কথা – চন্দনজ্যোতি ভূঞা

গুজৰি গুমৰি আছে কথাবোৰ৷ বৰ প্ৰয়োজন হৈছে চৰিত্ৰ কিছুমানৰ৷ বাটতে আৰম্ভ হ’ব, গৈ থাকিব মানুহবোৰ৷ মানুহবোৰে একেবোৰ কথাকে পাতিব৷ একেবোৰ কামেই কৰিব৷
কথাবোৰৰ জুইৰ দৰে উম থাকে৷ গা-বোৰ সেকি থাকে মানুহবোৰে৷ এজুম মানুহৰ পৰা এটা এটাকৈ উঠি গৈ থাকে৷ শেষত দুটা থাকে৷ দুটাৰ পৰা এটা হয়৷এটা মানুহ অকলে অকলে বহি ভাবি থাকে কথাবোৰ৷ এৰা, কথাবোৰ জী আছে৷ গোন্ধাই আছে জীয়া তেজবোৰ৷ ডোঙা বন্ধা তেজবোৰত কথাবোৰ উপঙি আছে৷
… … …
সেইখিনি জীয়া তেজৰ ইতিহাস সাৱতি ছটফটাই আছো৷ কেতিয়াবা অকলশৰীয়া ৰাতিবোৰৰ কেঁকনি উঠে৷ গা-বিষবোৰ ল’ৰাছোৱালীহালৰ মাতৰ উমত পাতল হয়৷ ল’ৰাটোৱে হাঁহিব নাজানে৷ ছোৱালীজনীয়ে বুজি নাপায় কথাবোৰ৷

(এক)

: পেহী, পানীখিনি গৰম হৈ থাকোতেই গা-টো ধুই নলৱগৈ কিয়?
ৰ’দজাঁক পৰিছেহি চোতালখনত৷ বাৰান্দাত পাঁচ-ছয়টামান ল’ৰা-ছোৱালীক পঢ়োৱাই আছে৷ মাজে মাজে তাই ভিতৰলৈ উঠি যায়৷ কিবা এটা কৰি আকৌ আহে৷
: চিনু : পেহী, ক৷ : গৈছো ৰহ৷ ৰ’দত অকণ বহি লওঁ৷ গা-বিষটো পাতল পাম৷ : মই ওলাই যোৱাৰ আগতে তোক খোৱাই বোৱাই আজৰি কৰি লওঁ৷ সোনকালে যা আকৌ৷
তাই পুনৰ পঢ়োৱাত মন দিয়ে৷
ৰাতিপুৱা আবেলি তাই আজৰিয়ে নাপায়৷ বহুত ল’ৰা-ছোৱালী পঢ়িবলৈ আহে৷ খুব কষ্ট কৰিব পাৰে চিনুজনীয়ে৷ নিজৰ পঢ়াবোৰো আছে৷ ককায়েকে বাৰে বাৰে সকিয়াই থৈ যায়, নিজৰ খেয়াল ৰাখিবলৈ৷ নুশুনে৷
ককায়েকটো তিনিবছৰ ডাঙৰ৷ বিতু৷ নগাঁৱত মাষ্টৰী কৰে৷ সৰহকৈ বন্ধ পালেহে আহে৷ ময়েই হাক দিছো বৰকৈ আহি নাথাকিবলৈ৷ মিছাতে খৰচ৷ তথাপিও বৰ চিন্তা তাৰ৷ মোৰ সততে হৈ থকা সৰু সৰু বেমাৰবোৰ চম্ভালিব নোৱাৰো বুলি প্ৰতিদিনাই ফোনত ঘণ্টা ঘণ্টা কথা পাতে৷ ভনীয়েকক অমুকটো তমুকটো আদেশ দিয়ে৷
ডাঙৰ হৈছে ইহঁতহাল৷ বিউটিৰ মাকে পৰহি ল’ৰাটোৰ কথা কোৱাতহে চিন্তা হৈছে মোৰ৷ চিনুক বিয়া দিবৰে হ’লহি৷ সেই থুপুক থাপাক খোজ কঢ়াৰ পৰা চিনুজনী এতিয়া চকুৰ আগতে গাভৰু হ’লহি৷ ঘাট-মাউৰা ল’ৰাছোৱালীহালক গত লগাব পাৰিলেই মই শান্তিৰে মৰিব পাৰো৷ ককায়েকে ভনীয়েকক প্ৰথমে বিয়া দিব৷ তাৰ পৰাহে ঘৰ বনাব৷ নিজৰ মাটি-বাৰীলৈ নাযায়৷ এইবোৰতে ক’ৰবাত মাটি কিনিব৷ এৰা চাকৰিটো পাইছেহে৷ লাহে লাহে হৈ থাকিব এইবোৰ৷ ভগৱানে মোৰ বুলিছে যেতিয়া সকলো হ’ব৷
: নিজৰ বুলিবলৈ ইহঁতৰ থাকোতে দদায়েক দুটা আছে৷ পিছে, শান্তি নাই সিহঁতৰ৷ থাকিব লাগে আছে৷ ময়ো কৰিব নোৱাৰা হ’লো৷ বিতুয়েই তাত থাকিবলৈ নিদিলে৷ এতিয়া নিজৰ মাটি ভেটি থাকিও এইখন ভাড়াঘৰত থাকিবহি লগা হৈছে৷
ভাড়াঘৰৰ কাষতে থকা বিউটিৰ মাকৰ লগতে দিনটো কথা-বতৰা পাতি থাকো৷ নহ’লে শুই থকাহে কাম৷ বৰকৈ ল’ৰি ঢাপৰি ফুলিবলৈ তেজ বল নাইকিয়া হ’ল আজিকালি৷ বিউটিৰ মাকজনীও অকলে থাকে দিনটো৷ চিনু কলেজলৈ ওলাই যোৱাৰ পাছত নিমাও মাও ঘৰখনত সোমাই থাকি ভাল নালাগে৷ কথা পাতিবলৈকে বিউটিহঁতৰ ঘৰলৈ যাওঁগৈ৷
… … …
কথাবোৰ মই পাহৰি যাব পৰা নহয়৷ সৌ যেন সিদিনাৰহে৷ ইমান সজীৱ হৈ থকা কেঁচা কেঁচা তেজৰ ডোঙাবোৰ৷ তাতে উপঙি আছে নোম শিযঁৰি উঠা কথাবোৰ৷ কথাৰ আঁৰৰ কথাবোৰ৷ ককাইদেউ-বৌৰ মমতাবোৰ, চেনেহবোৰ তেজৰ ডোঙাত পৰি ককবকাইছে৷ ঘৰটোৰ বেৰবোৰে তেজৰ চেকাবোৰ লৈ ভয়ত পেঁপুৱা লাগিছে৷ মজিয়াখনত বিয়পি আছে হিংসা আৰু চয়তানৰ ভয়ংকৰ কিৰিলি৷ কিৰিলিবোৰৰ হাতে হাতে দাবোৰ চিকমিকাই আছে৷ দাবোৰৰ পৰা টপ টপকৈ তেজৰ টোপালবোৰ পৰিছে৷ পৰি আছে৷ পৰি আছে৷
… … …
: ডাঙৰ ককাইদেৱে বিয়া পতাৰ পাছত মোক বিয়া দিছিল৷ দিখৌমুখলৈ৷ তাৰ পাছত ই বিতু জন্মহোৱাৰ পাছত মাজুটোৱে এজনী পলুৱাই আনিছিল৷ সৰুটোৱে বিয়া নপতালৈকে মাজুৰ লগতে আছিল৷ : মাটি-বাৰীৰ কাৰণে ককাই-ভাইৰ চিন হেৰায়৷ তথাপিও কি নিষ্ঠুৰ মানুহদুটা! পিছত কি হ’ল সিহঁতৰ? বিউটিৰ মাকে চাহৰ চচটো জুইৰ ওপৰত তুলি মোলৈ নোচোৱাকে সুধে৷ : চাহ কিয় কৰিব লাগেনো? ভাতকেইটা খাইছোহে৷ চিনু ওলাই যোৱা কেতপৰনো হৈছে হয়৷ : একো নহয়৷ ফিকা চাহ হে৷ : কি হ’ল মানে , পুলিচে ধৰি নিলেহি দুইটা কুকুৰকে৷ মই দিখৌমুখৰ পৰা আহি নাপালোহিয়ে৷ ইহঁতৰ মাক-বাপেকক গাঁৱৰ মানুহেই বাৰীৰ পাছফালে খৰি দি আছে, তেনেকুৱাতহে পাইছোহি৷ তাৰ পাছত কেচ খেলিব কোনে তেতিয়া৷ মই ল’ৰা-ছোৱালীহালকে চাম নে, কি কৰিম৷ সেইবোৰ কাৰণতে জেলত সিহঁত বেছিদিন থাকিব লগা নহ’ল৷ পিছে ভগৱানে সকলো বিচাৰ কৰে৷ এতিয়া শান্তি নাই সিহঁতৰ৷ বলিয়া৷ সম্পত্তিৰ মোহত বৰককায়েকৰ ভেটি উচন কৰিম বুলি ধৰিছিল৷ নোৱাৰিলে৷ দুয়োটাকে দেশৰ মানুহে বলিয়া বুলি জানে এতিয়া৷ বিতুয়েহেনো নিজৰ মাটি-বাৰী বিচাৰি নাযায় আৰু৷ ময়ো একো নকওঁ৷ তহঁতিহে থাকিবি৷ ভালকৈ থাক, মোৰনো কেইদিন! : আপুনি কেতিয়া আহিল একেবাৰে ইয়ালৈ? : মই৷ বৰকাইদেউ আৰু বৌক মাজুৱে সৰুৱে মিলি কাটিলে বুলি শুনিয়ে যি আহিলো, আৰু শহুৰৰ ঘৰলৈ ঘূৰি যাবলৈ নহ’ল৷ সেই সময়ত চিনুৰ ডেৰবছৰ, বিটুৰ চাৰি নে চাৰে চাৰি৷ কি সতে বাৰু এৰি থৈ যাওঁ? : হয় কথাটো৷ চাহ খাওঁক৷ চেঁচা হ’ব নহ’লে৷ আপোনাক বিচাৰিও নাহিলনে দিখৌমুখৰ পৰা? কোনেও? : কুলক্ষণীজনীকনো কোনে বিচাৰি আহিব? : কি কয়?  ভগৱানে ইহঁতক চাবলৈ ইমান ধুনীয়াকৈ মিলাই দিছে৷ আপুনি নথকাহ’লে এই চিনু আৰু বিতুৰ হ’লহেতেন কি?  : কটাৰীখন দিয়া৷ ময়েই তামোল চকলিয়াও৷
… … …
কেনেকৈ কথাৰ আঁতবোৰ মিলি যায় ! যিবোৰ কথা হ’ব লগা থাকে, নহয়৷ হোৱা আৰু নোহোৱা কথাবোৰ যোৰ পাতি বাগৰি গৈ থাকে৷ দিনৰ পাছত দিন৷ ৰাতিৰ পাছত ৰাতি৷ সময়বোৰ পাৰ হৈ যায় পাখি মেলি৷ কথাবোৰক উৰুৱাই নিয়ে ওপৰলৈ৷ আকৌ তললৈ নমাই আনে৷ কুলক্ষণী বুলি শুনি থকা কথাবোৰ আহি লাহে লাহে কাণত নপৰা হয়হি৷ আঁতৰি গৈ থাকে চকা-মকা আবেলিবোৰ৷ ৰাতিবোৰৰ চকুপানীবোৰ আৰু দুটা মৃত ল’ৰাৰ মাক হোৱাৰ যন্ত্ৰণাবোৰ৷ ৰিণিকি ৰিণিকি বাজে দূৰত৷ বতাহজাঁকে খিলখিলনি অলপ কঢ়িয়াই আনে৷ গালতে চকুলোৱে কৰাল বান্ধে৷

(দুই)

মানুহটো বিয়াৰ আগতে এদিন দেখিছিলো৷ পাহোৱাল ডেকা৷ শকত কলাফুল৷ কঠিন হাত৷ খেতি মাটি ঢেৰ৷ নিজেই ম’হেৰে খেতি কৰে৷ আমাৰ ঘৰতো খেতি আছে৷ ঘৰৰ এজনী ছোৱালী যদিও কাম সকলো জানিছিলো৷ তাঁত বোৱাৰ পৰা, জাকৈ-খালৈ সজালৈকে৷ ভূঁই ৰুৱা, ধান দোৱা কাম কৰাটো আমাৰ স্ফুৰ্টীৰ দৰেহে আছিল৷ শাহু নথকা ঘৰখনত মাইকীমানুহ এজনী৷ ঘৰৰ বাহিৰে ভিতৰে গোটেইখন৷ আকৌ তাঁত এখন, হাঁহ-পাৰ, গৰু-ছাগলী৷

কিছু কথা পাহৰিছো, কিছু মনত আছে। মৰমীয়াল যেন লগা আটিল মানুহটোৰ মুখখন মনত আছে। প্ৰযোজনতকৈ বহুত বেছি কষ্ট কৰিব পৰা ঘাম পিছলি অহা হাত-ভৰিবোৰ মনত আছে। চাকিটো নুমুৱাই ডুব যোৱা উষ্ণ উত্তেজনাৰ ৰাতিবোৰৰ আহ-যাহবোৰ মনত আছে। ভাতৰ কাঁহীখনত মোলৈ বুলি এৰি যোৱা পুঠিমাছ দুজনীৰ কথাবোৰ মনত আছে। আৰু কথা মনত নপৰে অথবা ইচ্ছা কৰিয়েই মনত নেপেলাওঁ।

: প্ৰথমটো ল’ৰা বিয়াৰ এবছৰতে হৈছিল। বাপেকে মাহেকত শুদিৰ খাবলৈ দিখৌত জাল মাৰি বৰালি মাছ তিনিটা আনিছিল। ঢেৰ মানুহ মাতিছিল। ঢেৰ মানুহ আহিছিল। সেইবোৰ মানুহ আকৌ আহিছিল এমাহ মানৰ পাছত মোক সান্ত্বনা দিবলৈ। বিউটিৰ মাক, বিধিৰ লিখন। মানুহবোৰে কথাবোৰ পাতলাই দিছিল।
: শহুৰ মানুহটো কেনেকুৱা আছিল?
: তেখেত মনে মনেই থাকে। পুতেকৰ ওপৰত মাত মতা মানুহ নহয়। ল’ৰাটো এথানিহোৱা এবছৰৰ নহওতেই আকৌ মাক হ’লো। সেইবাৰো ল’ৰা এটা।
: কিমান দিন থাকিল ?
: সি তিনিমাহ মান থাকিল। বাপেকে নাম এটা ৰাখিছিল। কৃষ্ণ।
… … …

কঠিন হৈ পৰে কথাবোৰ। এটা দিন শেষ নোহোৱাৰ ভয়। পুনৰ গতানুগতিক দিন এটা আৰম্ভ হোৱা ভয়। ভয় আৰু শংকাৰে কথাবোৰ ভৰি পৰিছিল। সেই কথাবোৰেই শুকুৱাই নিছিল মোক। ভোক নলগা হৈছিল, পিয়াহ নলগা হৈছিল। কথাবোৰে হাঁহিবলৈ পাহৰিছিল, পাহৰিছিল কান্দিবলৈ। সদায় কৰি যোৱা এটা মাথো কাম আছিল। সন্ধিয়া গোঁসাই ঘৰত চাকি জ্বলাই প্ৰাৰ্থনা কৰা। ভাতৰ পাতত ভাঁহি অহা গেঙেৰি, হুমকিবোৰ কথাবোৰৰ মাজে মাজে অভ্যাস হৈ পৰিছিল। তেতিয়াই কুলক্ষণীৰ আখ্যাটো কথাবোৰে নিজৰ কৰি লৈছিল। দুটা মৃত সন্তানৰ মাক হোৱাৰ কুলক্ষণীয়া কথাবোৰে গ্ৰাস কৰি আনিছিল মোক। চাৰিও ফালৰ পৰা।

