ চাৰে আঠটা মানত সিহঁত যাবলৈ সাজু হোৱা দেখি আচৰিত হ’ল তাই৷ —
–’ তহঁতে ভাত খাই যাবি বুলি আমি ভাত ৰান্ধি থৈছোঁ–, ঘৰখনলৈ আহি ভাত নোখোৱাকৈ যাবিনে! ! ? ? —
…………..
………..
পুতেকেই আপত্তি কৰিলে —
: : নহয়, তাত মাক দেউতাক ৰৈ থাকিব…., ভাত ৰান্ধি থ’ব হেনো সিহঁতলৈ–’
…………..

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments