এমুঠি লিমাৰিক: স্যামন্ত কুমাৰ গোস্বামী

(১)

ডেকাল’ৰাৰ দুহাতত বাইকৰ হেণ্ডেল

উৰাই ফুৰে সেইখন সি পিন্ধি হাৱাই চেণ্ডেল
চকুত এযোৰ ডাবাং গ্লাছ
ঘূৰি ফুৰে বিনদাছ
মাক-বাপেকৰ সিয়েই হেনো আশাৰ কেণ্ডেল !

(২)

বগা চোলা, মুখত দাড়ি, ওঁঠত হাঁহি চিকমিক
শ্লোগান দি, আন্দোলন কৰি সাজিলে ঘৰ জিকমিক
ঘৰ-বাৰী-নাৰী কেলেংকাৰী
চি বি আইয়ে ফুৰে বিচাৰি
মোক সভাপতি নাপাত যদি লগাম একোটাহঁত থিয় কিক !

(৩)

বয়োবৃদ্ধ লোকজনৰ এটাই মাথোঁ বন্দুক
চেটেলাইট ফোনটোও দাঁতযোৰৰ দৰে সোলোক-ঢোলোক
লগৰবোৰে হেনো পাই মৌকা
দি দিলে তেওঁক বৈধ্য ধৌকা
মানুহ মাৰি, লুটপাট কৰি ভৰাই পেলালে চন্দুক।

(৪)

কান্ধত মোনা, হাত দীঘল চোলা, মুখত ফুটে আখৈ
কাৰ ঘৰত নাঙল আছে ৰং দি আনিবি কাইলৈ ঐ
ৰাজপথত দেখুৱাম সিহঁতক
যে আমিহে দেশৰ প্ৰকৃত কৃষক
এবাৰ পিছে কৰি লওঁ গাৰ্গল মাতটো ভাঙিলে চিঞৰোঁতে ঐ।

বি. দ্ৰ: এইকেইটা কোনো জীৱিত বা মৃত ব্যক্তিৰ সৈতে জড়িত নহয়।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!