সেই গল্পটো ; মূল:- বাংলা । কবি:- পূৰ্ণেন্দু পুত্ৰী ।

অনুবাদ:- অমৃত বৰঠাকুৰ ।

মোৰ সেই গল্পটো এতিয়াও শেষ হোৱা নাই ।

শুনা ।

পাহাৰটোৱে, আগতেই কৈছিলোঁ নহয়

ভাল পাইছিল মেঘক 

আৰু 

মেঘে কেনেকৈ শুকান পাহাৰটোক 

কৰি তুলিছিল ছাব্বিশ বছৰীয়া দুৰন্ত তৰুণ,

সেইখিনি কথাতো আগতেই শুনিছা ।

সেইদিনা আছিল, পাহাৰটোৰ ওপজা দিন ।

মেঘে পাহাৰটোক ক’লে,

“আজি তুমি ৰঙা শাৰীখন পিন্ধি আহিবা ।”

মেঘেও পাহাৰটোক কৈছিল,

“আজি তোমাক চন্দন মিহলি 

সুগন্ধি পানীৰে গা ধুৱাই দিম ।”

প্ৰেমত পৰিলে নাৰীবোৰ হৈ যায় সুকোমল নদী 

আৰু

পুৰুষবোৰ জলন্ত অগ্নি ।

সেই দৰেই মেঘ আছিল 

পাহাৰটোৰ জলন্ত আলিঙ্গনত 

আৰু পাহাৰটো আছিল 

 ঢৌ খেলোৱা প্ৰৱাহমান নৈৰ বুকুৰ মাজত 

হঠাৎ সমগ্ৰ আকাশ জুৰি 

বাজি উঠিল অশনি সংকেত ।

কেঁকোৰা চুলিটাৰি উৰুৱাই 

ডকাইতৰ দৰে উৰি আহিল এজাক বতাহ ।

মেঘৰ আঁচলটো টান মাৰি ক’লে,

“এই ছোৱালী, উঠ । 

আজি তোৰ বিয়া ।”

এতিয়াও গল্পটো শেষ হোৱা নাই ।

বজ্ৰৰ সৈতে মেঘৰ বিয়াখন ঠিকেই হৈ গ’ল,

কিন্তু 

 পাহাৰখনক তাই কেতিয়াও পাহৰিব নোৱাৰিলে ।

তুমি যদি বিশ্বাস নকৰা,

তেন্তে ফালি চাব পাৰা পাহাৰটোৰ বুকুখন ।

দেখিবা, পাহাৰটোৰ কামী-হাড়,

ভিতৰত উপচি আছে 

শত নিজৰাৰ স্ফতিক স্বচ্ছ জল ।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments