বৈপৰীত্য; কবি:-কিয়াযিৰাহ চাইখ আৰিফিন ।;ইংৰাজী অনুবাদ:- জীম মৰিচন ।

অসমীয়া অনুবাদ:- অমৃত বৰঠাকুৰ ।

তুমি কোৱা, তুমি বৰষুণ ভাল পোৱা,

কিন্তু বৰষুণৰ বতৰত তুমি ছাটি লৈহে 

বাহিৰলৈ যোৱা ।

 

তুমি কোৱা, তুমি ৰ’দ ভাল পোৱা,

কিন্তু ৰ’দ দিলে, তুমি ছায়াৰ সন্ধান কৰা ।

 

তুমি কোৱা তুমি বতাহ ভাল পোৱা,

কিন্তু বতাহ বলিলে,

তুমি খিৰীকিখন জপাই দিয়া ।

 

সেয়ে, মোৰ বৰ ভয় লাগে,

যেতিয়া তুমি কোৱা,

“মই তোমাক ভাল পাওঁ ।”

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments