“কবি যতীন্দ্ৰনাথ দুৱৰাদেৱৰ বিষয়ে অকণমান” (মৌচুমী বৰি)
“কবি যতীন্দ্ৰনাথ দুৱৰাদেৱৰ বিষয়ে অকণমান”
মৌচুমী বৰি
কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল ১৮৯২ চনৰ ৪ মাৰ্চত, শিৱসাগৰত| পিতৃ আছিল শ্যামসুন্দৰ দুৱৰা আৰু মাতৃ পুণ্যদা দুৱৰা| শ্যামসুন্দৰ দুৱৰাৰ পাঁচজন পুত্ৰ আৰু দুগৰাকী জীয়ৰী| যতীন্দ্ৰনাথ আছিল নুমলীয়া পুত্ৰ | তেখেতৰ গাৰ বৰণ আছিল বগা, মুখখন শুৱনি আৰু গাৰ গঠন আছিল কোমল| তেখেত মাক-দেউতাকৰ আলাসৰ লাড়ু আছিল| যতীন্দ্ৰনাথৰ দেউতাকে শিৱসাগৰৰ কাছাৰীত চিৰস্তাদাৰৰ চাকৰি কৰিছিল| ঘৰৰ অৱস্থা নদন-বদনআছিল| চাৰিপুৰা মানমাটিৰ বিশাল হাউলি| ঘৰতহাতী, নাজিৰাৰ ফালে চাহ-বাগিচা আৰু বলিয়া ঘাটত ভালেখিনি মাটিবাৰী আছিল| চহকী অৱস্হাৰ কাৰণে মানুহে পৰিয়ালটো Land Lord ৰ পৰিয়াল বুলি কৈছিল |
কবি দুৱৰাৰ ঘৰখনত আছিল এক কাব্যিক পৰিবেশ| তেখেত সকলৰ ঘৰটো আছিল কাঠৰ দুমহলীয়া| ঘৰৰ চাৰিওফালে সেউজীয়া কাঠনি| কুলি-কেতেকী, দহিকতৰাৰ মৌসনা মাতেৰে সেউজীয়া কাঠনিডৰা জনজনাই থাকে|কাঠনিৰ ডাঙৰ গছবোৰৰ মাজে মাজে এজাৰগছ, কজলা কেতুৰিফুল, ফুটুকাৰফুল, বনৰীয়ালতা, খৰিকাজাঁই আদি নানা তৰহৰ ফুল| ঘৰৰ পৰা কিছু আঁতৰলৈ আছিল কেতেকী ফুলৰ জোপোহা| এই কেতেকী ডৰাই হয়তো আছিল তেওঁৰ “কেতেকী” কথাকবিতা লিখাৰ প্ৰেৰণা|ঘৰটোৰ কাঠৰখুঁটাত বগাই ওপৰলৈ উঠা মাধৈ-মালতীৰলতা, ভালেমান গছত কপৌ-ভাটৌফুল, গোসাঁইঘৰৰ পিৰালিত ৰঙা-বগাগধূলি-গোপালফুল। বাঁহ-বনৰ মাজেৰে সৰকি অহা পুৱাৰ কোমল ৰ’দ, হেমন্তত বৈ অহা ৰবাবটেঙাৰ স্নিগ্ধগোন্ধ, আবেলি দিখৌ নদীৰ পৰা বলা জুৰবতাহে কোমল আৰু কল্পনা বিলাসী দুৱৰাৰ কাব্যমানসক আলোড়িত কৰি তুলিছিল|স্কুলীয়া দিনত কবিদুৱৰাই ইংৰাজী পাঠ্যপুথিৰ Twinkle Twinkle little Star কবিতাটোৰ অসমীয়া অনুবাদ কৰিছিল- সেয়াই আছিল দুৱৰাদেৱৰ কবিতাৰ আৰম্ভণি|
