কলমৌ শাকৰ লগত মাছৰ জুতি–পিংকি বৰুৱা-
উপকৰণঃ
ভাঙোন মাছ তিনিটা
কলমৌ শাক এমুঠি
আলু এটা (ঐচ্ছিক)
বিলাহী দুটা
সৰু পিয়াঁজ এটা
নহৰু ছয় কোঁহমান
কেঁচা/পকা জলকীয়া তিনিটা
হালধি প্ৰয়োজনমতে
নিমখ স্বাদ অনুযায়ী
মিঠাতেল প্ৰয়োজনমতে
পানী প্ৰয়োজনমতে
প্ৰণালীঃ
প্ৰথমতে কলমৌ শাকখিনিৰ বেয়া পাতবোৰ আৰু ঠাৰিবোৰ আতৰাই ওপৰৰ কোমল ঠাৰি আৰু পাতবোৰ ল’ব লাগিব৷ তাৰপিছত শাকখিনি ভালদৰে ধুই পানীখিনি টুকি মিহিকৈ কুটি ল’ব৷ আলুৰ বাকলি গুচাই সৰু সৰুকৈ কাটি ল’ব৷ বিলাহী দুটাও জোখত কাটি ল’ব৷ মাছকেইটাৰ পেটু আৰু বাকলি গুচাই ধুই লৈ নিমখ আৰু হালধি সানি ল’ব৷
কেৰাহীত প্ৰয়োজনমতে তেল গৰম কৰি তাতে মাছকেইটা দি দুয়োফালে ৰঙচুৱা হোৱাকৈ ভাজি প্লেট এখনত নমাই থ’ব। এতিয়া কেৰাহীত মাছৰ আঞ্জা ৰান্ধিবৰ জোখাৰে তেল ৰাখি তাতে মিহিকৈ কুটা পিয়াঁজ, কেঁচা/পকা জলকীয়া আৰু থেতেলিয়াই লোৱা নহৰু দি প্ৰায় সোণোৱালী ৰং হোৱাকৈ ভাজিব৷ তাৰপিছত আলু আৰু বিলাহীখিনি দি প্ৰয়োজনমতে নিমখ আৰু হালধি দি ভালদৰে লৰাই ঢাকি দিব৷ পাঁচ মিনিটমান সময়ৰ পিছত আলু আৰু বিলাহীখিনি ভালদৰে লৰাই দি কলমৌ শাকখিনি দিব৷ এতিয়া শাকখিনি আলু আৰু বিলাহীৰ লগত মিলি যোৱাকৈ ভালদৰে লৰাই ঢাকি দিব৷ মাজতে দুবাৰমান শাকখিনি লৰাই দিব৷ তাৰপিছত প্ৰয়োজনমতে গৰম পানী দি ঢাকোন দি শাকৰ আঞ্জাখন প্ৰায় পাঁচ মিনিটমান সময় উতলাব৷ এতিয়া ভজা মাছখিনি দি আকৌ ভালদৰে উতলাব৷ আঞ্জাখন অলপ সময় উতলাৰ পিছত গেছৰ জুই নুমুৱাই দিব৷ গৰমে গৰমে ভাতৰ লগত কলমৌ শাকৰ লগত ৰন্ধা মাছৰ আঞ্জাৰ জুতি ল’ব৷ মাছৰ এই আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়৷