কবিতা লিখা মানেই কবিতা নহয় – সৌমিত্ৰ যোগী

এই শিৰোনামটো লৈছোঁ কষ্টিচ পাপাংগোছ নামৰ এজন গ্ৰীক কবিৰ এটা কবিতাৰ পৰা। বিশিষ্ট প্ৰবন্ধকাৰ, সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কবি ৰবীন্দ্ৰ সৰকাৰে অসমীয়ালৈ অনুবাদ কৰা “গাথা” শীৰ্ষক পাপাংগোছৰ সেই ধুনীয়া কবিতাটো আপোনালোকলৈ আগবঢ়াম বাৰু, তাৰ আগতে তেওঁৰ বিষয়ে অপৰিচিত পঢ়ুৱৈসকলৰ কাৰণে দুটামান বাক্য লিখিব খুজিছোঁ।

কষ্টিচ পাপাংগোছৰ জন্ম গ্ৰীচত, ১৯৩৬ চনত। নাজী বাহিনীয়ে অধিকাৰ কৰা গ্ৰীচত মুক্তি বাহিনীৰ যুৱ শাখাত যোগ দি জাতীয় প্ৰতিৰোধ আন্দোলনত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছিল। বিছ বছৰ বয়সত পাপাংগোছৰ NOT CRUCIFIED নামৰ প্ৰথমখন কাব্যগ্ৰন্থ প্ৰকাশ পায়। MYTHS আৰু DREAMSৰ দৰে গ্ৰন্থকে ধৰি পাপাংগোছৰ বাৰখনতকৈ অধিক কাব্যগ্ৰন্থ প্ৰকাশ পাইছে। পাপাংগোছৰ শ্লেষাত্মক ভাষাই কবিতাক এক নতুন মাত্ৰা দিছিল।

যি কি নহওক, কবিতাটোৰ কাৰণেই কষ্টিচ পাপাংগোছৰ বিষয়ে এইখিনি কথা আপোনালোকৰ সৈতে জনাই-নজনাই ভগাই ল’বলৈ চেষ্টা কৰিলোঁ। কবিতাটো মোৰ খুব ভাল লাগে, আশা কৰোঁ আপোনালোকৰো ভাল লাগিব। আৰু লগতে এইটোও আশা কৰোঁ যে কবিতাটোৱে কবিতা চৰ্চাসকলক অকণমান চিন্তাৰ খোৰাক দিব।

::
(গাথা)
::
আৰু খেতিয়কৰ ল’ৰাই
তাৰ দেউতাকক সুধিলে,
দেউতা, কবিতা কি?
কঠীয়া সিঁচা আৰু শইচ চপোৱা!
উত্তৰ দিলে খেতিয়কে।
::
দৰ্জীৰ ল’ৰাই সুধিলে,
দেউতা, কবিতা কি?
মজবুত গৰম পোছাক চিলোৱা!
উত্তৰ দিলে দৰ্জীয়ে।
::
সেনাধ্যক্ষৰ ল’ৰাই সুধিলে,
দেউতা, কবিতা কি?
গেৰিলাসকলৰ বিৰুদ্ধে
বুৰ্জোৱাৰ সৈন্য পৰিচালনা কৰা।
উত্তৰ দিলে সেনাধ্যক্ষই।
::
কবিৰ ল’ৰাই সুধিলে,
কবিতা কি, দেউতা?
নাজানো, উত্তৰ দিলে কবিয়ে।
কিন্তু বোপা,
কবিতা লিখা মানেই কবিতা নহয়!
::
■■■

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!