এৰাবাটৰ সোঁৱৰণি সৰাপাত বুটলি – দেৱজিৎ শইকীয়া
ডাকোৱালে দিয়া চিঠিখনেই ভাল আছিল
ঠিকনাটো মোৰ আছিল
আখৰত আবেগবোৰ জিলিকি উঠিছিল৷
দূৰণিবটীয়া ৰঙাবাছখনো ভাল আছিল
শিমলুতলত ৰ’লে
আপোন কোনোবা আহিছে বুলি
মনটো ঢাপলি মেলিছিল৷
লুংলুঙীয়া শিলৰ আলিটোয়েই ভাল আছিল
চাইকেলৰ শব্দত
নেদেখাজনেও ভাল নে তোৰ বুলি
চিঞৰি খবৰটো লৈছিল৷
নঙলা দিয়া দীঘল পদূলীৰ
খেৰৰ পঁজাটোৱেই ভাল আছিল
চোতালত বহি জোনাকত
ডেকা বুঢ়া সকলোৱে
সুখদুখৰ দুটা কথাকে পাতিছিল৷
এতিয়া কংক্ৰিটৰ পৃথিৱীত
ব্যস্ততাৰ অজুহাতত
সময়বোৰ সলনি হ’ল…..
যন্ত্ৰৰ মাজত যন্ত্ৰনাত
হৃদয়ৰ আবেগবোৰো
ধূসৰ জোনৰ দৰেই অকলশৰে
ধূলিময় আকাশৰ কৰবাত ওলমি ৰ’ল৷
ভাল লাগিল, একেবাৰে সচা অনুভৱ!