কৃষ্ণৰ জন্মৰ সময়ত বাপেকৰ মুখখন সিমান ফৰকাল নাছিল, যিমান প্ৰথমটো ল’ৰা জন্মৰ সময়ত আছিল। মানুহ সৰকৈ মাতি শুদিৰ পতা নাছিল কৃষ্ণৰ। মানুহবোৰ সৰহকৈ অহা নাছিল। যিখিনি মানুহ আহিছিল, কৃষ্ণ ঢুকুৱাৰ পাছত সেইখিনিও নহা হৈছিল। কোনেও সেইবাৰ সান্ত্বনা দিয়া নাছিল। সেইবোৰ যেন বিধিৰ লিখন নাছিল। আছিল কুলক্ষণীয়া কখাবোৰৰ গাৰ মঙহ। সেইবোৰ আছিল টুকুৰা টুকুৰে সৰি পৰা মাংসপিণ্ড। কথাবোৰে কঁপি কঁপি মোকেই দোষ দিয়া যেন লাগিছিল।

মই সময়ৰ বহু আগতেই নিমন্ত্ৰণ কৰিছো কথাবোৰক। মোক অভিশাপ দিছে। মই পৰি ৰৈছো মাটিত কাৰোবাৰ দাসী হৈ। মালিকে চুলিত ধৰি চুচৰাই নিছে, আদেশ দিছে। “মোৰ মতে কৰ, মোৰ মতে থাক।” কথাবোৰে মোক কাৰোবাৰ দাসী হৈ থাকিবলৈ অভিশাপ দি আকাশলৈ উৰি গৈছে। মোৰ সৈতে থাকি গৈছে কথাৰ চেঁকাবোৰ। সেইবোৰেই উৰি উৰি আহি চাৰিওফালৰ পৰা মোক বেৰি ধৰিছে।
… … …
কৃষ্ণ ঢুকুৱাৰ ছমাহমানৰ পাছতে বাপেকে মোৰ শোৱা কোঠা বেলেগ কৰিছিল। দিখৌৰ সিপাৰৰ জগৰাহাবি গাঁৱৰ পৰা সতিনী সোমোৱাইছিলহি। মই আঁতৰি গৈছিলো কথাবোৰৰ পৰা। উজাগৰী ৰাতিবোৰত লগ দিছিল কোঠাৰ সিপাৰৰ দেওলগা কথাবোৰে। কথাবোৰৰ হেঁচাত ঢপঢপাই ঢপঢপাই শান্তহোৱা পাখিলগা ফুচফুচনিবোৰে।

(তিনি)

চিনু আৰু বিতু সৰুৰে পৰাই পঢ়া-শুনাত চোকা আছিল। ছাগলী কেইটামান, হাঁহ-পাৰ এজাঁক, তাঁতশালখনলৈয়ে ঘাট-মাউৰা ল’ৰা-ছোৱালীহালক নিজৰ ভেটিতে ডাঙৰ কৰিছিলো। গাঁৱৰ মানুহেও যথেষ্ট সহায় কৰিছিল। নহ’লেনো তেজত লুতুৰি-পুতুৰি হৈ থকা মাকৰ নিথৰ দেহটোক সাৱতি গাখীৰ খাই থকা ডেৰ বছৰীয়া ছোৱালীজনী আজি গাভৰু হয়হি কেনেকৈ? চিনু গাভৰু হ’লহি। মোৰো বয়স হ’ল। মৃত দুটা ল’ৰাৰ কুলক্ষণীয়া মাকজনী আহি আকৌ মাক হ’লোহি কথাবোৰৰ হাতত ধৰি। কথাবোৰেই মোক জীয়াই ৰাখিছে। কথাবোৰ ভাবিয়ে বল পাইছো, এমুঠি খাইছো। এবাৰত জী উঠিছো।
… … …
কথাবোৰ জুইশালৰ কাষে কাষে বাগৰি ফুৰে। এতিয়াও।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!