এপিয়লা প্ৰেমৰ বাবে নিমন্ত্ৰণ (ধনজিত কলিতা)

ধনজিত কলিতা
 
আপোনাক নিমন্ত্ৰণ জনালো,  মোৰ ঘৰলৈ, আহিব!
আহোতে পদুলিমুখতেই আপুনি পিন্ধি অহা জোতাযোৰ
সোলোকাই থবলৈ নাপাহৰিব;
তাত লাগি থকা জাগতিক দুখৰ ধুলিকণাই
হয়তো সহিব নোৱাৰিব পাৰে মোৰ চোতালৰ প্ৰেমৰঙীন ঠিকনা!
আহিয়ে আপুনি শোকৰঙীন কাপোৰযোৰ সলাই লব,
যাত্ৰাতে ই অৰ্জন কৰা দ্বেশৰ কলুষতাই হয়তো
নসহিব পাৰে খিৰিকিকাষৰ খৰিকাজাঁইজোপাৰ স্নিগ্ধতা!
পিন্ধিব এজোৰ কাপোৰ, শুধবগা,
মোৰ সতে প্ৰেমৰঙীন হ’বলৈ এইটোৱে শ্ৰেষ্ঠতম ৰং।
আপোনাৰ সতে পৰিচয় হ’ম,
আপোনাৰ কুশল বাৰ্তা সুধিম
হয়, কুশলেই!
তাৰ পিছত যাচিম আপোনাক এপিয়লা প্ৰেম,
দুয়ো মতলীয়া হ’ম!
প্ৰেম আৰু জীৱনৰ ৰাগী
মোৰ সতে স্বপ্নৰঙীন হ’বলৈ
এয়াই সহজতম ৰাগী।
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!