এনেকুৱাও হ'ব পাৰিলেহেঁতেন:-মূল:- বাংলা কবি:- ৰুদ্ৰ গোস্বামী

অনুবাদ:- অমৃত বৰঠাকুৰ ।

মই আকাশখনলৈ চাই খুব ভাল পাওঁ  ।

এনেকুৱাওতো হ’ব পাৰিলেহেঁতেন ——

কোনোবাই মোক 

আকাশলৈ চাই থকা বাবেই ভাল পায় ।

 

মই কেতিয়াও সাগৰ দেখা নাই ।

মই ভাল পাওঁ নদী ।

এনেকুৱাওতো হ’ব পাৰিলেহেঁতেন ——–

কোনোবাই মোক নদী ভাল পোৱা বাবেই 

মোৰ প্ৰেমত পৰিছে ।

 

গাড়ীত উঠি ফুৰিবলৈ গৈ মই ভাল নেপাওঁ ।

মই খোজ কাঢ়িহে ভাল পাওঁ ।

এনেকুৱাওতো হ’ব পাৰিলেহেঁতেন ———

কোনোবাই মোক 

খোজ কাঢ়ি ফুৰা কাৰণেই ভাল পায় ।

 

কোনোবাই চাকৰি কৰে আৰু কোনোবাই ব্যৱসায় ।

মই কিন্তু নিচেই সাধাৰণ ।

এনেকুৱাওতো হ’ব পাৰিলেহেঁতেন ———-

মই নিচেই সাধাৰণ কাৰণেই 

কোনোবাই মোক হৃদয় দান কৰিছে ।

 

মানুহক ভাল পাবলৈ 

মানুহতকৈ ভিন্ন আৰু কিহৰ প্ৰয়োজন ?

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments