এপল' অভিযানৰ নজনা কথাবোৰ
লেখক- - লক্ষ্যজ্যোতি নাথ
কাৰোবাক যদি সোধা হয় চন্দ্ৰলৈ কেইজন মহাকাশচাৰী গৈছিল আৰু কোন কোন, প্ৰায় বেছি সংখ্যকেই এটায়ে উত্তৰ দিয়ে ৩ জন, আৰু সেই ৩ জন হৈছে নীল আৰ্মষ্ট্ৰং, এডউইন এলড্ৰিন আৰু মাইকেল কলিন্স। আচলতে ইয়াত বৰ বেছি আচৰিত হ’ব লগাও একো নাই। যিখন সমাজত আমি ডাঙৰ হৈছোঁ সেই সমাজত আমি সৰু থাকোঁতে তৰা মানে কি সুধিলে মানুহৰ মৃত্যু হোৱা পাছত আত্মাতো আকাশত তৰা হৈ থাকে বুলি শিকোৱা হয়, পপীয়া তৰা মানে জীৱনত পাপ কৰা মানুহৰ আত্মা তৰা হৈ আকাশত থাকিব নোৱাৰি পৰি যায় বুলি শিকোৱা হয় তাত মহাকাশ, জ্যোতিৰ্বিজ্ঞানৰ কথা নজনা ডাঙৰ কথা নহয়। কিন্তু এতিয়া সময় সলনি হৈছে সৰু সৰু উঠি অহা ছাত্র-ছাত্ৰী মহাকাশ, জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি খুবেই আকৰ্ষিত। আজি আমি লেখাটোত চন্দ্ৰলৈ আচলতে কিমান জন মহাকাশচাৰী গৈছিল আৰু কোন কোন গৈছিল, তাৰ পাছত চন্দ্ৰলৈ কিয় মহাকাশচাৰী নপঠোৱা হ’ল, আৰ্টেমিছ অভিযানৰ আঁৰৰ কাহিনী তাকে আলোচনা কৰিম।
চন্দ্ৰলৈ আমি মহাকাশচাৰী যোৱা বুলি ক’লে আমি অকল এপল’-১১ অভিযানৰ নীল আৰ্মষ্ট্ৰং, এডউইন এলড্ৰিন আৰু মাইকেল কলিন্সৰ কথাহে বেছিকৈ জানো। আচলতে চন্দ্ৰলৈ মহাকাশচাৰী পঠোৱা এপল’ অভিযানৰ (Apollo Program) ৰ আৰম্ভণি হৈছিল এপল’-১ অভিযানৰ পৰা। কোনো পৰীক্ষা নিৰীক্ষা নকৰাকৈ যাওঁ বুলিলেই চন্দ্ৰলৈ যাব নোৱাৰি তাকো ইতিহাসত প্ৰথম বাৰ। এপল’ অভিযানত এপল’-১ ৰ পৰা এপল’-১০ লৈকে ৮ টা অভিযান (এপল’-২ আৰু এপল’-৩ অভিযান হোৱা নাছিল) অকল মহাকাশচাৰী চন্দ্ৰলৈ কেনেকৈ যাব পাৰি, কেনেকৈ সুকলমে ঘূৰি আহিব পাৰি, ক’ত আৰু কেনেকৈ অৱতৰণ কৰিব তাৰে পৰীক্ষা-নিৰীক্ষা হৈছিল। তাৰ পাছত ১১ নম্বৰ এপল’-১১ অভিযানত সেই তিনিজন মহাকাশচাৰী চন্দ্ৰত সফলতাৰে ভৰি দিবলৈ সক্ষম হৈছিল।
এপল’-১ অভিযানত মহাকাশযান মহাকাশচাৰীক চিধা চন্দ্ৰলৈ নহয়, মহাকাশযান এখনত তিনিওজন মহাকাশচাৰীক বহোৱাই পৃথিৱীৰ কক্ষপথলৈ পঠাই সুকলমে ঘূৰি আহিব পাৰিব নে নাই তাক পৰীক্ষা কৰাৰ পৰিকল্পনা কৰা হৈছিল। ২১ ফেব্ৰুৱাৰী ১৯৬৭ চনত উৎক্ষেপণ কৰিব লগা এই এপল’-১ অভিযানৰ তিনিজন মহাকাশচাৰী আছিল গাছ গ্ৰীছম, এড হোৱাইট আৰু ৰজাৰ বি চেফী। তেওঁলোক মহাকাশযান খনৰ ভিতৰত বহি যেতিয়া ৰকেট উৎক্ষেপণৰ সময় হৈছিল তেতিয়ায়ে মহাকাশযান খনৰ ভিতৰত বিদ্যুৎ শ্বৰ্ট চাৰ্কিট হৈ জুই উৎপন্ন হৈছিল আৰু মহাকাশযান খনৰ ভিতৰত অতিমাত্ৰা অক্সিজেন আৰু জ্বলন্তশীল বস্তু থকাৰ বাবে সেই জুই লগে লগে মহাকাশযান খনৰ ভিতৰত বিয়পি পৰিছিল। তেওঁলোকৰ মহাকাশযান খনৰ যি বাহিৰলৈ ওলাই অহা দৰ্জা আছিল সেইয়া খোলাও যথেষ্ট কঠিন আছিল যাৰ ফলত তেওঁলোক বাহিৰলৈ ওলাই আহিব নোৱাৰিলে আৰু জুইত দগ্ধ হৈ তিনিওৰে মৃত্যু হয়। সেইবাবে এপল’-১ অভিযান অতি দুৰ্ভাগ্যজনক আছিল।
ইয়াৰ পিছত এপল’-২ আৰু এপল’-৩ অভিযান বাতিল কৰি সেই বছৰতে ৯ নৱেম্বৰ ১৯৬৭ ত এপল’-৪ অভিযান কৰা হয়। এই এপল’-৪ অভিযানত এইবাৰ মহাকাশচাৰীক পঠোৱা হোৱা নাছিল, মহাকাশচাৰী বিহীন মহাকাশযান খনক পৃথিৱীৰ কক্ষপথলৈ পঠাই সুকলমে ঘূৰি আহিব পাৰিব নে নাই তাক পৰীক্ষা কৰা হৈছিল। আৰু এই এপল’-৪ অভিযান সফল হৈছিল। ইয়াৰ পাছত আকৌ ২২ জানুৱাৰী ১৯৬৮ চনত এপল’-৫ আৰু ৪ এপ্ৰিল ১৯৬৮ চনত এপল’-৬ অভিযানত এপল’-৪ অভিযানৰ দৰে মহাকাশচাৰী বিহীন মহাকাশযান খনক পৃথিৱীৰ কক্ষপথলৈ পঠাই সুকলমে ঘূৰি আহিব পাৰিব নে নাই তাক পৰীক্ষা কৰা হয়। এই দুটা অভিযানো সফল হৈছিল। আচলতে NASA য়ে প্ৰথম এপল’-১ অভিযানত চিধা মহাকাশচাৰীক বহোৱাই পৃথিৱীৰ কক্ষপথলৈ পঠোৱা সিদ্ধান্ত ভুল আছিল তেতিয়া অনুভৱ কৰিছিল। ভুলৰ পৰায়ে মানুহে শিকে আৰু NASA য়ে সেই ভুলৰ পৰা শিকি এপল’ অভিযানত আগবাঢ়িছিল।
ইয়াৰ পাছত NASA য়ে ১১ অক্টোবৰ ১৯৬৮ চনত ৱালি শ্বিৰা, ডন এফ আইজেল আৰু ৱাল্টাৰ কানিংহাম নামৰ তিনিজন মহাকাশচাৰীক এপল’-৭ অভিযানত আকৌ মহাকাশযানৰ জৰিয়তে পৃথিৱীৰ কক্ষপথলৈ পঠাই সুকলমে ঘূৰি আহিব পাৰিব নে নাই তাক পৰীক্ষা কৰিছিল। এইবাৰ এপল’-৭ অভিযান সফল হৈছিল।
ইয়াৰ পাছতহে NASA য়ে চন্দ্ৰলৈ মহাকাশচাৰীক পঠোৱা অভিযান আৰম্ভ কৰিছিল। ২১ ডিচেম্বৰ ১৯৬৮ চনত এপল’-৮ অভিযান যোগে ফ্ৰেংক বৰ্মান, জেমছ লাভেল আৰু উইলিয়াম এণ্ডাৰ্ছ নামৰ তিনিজন মহাকাশচাৰীক চন্দ্ৰৰ কক্ষপথলৈ পঠোৱা হৈছিল। তেওঁলোককে সফলতাৰে চন্দ্ৰৰ কক্ষপথলৈ গৈ ২০ ঘণ্টাত ১০ বাৰ চন্দ্ৰৰ কক্ষপথত ঘূৰি পৃথিৱীলৈ ঘূৰি আহিছিল।
ইয়াৰ পাছত ৩ মাৰ্চ ১৯৬৯ চনত এপল’-৯ অভিযান কৰা হৈছিল। এই অভিযানত জেমছ মেকডিভিট, ডেভিড স্কট আৰু ৰাষ্টি শ্বাইকাট নামৰ তিনিজন মহাকাশচাৰীক আকৌ চন্দ্ৰৰ কক্ষপথলৈ পঠোৱা হৈছিল। কিন্তু এই অভিযানত তেওঁলোক বহি যোৱা মহাকাশযানখনৰ উপৰি লগত যিখন মহাকাশযান চন্দ্ৰত অৱতৰণ কৰিব তাকো সংযোগ কৰি পঠোৱা হৈছিল। তেওঁলোক বহি যোৱা মহাকাশযান খনক Command Module আৰু চন্দ্ৰত অৱতৰণ কৰিব লগা মহাকাশযান খনক Lunar Module বুলি কোৱা হৈছিল। এই এপল’-৯ অভিযানো সফল হৈছিল।
ইয়াৰ পাছত ১৮ মে ১৯৬৯ ত এপল’-১০ অভিযান কৰা হৈছিল। যাক কোৱা হৈছিল ফাইনেল এপল’-১১ অভিযানৰ আগত শেষৰটো Dress Rehearsal বা অন্তিম অনুশীলন। এই এপল’-১০ অভিযানত থমাছ পি ষ্টাফৰ্ড, জন ডব্লিউ ইয়ং আৰু ইউজিন চাৰ্নান নামৰ তিনিজন মহাকাশচাৰীক এপল’-৯ অভিযানৰ দৰে Command Module আৰু Lunar Module সহ চন্দ্ৰৰ একেবাৰে ওচৰলৈ পঠোৱা হৈছিল। তেওঁলোকৰ মহাকাশযান খন এইবাৰ চন্দ্ৰপৃষ্ঠৰ পৰা মাত্ৰ ১৫ কিলোমিটাৰ ওচৰৰ পৰা চন্দ্ৰৰ কক্ষপথত ঘূৰি পৃথিৱীলৈ আকৌ ঘূৰি আহিবলৈ সক্ষম হৈছিল।
ইয়াৰ পাছতহে ১৬ জুলাই ১৯৬৯ চনত সেই ঐতিহাসিক দিন আহিছিল যেতিয়া এপল’-১১ অভিযান যোগে নীল আৰ্মষ্ট্ৰং, এডউইন এলড্ৰিন আৰু মাইকেল কলিন্স চন্দ্ৰলৈ বুলি ৰাওনা হৈছিল। চন্দ্ৰৰ কক্ষপথ পোৱাৰ পাছৰ নীল আৰ্মষ্ট্ৰং আৰু এডউইন এলড্ৰিন মুখ্য Command Module ৰ পৰা চন্দ্ৰত অৱতৰণ কৰিম লগা Lunar Module লৈ গুচি আহিছিল আৰু মাইকেল কলিন্স Command Module থাকি চন্দ্ৰৰ কক্ষপথত ঘূৰি আছিল। তাৰ পাছতেই Lunar Module চন্দ্ৰত অৱতৰণ কৰে আৰু নীল আৰ্মষ্ট্ৰঙে প্ৰথম চন্দ্ৰ পৃষ্ঠত ভৰি থৈ চন্দ্ৰ খোজা দিয়া প্ৰথম মানৱ হিচাপে ইতিহাস ৰছে। ইয়াৰ পাছতেই এডউইন এলড্ৰিনে চন্দ্ৰত ভৰি থয় আৰু মাইকেল কলিন্স Command Module থাকি চন্দ্ৰৰ কক্ষপথত ঘূৰি থাকে। এওঁলোক ঘূৰি আহোঁতে ২১.৫ কেজি চন্দ্ৰৰ শিল লৈ ঘূৰি আহে।
ইয়াৰ পাছত ১৪ নৱেম্বৰ ১৯৬৯ চনত এপল’-১২ অভিযানযোগে চাৰ্লছ পিট কনৰাড, ৰিচাৰ্ড এফ গৰ্ডন জুনিয়ৰ আৰু এলান এল বিন নামৰ তিনিজন মহাকাশচাৰী দ্বিতীয় বাৰৰ বাবে চন্দ্ৰত অৱতৰণ কৰে। এওঁলোক ঘূৰি আহোঁতে ৩৪.৩ কেজি চন্দ্ৰৰ শিল পৃথিৱীলৈ লৈ আহে।
ইয়াৰ পাছত ১১ এপ্ৰিল ১৯৭০ চনত এপল’-১৩ অভিযানযোগে জেমছ এ লাভেল, জেক স্বিগাৰ্ট আৰু ফ্ৰেড হেইজ নামৰ তিনিজন মহাকাশচাৰী তৃতীয় বাৰৰ বাবে চন্দ্ৰত অৱতৰণ কৰিম বুলি উৰা মাৰে। চন্দ্ৰৰ কক্ষপথ পোৱাৰ পাছতেই তেওঁলোকৰ মহাকাশযান খনৰ যি অংশত ইঞ্জিন, অক্সিজেন টেংক, বিদ্যুৎৰ মেচিন আদি থাকে যাক Service Module বুলি কোৱা হয় তাত অক্সিজেন টেংকৰ ফাটি যায় আৰু মহাকাশযান খনত কাৰিকৰী বিজুটি ঘটে। মহাকাশচাৰী তিনিজনে তাৰ পাছত Command Module ৰ পৰা ওলাই Lunar Module যোগে অতি সাৱধানতাৰে পৃথিৱীলৈ ঘূৰি আহিবলৈ সক্ষম হয়। এই অভিযানত মহাকাশচাৰী তিনিজন চন্দ্ৰত অৱতৰণ কৰিব নোৱাৰিলে যদিও নিজৰ জীৱন বচাই পৃথিৱীলৈ ঘূৰি আহিবলৈ সক্ষম হোৱাৰ বাবে এই অভিযানক Successful failure অভিযান বুলি কোৱা হয়।
ইয়াৰ পাছত ৩১ জানুৱাৰী ১৯৭১ চনত এপল’-১৪ অভিযানযোগে এলান শ্বেপাৰ্ড, ষ্টুৱাৰ্ট ৰুছা আৰু এডগাৰ মিচেল নামৰ তিনিজন মহাকাশচাৰী তৃতীয় বাৰৰ বাবে সফলতাৰে চন্দ্ৰত অৱতৰণ কৰে। এইবাৰ তেওঁলোকে ৪২.৮ কেজি চন্দ্ৰৰ শিল পৃথিৱীলৈ লৈ আহে।
ইয়াৰ পাছত ২৬ জুলাই ১৯৭১ চনত এপল’-১৫ অভিযানযোগে ডেভিড স্কট, জেমছ বি আৰউইন আৰু এলফ্ৰেড ওৰ্ডেন নামৰ তিনিজন মহাকাশচাৰী চতুৰ্থ বাৰৰ বাবে সফলতাৰে চন্দ্ৰত অৱতৰণ কৰে। এই অভিযানত তেওঁলোকে প্ৰথমবাৰৰ বাবে Lunar Roving Vehicle অৰ্থাৎ চন্দ্ৰত চলিব পৰা গাড়ী লৈ চন্দ্ৰত অৱতৰণ কৰিছিল। এই অভিযানত তেওঁলোকে ৭৬.৭ কেজি চন্দ্ৰৰ শিল পৃথিৱীলৈ লৈ আহে।
ইয়াৰ পাছত ১৬ এপ্ৰিল ১৯৭২ চনত এপল’-১৬ অভিযানযোগে জন ডব্লিউ ইয়ং, চাৰ্লছ এম ডিউক জুনিয়ৰ আৰু থমাছ কে মেটিংলি নামৰ তিনিজন মহাকাশচাৰী পঞ্চম বাৰৰ বাবে সফলতাৰে চন্দ্ৰত অৱতৰণ কৰে। এই অভিযানত তেওঁলোকে দ্বিতীয় বাৰৰ আকৌ Lunar Roving Vehicle লৈ চন্দ্ৰত অৱতৰণ কৰিছিল। এই অভিযানত তেওঁলোকে ৯৪.৩ কেজি চন্দ্ৰৰ শিল পৃথিৱীলৈ লৈ আহে।
এপল’ অভিযানৰ শেষৰ আৰু ষষ্ঠতো সফল এপল’-১৭ অভিযান ৭ ডিচেম্বৰ ১৯৭২ চনত হৈছিল। এই অভিযানত ইউজিন চাৰ্নান, হেৰিছন স্মিট আৰু ৰোনাল্ড এভান্স তিনিজন মহাকাশচাৰী চন্দ্ৰত অৱতৰণ কৰিছিল। এই অভিযানত তেওঁলোকে তৃতীয় বাৰৰ বাবে Lunar Roving Vehicle লৈ চন্দ্ৰত অৱতৰণ কৰিছিল। এই অভিযানত তেওঁলোকে ১১০.৪ কেজি চন্দ্ৰৰ শিল পৃথিৱীলৈ লৈ আহিছিল।
এপল’ অভিযানত চন্দ্ৰত অৱতৰণ কৰা মুঠ ৬টা সফল অভিযান হৈছিল। সেই ৬টা অভিযানত ৩ জনকৈ মুঠ ১৮ জন মহাকাশচাৰী মহাকাশযানত গৈছিল। তাৰে প্ৰত্যেক বাৰত ২ জনকৈ মুঠ ১২ জন মহাকাশচাৰী Lunar Module যোগে চন্দ্ৰত অৱতৰণ কৰিছিল আৰু ৬ জন মহাকাশচাৰী Command Module থাকি চন্দ্ৰৰ কক্ষপথত ঘূৰি থাকিছিল। অভিযানৰ শেষত আকৌ Lunar Module যোগে দুয়োজন মহাকাশচাৰী Command Module সংযোগ হৈ অৱশেষত অকল Command Module যোগে তিনিওজন মহাকাশচাৰী পৃথিৱীলৈ ঘূৰি আহিছিল। Lunar Module আৰু Service Module মহাকাশতে এৰি দিয়া হৈছিল। এই দুয়োটা Module ত উষ্ণতা সহিব পৰা আৱৰণ নাথাকে বাবে পৃথিৱীৰ বায়ুমণ্ডলত সোমোৱা লগে লগে ই জ্বলি গৈছিল। এইয়াই আছিল সম্পূৰ্ণ এপল’ অভিযানৰ মূল মূল কথা।
বহুতেই এটা প্ৰশ্ন কৰে তেতিয়াৰ দিনতে NASA য়ে ইমান এপল’ অভিযান কৰি ৬ বাৰ চন্দ্ৰলৈ সফলভাৱে মহাকাশচাৰী পঠালে, তাৰ পাছত কিয় নপঠোৱা হ’ল। আচলতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ NASA য়ে এপল’ অভিযান কৰাৰ কেইবাটাও কাৰণ আছিল। তাৰে এটা প্ৰধান কাৰণ চন্দ্ৰৰ পৃষ্ঠত মানুহে নিজে গৈ চন্দ্ৰতো চাই অহা, তাত বৈজ্ঞানিক গৱেষণা কৰা লগতে চন্দ্ৰৰ মাটি আৰু শিল পৃথিৱীত গৱেষণা কৰিবলৈ লৈ অহা। দ্বিতীয় কাৰণ আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ মাজত শীতল যুদ্ধ মহাকাশ বিজ্ঞানত কোনে প্ৰথম কিবা এটা কৰিব পাৰে। ৰাছিয়ায়ে ইতিমধ্যে ৪ অক্টোবৰ ১৯৫৭ চনত প্ৰথম কৃত্ৰিম উপগ্ৰহ স্পুটনিক-১ (Sputnik 1), তাৰ পাছত ১২ এপ্ৰিল ১৯৬১ চনত ইউৰি গাগাৰিনক প্ৰথম মহাকাশলৈ যোৱা মহাকাশচাৰী অভিলেখ গঢ়াৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সন্মানত লাগিছিল। সেইবাবে আমেৰিকা যুক্তৰাষ্ট্ৰয়ে চন্দ্ৰত অৱতৰণ কৰা প্ৰথম মহাকাশচাৰী যাতে আমেৰিকাৰ হয় তাৰ বাবে চেষ্টা চলাইছিল আৰু সেই চেষ্টা শেষত সফল হৈছিল। এপল’ অভিযানৰ নামত তেতিয়া ১৯৭৩ চনতেই ২৫.৪ বিলিয়ন আমেৰিকান ডলাৰ (এতিয়া ২০২৬ এই মূল্য প্ৰায় ১৭৩ বিলিয়ন আমেৰিকান ডলাৰ) আমেৰিকায়ে খৰছ কৰি পেলাইছিল যাৰ বাবে তেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু চৰকাৰ কিছু সমালোচনাৰো সন্মুখীন হৈছিল। তথাপিও আমেৰিকা NASA য়ে চন্দ্ৰত যে মানুহ যাব পাৰে কৰি দেখুৱাব সক্ষম হৈছিল।
