কণ কবিতা — দিলীপ কুমাৰ শৰ্মা
/১/
ইফাল সিফাল
ঢেঁকীশাল-চোতাল,
পদূলিত ফুলিছে
গধূলি গোপাল৷
/২/
বেবেৰিবাং
পাভটি-চাং,
মাছ খোৱাৰ
বোন্দাৰ পাং৷
/৩/
লোদোৰ-পোদোৰ
ল’ৰা-পোৱালি,
দোধোৰ-মোধোৰ
সৰু-ছোৱালী৷
/৪/
হাতেৰে চামুচ
মাৰি খামোচ,
কাটি পেলালে
পেহাৰ মোছ৷
/৫/
নুনী গছত
পৰা টুনী,
বহি আছে
গীত শুনি৷
/৬/
বাটৰ কাষৰ
নেচকুৰি,
চকুৰ কোণত
ফেচকুৰি৷
/৭/
ঢাৰি পাৰি
ফুলজাৰি,
ৰ’দত দিছে
যতন কৰি৷
/৮/
ভীম সিং
পালোৱান,
গাত লয়
আলোৱান৷
/৯/
পূবে ওলাল
ৰঙা বেলি,
পোহৰ দিলে
ডাৱৰ ঠেলি৷
/১০/
মালী মাছ
কিনি কালি,
ভাতৰ লগত
কিমান খালি?
/১১/
পথাৰৰ পৰা
আনি নৰা,
নৰই সাজে
এখন ঢৰা৷
/১২/
নতুন কইনাই
দি বাইনা,
কিনি আনিলে
এখন আইনা৷
/১৩/
উলুৰ লগত
পোৰা বগৰী,
খাবা নেকি
পালে আহৰি?
/১৪/
বগলী ভকত
পুৱাৰ পৰত,
গা ধুই উঠি
পৰিল জ্বৰত৷
/১৫/
বগা বগলী
ক’লা কাউৰী,
মিলি পালেগৈ
নৈৰ মথাউৰি৷
/১৬/
পাক ঘৰত
খানচামা,
এৰুৱাই আছে
বজাচামা।
( বজাচামা: কণীৰ বগা
ভাগৰ ওপৰৰ পাতল ঢাকনি)
/১৭/
বাদি কৰি
বাদিয়াৰে,
ঢোল নিদিলে
শুকুৰবাৰে৷
( বাদিয়াৰ: ঢোল,
খোল ভাল কৰা মানুহ)
/১৮/
হাঁহে সুধিলে
লাহে লাহে,
মাঘ বিহু
কিয় আহে?
/১৯/
কাঠৰ নহয়
কাঠ আলু,
গৰমত খালে
পুৰিব তালু৷
/২০/
মুচিয়াৰে আনি
কঁঠালৰ মুচি,
আঞ্জা ৰান্ধিলে
হোৱাকৈ খুছি৷