কবি যতীন্দ্ৰনাথ দুৱৰাৰ প্ৰথম কবিতা পুথি ওমৰখায়ামৰ ‘ৰুবায়ত’ৰ অসমীয়া ভাঙনি “ওমৰতীৰ্থ”| এই পুথিখন প্ৰকাশ হয় ১৯২৬ চনত| ৰুছসাহিত্যিক টুৰ্গেনিভৰ ‘Poem is Prose’-ৰ আদৰ্শত “কথাকবিতা” প্ৰকাশ হয় ১৯৩৩ চনত| তেখেতৰ প্ৰথম কাব্যসংকলন “আপোনসুৰ” ওলায় ১৯৩৮ চনত| দ্বিতীয়খন কাব্যসংকলন “বনফুল” প্ৰকাশিতহয় ১৯৫২ চনত| চুফী সাধক হাফেজৰ জীৱন-দৰ্শনে কবি দুৱৰাক আকৃষ্ট কৰিছিল| এই দৰ্শনৰ সাৰভাগলৈ ৰচা দীঘলীয়া কবিতা “মিলনৰসুৰ” ১৯৫৬ চনত প্ৰকাশিত হৈছিল| তেখেতৰ বিভিন্নপত্ৰ-পত্ৰিকাত আৰু হাতেলিখা অৱস্হাত থকা কবিতাবোৰ থুপাই ১৯৭৬ চনত “মৰমৰসুৰ” নাম দি প্ৰকাশ কৰা হয়|
যতীন্দ্ৰনাথ দুৱৰা কবি হিচাপেহে প্ৰখ্যাত যদিও তেখেতে কিছু গদ্য ৰচনা কৰিছিল| সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত “বাঁহী”ৰ কাৰণে তেখেতে কবিতাৰ উপৰি প্ৰবন্ধ আদিও ৰচনা কৰিছিল|তাগিদাত লিখা গদ্যৰ উপৰি কেইবাখনো কিতাপৰ পাতনি, অভিভাষণবোৰতো দুৱৰাৰ গদ্য ৰচানে দেখিবলৈ পোৱা যায়| তেখেতে লিখা কেইটামান প্ৰবন্ধৰ নাম “সাহিত্য”, “হাস্যৰস”, “উপন্যাস” “উপন্যাসৰধাৰা”, “মহাপুৰুষশঙ্কৰদেৱ” আদি | দুৱৰা দেৱে বিনন্দ চন্দ্ৰ বৰুৱাৰ “প্ৰতিধ্বনি” আৰু যতি নাৰায়ণ শৰ্মাৰ “হেৰুৱাস্বৰ্গ” কবিতা পুথিৰ পাতনিও লিখিছিল|
এই গৰাকী ৰোমাণ্টিক “বনফুল”ৰ কবি যতীন্দ্ৰনাথদুৱৰা ১৯৬৪ চনৰ ৫ জুলাই তাৰিখে দেশ-কালৰ সীমা পাৰ হৈ অজাননাৱৰীয়াই চলোৱা নাওত বহি চিৰদিনৰকাৰণে গুচি গৈছিল| সেই আলোকময় দেশলৈ পৰম শান্তি বিচাৰি|কবিৰ ভাষাত
“গানে গানে ছন্দেছন্দে যিদিনা সুৰত বান্ধি
কৰি লম তোমাক আপোন,
প্ৰতি অণু পৰমাণু মিলিব তোমাৰ স’তে
জীৱনত ফলিব সপোন|
…
সংসাৰৰ লীলা খেলা সামৰি সুতৰি থই
হাঁহি মুখে কৰিম প্ৰয়াণ,
অত দিনে বই অহা প্ৰেমৰ কবিতা ধাৰা
সেইদিনা হ’ব অৱসান|(অৱসান, কবিতাপুথি: ‘আপোনসুৰ’)
Val lagil parhi. …bahu kotha janibo parilu Tekhetor bixoye.Tekhetor bixoye kisu kotha janu …jadiu tekhetor ‘Biya’ r samparkot janibor Mon Asel.Jodi baiya napai; tente tekhetor Biya r bixoye alop kobo neki!!!
দুৱৰাদেৱৰ বিষয়ে নজনা কথা ভালেখিনি জানিবলৈ পালো।তেখেতে চিৰকুমাৰ হৈ ৰোৱাৰ প্ৰকৃত কাৰণ জানিবলৈ মন যায়।কিয়নো প্ৰেমিক কবি এগৰাকী চিৰকুমাৰ হৈ ৰোৱাটো এটা প্রশ্নৰ বিষয়!
দুৱৰাদেৱৰ বিষয়ে নজনা কথা ভালেখিনি জানিবলৈ পালো।তেখেতে চিৰকুমাৰ হৈ ৰোৱাৰ প্ৰকৃত কাৰণ জানিবলৈ মন যায়।কিয়নো প্ৰেমিক কবি এগৰাকী চিৰকুমাৰ হৈ ৰোৱাটো এটা প্রশ্নৰ বিষয়!