কবি নীলমণি ফুকন দেৱৰ বিষয়ে এক চমু আলোকপাত (ইন্দ্ৰনীল গায়ন)

নীলমণি ফুকন দেৱে তেওঁৰ স্বনিৰ্বাচিত কাব্যগ্ৰন্থ “কবিতা” (১৯৮০)ৰ কাৰণে ১৯৮১ চনত সাহিত্য অকাডেমী বঁটা অৰ্জন কৰি তেওঁৰ কাব্য প্ৰতিভা সৰ্বভাৰতত প্ৰতিষ্ঠা কৰিলে । তেওঁ এই পুৰস্কাৰ পোৱাৰ সময়ত মনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল এনেদৰে -“কাব্যৰ সাধাৰণ হিচাপে মোৰ কাব্যৰ সীমাবদ্ধতাৰ প্ৰতি মই সচেতন। খুব বেছি বাতৰি কাকতত মোৰ নামটো প্ৰচাৰ হ’ব। মানুহে জানিব এই নামেৰে এজন লোক আছে। “কবিতা” তেওঁৰ কবি জীৱনৰ উল্লেখোগ্য স্বাক্ষৰ। ১৯৭৫ চনৰ পৰা ১৯৮০ চনৰ ভিতৰত ৰচনা কৰা কবিতা সমূহ ইয়াত সন্নিৱিষ্ট হৈ আছে।

নীলমণি ফুকন দেৱৰ কবিতাত ব্যৱহাৰ হোৱা উপমা, কল্পচিত্ৰ আৰু প্ৰতিকী ব্যৱহাৰৰ গভীৰ অধ্যয়ন মনৰ নিদৰ্শন পোৱা যায়।

তেখেতৰ কবিতাৰ এটি উপমা হৈছে:-
“ওখ ওখ এজাৰ গছৰ ছাঁত
মূৰ্ছা গৈ পৰি আছে
মোৰ শৈশৱ” “মূৰৰ ওপৰৰ সূৰ্য্যলৈ মুখ কৰি
থিয় দি আছে.
এজন নিঃসংগ মানুহ”

 

 

 

কবি নীলমণি ফুকন দেৱে তেওঁৰ কবিতাৰ মাজত অনুসন্ধান কৰে- জীৱন, যৌৱন, প্ৰেম, আনন্দ, বিশ্বৰ চৰাচৰ ৰহস্য, প্ৰকৃতি, আদিৰ লগতে আৰু বিভিন্ন বিষয় উপস্থাপন কৰে তেওঁৰ কবিতাৰ শব্দৰ জৰিয়তেই| তেখেতৰ কবিতা ইতিমধ্যে গুজৰাটী, উড়িয়া, বাংলা, ইংৰাজী, আৰু জাৰ্মান ভাষালৈ অনূদিত হৈছে |

কবি নীলমণি ফুকন দেৱে তেওঁৰ “ফুলি থকা সূৰ্য্যমুখী ফুলটোৰ ফালে ” গ্ৰন্থৰ বাবে অসম সাহিত্য সভা পুৰস্কাৰ আৰু ” কাইট ” গ্ৰন্থৰ বাবে প্ৰকাশন পৰিষদৰ বঁটা, অসম উপত্যকা সাহিত্য বঁটা আৰু কমল কুমাৰী বঁটাও লাভ কৰিছিল | তেওঁ “সংজ্ঞা” নামৰ এখন আলোচনীও সম্পাদনা কৰিছিল | ১৯৮২ চনত যুগোশ্লেভিয়াৰ ষ্টুটগাত অনু্ষ্ঠিত আন্তৰ্জাতিক কবি সন্মিলনীৰ তেৱেঁই আছিল একমাত্ৰ ভাৰতীয় প্ৰতিনিধি | এই বিষয়ে তেওঁ এক ভ্ৰমণ কাহিনিও প্ৰকাশ কৰিছে | তেওঁৰ গদ্য কবিতাৰ দৰেই মননধৰ্মী, স্বচ্ছল আৰু ব্যঞ্জনময়।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!