ওৰফে শিল্পী ( – জয়ন্ত আকাশ বৰ্মন)

এই যে এই শেষ হেমন্তৰ যাওঁ‌ যাওঁ‌কৈ বিলীয়মান ৰ’দালি! হালধীয়া পাতবোৰ যে সৰি পৰে, তেনে এটা বিয়লি৷ আধাবেলাৰ ডিউটি সামৰি মই মোৰ ৰূমলৈ আহি আছিলোঁ৷ ৰাষ্টাতেই সেই সৰু চাহৰ হোটেলখন৷ পূজাৰ অৱশিষ্ট উৎসৱৰ ৰেঙনি সানি হোটেলখনৰ সমুখত সময়ে ক’লা কৰা কেৰাহীটোত মানুহজনে জিলাপী বনাই আছিল৷ দেখি মোৰ বাইকৰ স্পীড কমিল৷
একমিনিট পিচত চাৰি মেজিয়া হোটেলখনৰ চুকৰ টেবুলখনত বহি মহা আৰামেৰে মই ৰঙা চাহৰ স’তে সতেজ আবেদনময়ী স্বাদকলি উত্তেজক উষ্ম জিলাপীত কামোৰ মাৰিলোঁ৷ ৰহ ৰহীয়া জিলাপীখনৰ পৰা সামান্য মিষ্টি ৰস মোৰ কোৱাৰিৰে বৈ আহি গালৰ ঘন দাড়িয়া বনত মিলি তাৰ ব্যক্তিত্ব আৰু অস্তিত্ব হেৰুৱাই থাকিল৷ সেইখিনি শুকাই গালখিনি মোৰ অলপ কৰ্কৰীয়া হৈ উঠিল৷
পৰম সন্তোষিতচিত্তে হোটেলৰ পৰা ওলাই আহি মই যেতিয়া মোৰ বুলেটৰ কিক্ মাৰিব ল’লো, তেতিয়াই মোৰ কান্ধত এখন হাত৷ মই উভতি চালোঁ, মলিয়ন হাফ চাৰ্ট এটাৰে এজন মানুহ মোৰ পিছফালে! শীৰ্ণকায় মানুহজনৰ মুখত এমুখ শুকুলা দাঢ়ি৷ দুৰ্বল মানুহজন কিবাকৈহে থিয় হৈ আছে৷ মই হেলমেটটো খুলি ল’লোঁ৷ মানুহজনে ক’লে- মোক চল্লিছ টকা লাগিছিল৷ ভাত খালোহেতেঁন৷

bike
মানুহজনৰ চকুত কিবা এটা আছিল, যিটো সাধাৰণতে ভিখাৰীৰ চকুত দেখা পোৱা নাযায়৷ মই পকেটৰ পৰা পাৰ্চটো উলিয়ালোঁ৷ মানুহজন মোৰ ওচৰলৈ আহিল৷ মোক ক’লে-‘মই কিন্তু আপোনাৰ পৰা পইচা এনেই নলওঁ‌৷ আপোনাৰ বাইকত মই আৰ্ট কৰি দিম৷’
-‘আপোনাৰ নাম কি?’
-‘কমল৷’ মানুহজনে মোৰ মুখলৈ চাই কিবা চিন্তা কৰি ক’লে৷
-ক’ত থাকে?
-তেনেকুৱা ক’তো ঘৰ নাই৷
-কি আৰ্ট কৰিব? -মই সুধিলোঁ৷
-আপোনাক যি লাগে! ঔঁ, নহ’লে শ্ৰীৰাম, নহ’লে গণেশ৷ শ্ৰীকৃষ্ণ বা বজৰংৱলী হনুমান ও আৰ্ট কৰি দিব পাৰোঁ ৷
-ৰং, ব্ৰাছ আছে?
-ৰং ব্ৰাছ নহয়, পিনেৰে আৰ্ট কৰি দিম৷
মই ক’লোঁ- ঔঁ‌, ৰাম, কৃষ্ণ এইবোৰ নালাগে৷
মানুহজনে মোৰ মুখলৈ চালে-হিন্দু নহয়?
মই ক’লো- ‘হয়৷ কিন্তু এই ভগৱানবোৰ মই সিমান ভাল নাপাওঁ‌৷’
মানুহজনে হাঁহিলে৷ আপুনি ফাইন ম্যান, ধুনীয়া মানুহ৷ -মিঠা হাঁহিৰে মানুহজনে ক’লে৷
আপুনি বজৰংবলী হনুমান লওক নহ’লে৷ তেখেততো ভগৱান নহয়! তেখেত অহংকাৰীও নহয়৷
হনুমানৰ প্ৰতি মোৰ এক দুৰ্বলতা আছে৷ সৰুৰে পৰাই৷ ভগৱান হিচাপে নহয়, এক মাইথ’ল’জিকেল কেৰেক্টাৰ হিচাপে হনুমানে মোক সদায়ে ফেচিনেট কৰি আহিছে, সৰুৰে পৰাই৷ নিৰহংকাৰী বলবান এক শক্তিশালী চৰিত্ৰ৷ অতিমাত্ৰা ৰাম ভক্তিয়ে যাক শক্তিহীন দুৰ্বল কৰি গ্ৰাস কৰি ৰাখিছে৷
মই ক’লোঁ- বজৰংৱলীকেই দি দিয়ক৷
প’কেটৰ পৰা কমলে এটা সৰু বেজী আৰু এটা অকমানি হাতুৰী উলিয়ালে৷ খুট্ খুটকৈ টুকুৰিয়াই টুকুৰিয়াই গৈ থাকিল, মোৰ বাইকৰ হেণ্ডেলৰ মাজৰ চেণ্টাৰ গজালটোত৷ এটা বিন্দু, দুটা বিন্দু … বিন্দু বিন্দুকৈ প্ৰণ পাই উঠিল হনুমান৷ হাতত গন্ধমাধন পৰ্বত৷ শক্তিশেলত বদ্ধ লক্ষ্মণক মুক্ত কৰাৰ মহৌষধ বিষল্যকৰণী বিচাৰি পৰ্বতখনকেই উঠাই আকাশেৰে উৰি অহা পৱনপুত্ৰ৷ খুট্ -খুট্ …খুট – এয়া বতাহত উৰি থকা হনুমানৰ গাৰ পুতঃ বস্ত্ৰ ৷
কমলৰ শৈল্পিক হাত জাগ্ৰত৷ প্ৰতিটো হাতুৰীৰ কোবেই সম্পূৰ্ণ কৰি গৈছে হনুমানৰ উৰন্ত অৱয়ৱ৷
দুই মিনিট৷ দুইমিনিট পিচতেই হনুমানজী মোৰ বাইকত প্ৰাণ পাই উঠিল৷ এনেকুৱা ক্ষিপ্ৰ হাত মই খুব কমেইহে দেখিছোঁ৷ এনেকুৱা শৈল্পিক হাত কম দেখিছোঁ৷
‘ধুনীয়া!’ – মই ক’লোঁ ৷
বুঢ়া কমলে লাজকুৰীয়া হাঁহি এটা মাৰিলে৷
মই পাৰ্চৰ পৰা এশ টকা এটা উলিয়াই কমলক দিলোঁ, ‘ৰাখক৷ আপোনাৰ কামটো মোৰ বহুত ভাল লাগিছে৷’ কমলে ল’লে৷ মোক অলপ ৰখিব কৈ নোহোৱা হৈ গ’ল৷
দৌৰি দৌৰি আহি পালে শিল্পী কমল৷ ‘মানুহবোৰে খুচুৰা দিবই নুখুজে ৷’ কৈ কমলে মোক পঞ্চাছ টকীয়া এখন আৰু দহটকীয়া এখন ওভটাই দিলে৷ মই ক’লোঁ- ‘ৰাখক, আপোনাকেই দিছো৷’ কমলে ক’লে- ‘আপুনি এজন ফাইন ম্যান৷ বাট, ময়ো এজন ফাইন ম্যান৷ মই চল্লিছ টকাৰহে কাম কৰিছো৷ বেছি লব নোৱাৰোঁ৷’
ধন্যবাদ বুলি কৈ কমল ওচৰৰ হোটেলখনত ভাত খাবলৈ সোমাল৷ মোক এৰাৰ আগতে বৃদ্ধ শিল্পী কমলে ক’লে- ‘মোৰ নাম কামাল৷ কামালুদ্দিন৷ কিন্তু মানুহবোৰে ভগৱানৰ ছবি আঁ‌কিব নিদিয়ে বাবেহে নামটো কমল বুলি কওঁ‌! আপুনি এজন ফাইন মানুহ৷’
কমল ওৰফে কামাল, ওৰফে কামালুদ্দিন গুচি গ’ল৷ ভোক লাগে কমল বা কামালৰ, সমানেই৷ তীখাত প্ৰাণ পোৱা আৰ্ট সৃষ্টি কৰিব পাৰে৷ হাতখন কমল নে কামালৰ, সৃষ্টিয়ে কি জানে! ? !
***

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!