ঈশ্বৰৰ সন্ধানত- ‘apple’ ভগৱান: উদ্দীপ তালুকদাৰ

ঈশ্বৰৰ সন্ধানত- ‘apple’ ভগৱান

উদ্দীপ তালুকদাৰ

এজন মহা শক্তিমান স্ৰজনকৰ্তা, যিয়ে অণু-পৰমাণুকে আদি কৰি বিশ্বব্ৰহ্মাণ্ডলৈকে সকলো স্ৰজন কৰিলে। সেই সৰ্বশক্তিমানক বুজাৰ প্ৰয়াস সাধাৰণ মানুহৰ মগজুৰে হ’ব জানো? আকৌ যদি ওলোটাকৈ ভাবোঁ! তেনে কোনো এজন সৃষ্টিকৰ্তা কেতিয়াও নাছিলেই! মানৱ-জীৱনৰ চৰম অৰ্থহীনতাক এক ভ্ৰমিত অৰ্থ দিবলৈ মানুহেই সৃষ্টি কৰি লোৱা ঈশ্বৰ এটা সত্ত্বা মাথো। দুই পক্ষৰ বাদ-বিবাদ সহজে অন্ত হোৱাৰ লক্ষণ নাই। তৰ্কৰ বাবে ই এটা অতি সহজ বিষয়, কাৰণ দুয়ো পক্ষই যুক্তিতকৈ বেছি আবেগ আৰু পাৰিপাৰ্শ্বিক তথ্যৰ ওপৰত ভিত্তি কৰি থাকিব লাগিব, আৰু এনে তৰ্ক ফলপ্ৰসূ হোৱাৰ সম্ভাৱনা তেনেই কম। এই দুভাগতে আকৌ ন’বেল বিজয়ী বিজ্ঞানীৰপৰা সাধাৰণ মানুহলৈ সোমাই আছে।

এই লিখাটোত ঈশ্বৰক আচাৰ-ভিত্তিক ধৰ্মৰ (হিন্দু, মুছলমান, খ্ৰীষ্টান আদি ধৰ্মবোৰ ঈশ্বৰ-বিষয়ক কিছুমান আচাৰ-নীতিৰ সমাহাৰ মাথো, একো ধৰ্ম পালন নকৰাকৈয়ো মানুহ এজন ঈশ্বৰ বিশ্বাসী হ’ব পাৰে) আওতাত পেলোৱা মূঠেই হোৱা নাই। সৰ্বময়কৰ্তা অৰ্থতহে ঈশ্বৰক ইয়াত লোৱা হৈছে। ধৰ্মৰ পৰিধিৰ বাহিৰত ঈশ্বৰৰ সত্বা সন্ধান কৰাটোকে আধ্যাত্মিকতা বুলিব পাৰি।

মঠ-মন্দিৰ-গীৰ্জা-মছজিদৰ বাহিৰেও বেছিভাগ আধ্যত্মিক লোকে ঈশ্বৰৰ সন্ধান কৰে নিজৰ ভিতৰত। মানুহজনৰ ‘মই’টো ঠিক ক’ত থাকে, সেইটোৰ খাটাং উত্তৰ নাপালেও ‘মই’টোৰ উৎপত্তি মগজুত হয় বুলি ধাৰণা কৰা হয়। কাৰণ মানুহৰ মগজুটোৱে কাম কৰি থকালৈহে মানুহ এজন নিজকে ‘মই’টো বুলি ধাৰণা কৰিব পাৰে। সেইফালৰপৰা মগজুৰ ভিতৰত ঈশ্বৰৰ সন্ধান এটা সুন্দৰ প্ৰকল্প হ’ব পাৰে। এইখিনি মই নিজে ভাবি কোৱা কথা নহয়, বিজ্ঞানে ভগৱানৰ অস্তিত্ব মানুহৰ মগজুতে আছে নেকি তাৰ পৰীক্ষা ইতিমধ্যেই কৰি চাইছে।

মগজুৰ কিছু অংশই আধ্যাত্মিক চেতনাৰ জন্ম দিয়ে, এই্ ধাৰণাটো আহিছিল কিছূমান ৰোগৰ আঁত ধৰি। মগজুৰ স্থান বিশেষে হোৱা টিউমাৰবোৰে বিভিন্ন আগ্ৰহকাৰী লক্ষণৰ সৃষ্টি কৰে, তাৰ এটা হৈছে ৰোগী হঠাৎ ধাৰ্মিক হৈ পৰা। কাণৰ ঠিক ওপৰৰপৰা এক ইঞ্চিামন ওপৰলৈ আৰু পাছফালে মগজুৰ অংশখিনিক টেম্প’ৰেল ল’ব বুলি কোৱা হয়। বাওঁফালৰ টেম্প’ৰেল ল’ব- অংশত মানুহৰ ভাষা-গণিত আদি কৰিবপৰা শক্তি থাকে। এই্ অংশত হোৱা কিছুমান ৰোগে বৰ আচৰিত ধৰণৰ লক্ষণৰ জন্ম দিব পাৰে। এই অংশত হোৱা মৃগীৰোগক ‘টেম্প’ৰেল ল’ব এপিলেপ্সী’ (TLE) বুলি কোৱা হয়। TLE-ৰ ৰোগীয়ে কেতিয়াবা অতি আচৰিত অভিজ্ঞতাৰ কথা কয়। যেনে, নিজকে দেখা পোৱা, নিজৰ চাৰিওফালে কোনোবাৰ উপস্থিতি স্পষ্টকৈ ধৰিব পৰা অথচ সেই ছায়াৰ মুখ চিনিব নোৱাৰা, এক অনাবিল প্ৰশান্তিৰ অনুভূতি আদি। অৱশ্যে সকলো ৰোগীৰ ক্ষেত্ৰতে এইবোৰ লক্ষণেই হয় তেনে নহয়। এইবোৰৰ বাহিৰেও কিবা-কিবি দেখা পোৱা, মাত শূনা পোৱা, গোন্ধ পোৱা, সাংঘাতিক ভয়ৰ ভাৱ লগা আদিবোৰো এনে ৰোগীয়ে অনুভৱ কৰিব পাৰি। ধ্ৰুপদী TLE-ত ৰোগীয়ে সাধাৰণ মৃগীৰোগৰ দৰে সংজ্ঞা একেবাৰে হেৰুৱাই্ নেপেলায়, বৰং বহুতো মানুহৰ মাজত থাকিও দূৰত থকা, কিবা সুধিলে উত্তৰ নিদিয়া আদিৰ দৰে লক্ষণহে দেখুৱায়। এই্ অৱস্থাটো আমাৰ কিতাপ-আদিত উল্লেখ থকা ‘সমাধি’ অৱস্থাৰ লগত মিলি যোৱাটো লক্ষণীয়। কিন্তু TLE বা যিকোনো মৃগীৰোগেই দিঘলীয়া নহয়, কেইমিনিটমানৰ পাছত সেই অৱস্থাৰ সাধাৰণতে উপশম হয়।

TLE-ৰ এই লক্ষণবিলাকৰ কাৰণেই এই অংশৰ লগত ধাৰ্মিক হোৱাৰ কিবা সম্ভাৱনা আছে বুলি ধাৰণা কৰা হৈছে। TLE-ৰ বাহিৰেও টেম্প’ৰেল ল’বত হোৱা টিউমাৰ আদিতো ওপৰত উল্লেখিত ধৰণৰ লক্ষণ পোৱা গৈছে। মগজুৰ কাম-কাজৰ চিধাই পৰীক্ষা কৰাটো মস্কিল বাবে বিভিন্ন অংশত হোৱা ৰোগত কেনে লক্ষণ দেখুৱায়, তাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়, কাৰণ তাৰপৰাই মগজুৰ সেই অংশৰ কাম-কাজৰ আভাষ পোৱা যায়। আগতে কৈ আহিছো বাওঁফালৰ টেম্প’ৰেল ল’বত ভাষা-গণিত-যৌক্তিক বিশ্লেষণ আদি থাকে, প্ৰশ্নটো হৈছে সোঁফালে তেন্তে কি থাকে?

