এনিভাৰছেৰী (অচ্যুত হাজৰিকা)

আজি অফিচৰ পৰা অহা অলপ দেৰি । জোতাযোৰ খুলি বাহিৰতে থৈ ভিতৰ সোমালো । এওঁৰ কাঢ়া নিয়ম, জোতা ভিতৰলৈ কোনোবাদিনা যাবলৈ হ’লে সেইযোৰ জাবৰ পেলোৱা গাঁতলৈ গতি কৰিব । সেয়ে বোলো আপোন ভালেই জগত ভাল, নিজ হাতে নামাতো কাল ।
ভিতৰ সোমাই গম পালো বাচন-বৰ্তনবোৰে আজি পাকঘৰত অলপ বেছি ডাঙৰকৈ কথা পাতিছে । ঠুং-ঠাং ঠিলিং-ঠালাং কতলং-মতলং ।
“হেৰা আহিলো মই । ৰঙা চাহ একাপ দিয়া ।”
“নোৱাৰো মই , বিজি আছো ।”
“তুমি পাকঘৰত সোমায়েই আছাচোন , বনোৱাচোন পতককে চাহ একাপ ।”anniversary
“নিজেই বনাই লোৱা ইমান যদি খাব মন গৈছে ।”
“আও কি হ’ল অ তোমাৰ । ইমান গৰম গৰম কথা কৈছা যে । নাখাওঁ দিয়া চাহ ।”
চাহ খোৱাৰ আশাত চেঁচা পানী ঢালি মূখ-হাত ধুবলৈ গলো । মনটোত অলেখ বিভীষিকাই ভিৰ কৰিলেহি । কি বা হ’ল হোম মিনিষ্টাৰৰ । দেৰি হ’ব বুলিতো ফোনত জনায়েই দিছিলো । আজি ক’ৰবাত যোৱাৰ প্লেনোতো বনোৱা নাছিলো । জা…নো ।
মূখ হাত ধুই অলপ তেল মৰাৰ ধান্দাত পাকঘৰত গৈ সোমালো ।
“হেৰা কি বনাইছা হয় । মই অলপ লাগি দিমনেকি ?”
সহাঁৰি পিছে ঠাংকৈ কেৰাহীত মৰা ঢাকনিখনেহে দিলে । হমমহ্ । কথাটো অলপ বিষম । কি ক’ম কি ক’ম বুলি ভাবি ক’লো ,
“জানু , আজি প্ৰবীণে মিছিং কিটছেনত পাৰ্টী দিছিল দিনত । পাতত দিয়া মাছকণ যে আহ্ কি মজা ।”
নীৰৱতা……।
“কিন্তু তুমি সিদিনা যে বনাইছিলা সেইকণক কিন্তু ফেৰ মাৰিব নোৱাৰে হ’লে দেই । সেইকণ খাবলৈ পালে মিছিং কিটছেনৰ ৰান্ধনিয়ে টিকাত গোৰ মাৰিলেও নুঠে ।”
“কিহৰ পাৰ্টী দিছিল ?”
উহ্ ভগৱান । সেৱাহে জনালো । মিছনত কিছু আগবাঢ়িলো মানে । মাতষাৰ ওলাল ।
“এ তাৰ মেৰেজ এনিভাৰছেৰী আছিল । আমি কামোৰ দিলো বাবে……”
অ……মাই……গড্ । কেলেণ্ডাৰখনলৈ চকু যোৱাত মূৰটো ঘূৰাই গ’ল । মোৰ ভিতৰৰ অংগ-প্ৰত্যংগবোৰ যেন হঠাৎ অসাৰ হৈ পৰিল । এসোপামান ডবা-কাঁহ-শংখই যেন কাণৰ ওচৰত টেটুফালি ক’বলৈ ধৰিলে, “হেপী এনিভাৰছেৰী হাজৰিকা… হেপী এনিভাৰছেৰী হাজৰিকা…”

 

সাৰাংশঃ সদায় কিমান বিছনাত শুব । কেতিয়াবা চোফাত শুইও ভাল লাগে । চাবচোন । অল্-আউট এটা লগাই ল’ব কিন্তু, মহে ডাঙি নিওঁ যেন কৰে নহ’লে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!