ইয়াৰ পাছত চন্দ্ৰলৈ কিয় মহাকাশচাৰী নপঠোৱা হ’ল! ইয়াৰ উত্তৰ হ’ল পাছৰ সময়ত ভাৰতৰ চন্দ্ৰযানকে ধৰি বিভিন্ন দেশে যিবোৰ মহাকাশযান নিৰ্মাণ কৰিলে সেই মহাকাশযানে নিজে গৈ চন্দ্ৰ পৃষ্ঠ গৱেষণা, মেপিং, শিল/মাটিৰ নমুনা সংগ্ৰহ কৰি পৃথিৱীলৈ আনিব পৰা হ’ল। যাৰ বাবে চন্দ্ৰলৈ এইবোৰ কামৰ বাবে মহাকাশচাৰী যোৱা প্ৰয়োজন নোহোৱাৰ দৰে হ’ল।
তেন্তে এতিয়া আৰ্টেমিছ অভিযান (Artemis Mission) যোগে আকৌ কিয় চন্দ্ৰলৈ মহাকাশচাৰী পঠাব পৰিকল্পনা কৰিছে! ইয়াৰ উত্তৰ এইবাৰ যি আৰ্টেমিছ অভিযান যোগে চন্দ্ৰলৈ মহাকাশচাৰী পঠাব পৰিকল্পনা কৰিছে তাৰ উদ্দেশ্য এপল’ অভিযানৰ উদ্দেশ্য সৈতে একেই নহয়। এপল’ অভিযানৰ উদ্দেশ্য কি আছিল সেয়া ইতিমধ্যে উল্লেখ কৰা হৈছে৷ সম্প্ৰতি আৰম্ভ কৰা আৰ্টেমিছ অভিযানৰ মুখ্য উদ্দেশ্য চন্দ্ৰত গৈ উভতি অহা নহয়, ভৱিষ্যতে চন্দ্ৰত International Space Station-ৰ দৰে স্থায়ী মহাকাশ গৱেষণা কেন্দ্ৰ খোলা আৰু তাত সদায় মহাকাশচাৰী থাকি বৈজ্ঞানিক গৱেষণা, মহাকাশ অধ্যয়ন কৰা। আৰ্টেমিছ অভিযানৰ আন এটা উদ্দেশ্য ভৱিষ্যতে মঙ্গল গ্ৰহলৈ মহাকাশচাৰী যোৱাৰ বাবে প্ৰস্তুতি চলোৱা। আচলতে আমি এতিয়া যি ভাবো আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু NASA য়ে সেইয়া ৫০ বছৰৰ আগতেই কৰি দিয়ে। আমি আৰু ৫০-৬০ বছৰৰ পাছত হয়তো মঙ্গল গ্ৰহলৈ যোৱা কথা ভাবিম, NASA য়ে হয়তো আগন্তুক ১০-১৫ বছৰত এই কাম কৰিয়ে পেলাব। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সকলো ক্ষেত্ৰতেই আমেৰিকা যুক্তৰাষ্ট্ৰ আগবঢ়া যাৰ বাবেই এইয়া সম্ভৱ হৈছে। ভাৰত পৃথিৱীৰ সকলোতকৈ বেছি জনসংখ্যা দেশ, আমাৰ ইয়াত ইমান মানুহ কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, চীন, ইউৰোপৰ বহু দেশতকৈ আমি প্ৰায় ৫০ বছৰ পিছপৰা। ইয়াৰ কাৰণ আমাৰ দেশত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি মানুহৰ অৱহেলা। এতিয়াও এনেবোৰ কথা ভাৰতৰ ৮০% মানুহৰ বাবে ভাবিব নোৱাৰা সাধু কথা। আগতে যি হ’ল হৈ গ’ল, এতিয়া অন্ততঃ উঠি অহা প্ৰজন্মক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি ধাউতি বঢ়োৱা আমাৰ মুখ্য কাম হ’ব লাগে।