মগজুৰ সোঁফালৰ অংশটোৱে ‘অযৌক্তিক’ কামবোৰ কৰে। যেনে, গান এটা শুনিলে ভাল লাগিল/বেয়া লাগিল, আপুনি মানুহটো কিমান ডাঙৰ/সৰু, আপুনি কিমানলৈ ঢুকি পায়, বিশ্বাস আদিবোৰ নিয়ন্ত্ৰণ কৰে। অসুবিধাৰ কথাটো হৈছে বাওঁফালৰ মগজুত যেনেকৈ ভাষা-গণিত-যৌক্তিক বিশ্লেষণক টেম্প’ৰেল ল’বৰ ব্ৰকাছ এৰিয়া, ৱাৰনিকেছ এৰিয়া আদি অংশত পেলাব পৰা হৈছে, সোঁফালটোৰ কামখিনি ইমান নিৰহ-নিপানীকৈ ভগাব পৰা হোৱা নাই। সোঁফালৰ অংশটোৰ কামবিলাক ঠিক খণ্ড-খণ্ড হিচাপে ভাগ কৰিব পৰা এতিয়াও হোৱা নাই। হয়তো নহ’বও। কাৰণ বৰ্তমান মগজুৰ বহুতো কামত খণ্ডৰ সলনি মগজুৰ বিভিন্ন অংশই একে সময়তে আন্তজালৰ দৰে ক্ৰিয়া কৰে বুলিহে ভবা হৈছে। যি নহওক এইখিনি আলোচনাৰপৰা এটা কথা নিশ্চয় ধাৰণা কৰিব পৰা হৈছে যে ঈশ্বৰৰ উপলব্ধিও কিজানি সোঁ মগজুৰে কাম।

এই বিষয়ে কৰা পৰীক্ষা য’ত মগজুৰ সোঁফালৰ টেম্প’ৰেল ল’বক চুম্বকীয় শক্তিৰে উত্তেজিত কৰা হয়, তেতিয়া মানুহজনে নিজকে বাহিৰৰপৰা দেখা পোৱা, নিজৰ চাৰিওফালে কাৰোবাৰ অস্তিত্ব অনুভৱ কৰা, আনকি কোনোবাই তেওঁক আলফুলে দাঙি ওপৰলৈ লৈ যোৱা আদিবোৰ অনুভৱ কৰে। এই অংশত হোৱা টিউমাৰৰ ৰোগীয়ে নিজৰ আয়ত্ব চিনি নোপোৱা, নিজকে বিশালাকায় বুলি ভবা আদিবোৰো দেখা যায়। ভগৱানৰ অস্তিত্ব অনুভৱ কৰা বুলি দাবী কৰা ব্যক্তিৰ লগত এই অনুভৱবোৰ মিলি যায়।

সোঁমগজুৰ ৰোগৰ প্ৰভাৱত আগতে নাস্তিক ব্যক্তিয়েও ধাৰ্মিক হৈ পৰাৰ উদাহৰণ আছে। এটা অত্যন্ত আমোদজনক পৰীক্ষাৰ ফলাফল হ’ল: এপল কোম্পানীৰ সামগ্ৰীৰ অত্যন্ত ভক্তসকলেও এপলৰ প্ৰতীক দেখুৱালে, বা এপলৰ সামগ্ৰী দেখুৱালে মগজুৰ একেবোৰ অংশতে ৰক্ত-সঞ্চালন বাঢ়ি যোৱা দেখুৱায়, যিবোৰ অংশত ধাৰ্মিকসকলে ভগৱানৰ বিষয়ে ভাবোঁতে বাঢ়ি যায়। অৰ্থাৎ এপল কোম্পানীৰ ভক্তৰ বাবে এপলেই ভগৱান! কিন্তু এই সকলোখিনি মগজুৰ সৃষ্টি। ঈশ্বৰো প্ৰকৃতাৰ্থত আমাৰ মগজুৰ এক কাৰচাজীহে নেকি?

(লিখাটো অত্যন্ত বস্তুনিষ্ঠ কৰি ৰখাৰ প্ৰয়াস কৰা হৈছে। প্ৰকৃতাৰ্থত ঈশ্বৰ আছে নে নাই, তাৰ ওপৰত লিখকৰ কোনো মত নাই। ইয়াত অকল পৰীক্ষাৰ যোগেদি পোৱা কথাহে কোৱা হৈছে, তাকো অতি চমুকৈ। ভিতৰত আৰু জটিল কথা সোমাই আছে। ইচ্ছুক ব্যক্তিয়ে তলত উল্লেখিত তথ্য-সমল খুঁচৰিব পাৰে।)

——–
http://www.ncbi.nlm.nih.gov/pubmed/18171635

http://www.npr.org/templates/story/story.php?storyId=104291534

http://munews.missouri.edu/news-releases/2012/0418-distinct-%E2%80%9Cgod-spot%E2%80%9D-in-the-brain-does-not-exist-mu-researcher-says/

http://www.livescience.com/3366-scientists-god-brain.html

http://www.scientificamerican.com/article.cfm?id=is-there-a-difference-between-the-brain

http://www.digitaltrends.com/computing/apple-causes-religious-reaction-in-brains-of-fans-say-neuroscientists/

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!