কাকনো বুলিম ককা (ললিত চন্দ্ৰ বৰা)
কাকনো বুলিম ককা (জীৱনৰ মৌগুটি কথা – ৭)
ණ ললিত চন্দ্ৰ বৰা
বসন্ত আহিছে | নাঙঠ পলাশ, নাহৰহঁতে লাজ ঢাকিবলৈ ন-সাজ উলিয়াই লৈছে, ঠাণ্ডাকালিও উলঙ্গ হৈ থাকি ভাল পোৱা জবা, গোলাপীহঁতে কাপোৰ-কানি পিন্ধাৰ লগতে জাকত-জিলিকা হৈ থাকিবলৈ সাজোন কাচোনতো ব্যস্ত | সকলোৰে প্ৰেমিক বসন্ত | এটি সন্ধ্যাত এটি অন্তৰঙ্গ মুহূৰ্ত নাইবা এটি জোনাকী ৰাতিত বসন্তৰ সৈতে মৰমৰ লুকা-ভাকু খেলিবলৈ সকলোৰে এটি হাবিয়াস আছে | সেয়ে এইকেইদিন সেউজী পেহীৰো আজৰি নাই | সকলোকে লাগে সেউজী-পেহীক | কাৰোবাক যদি কাপোৰ যতনাই দিব লাগে, কাৰোবাক আকৌ তিনি-শেৰীয়াকৈ চুলিৰ বেণী গুঠি দিব লাগে | চকুত কাজল সানি দিয়া, মুখত বৰহমথুৰিৰ ৰঙ বোলাই দিয়া, গাভৰুজনীৰ উন্মুক্ত যৌৱনক কাপোৰৰ আৰৰ পৰা প্ৰতিস্ফুত কৰি পাহুৱাল ডেকাৰ মন মতলীয়া কৰাৰ কাৰনো এই সেউজী-পেহী |
এনে এটি সময়তে সমীৰ যায় আপোন ঘৰখনলৈ | ঘৰত এৰি থৈ অহা মৰম বিচাৰি, ব্যস্তজীৱনৰ পৰা আতৰি কেইদিনমানৰ কাৰণে নিজৰ মতে সময় কটাবলৈ মৰমবোৰৰ মাজত | পুৱা যেতিয়া পকীৰাস্তায়েদি যোৱা কুলাকাইৰ ভট-ভটি তিনিচুকীয়া খনৰ পৰা নামি গাঁৱৰ আলি-মুৰত প্ৰথম ভৰি দিয়ে অজান শিহৰণ বৈ যায় দেহৰ মাজেদি | চিনাকি সুগন্ধী বিলাকে তাক আগুৰি ধৰেহি | এই মৰমবিলাক পাবলৈ সমীৰেনো কি কি কৰিব লগা হয়, কেনে পৰিস্থিতি, কেনে আবেগ-অনুভুতিৰ মাজেৰে মৰমবিলাকৰ আদান-প্ৰদান হয় তাকে জানো আহক..!
টুপী-পিন্ধোৱা পৰ্ব ১:-
ঘৰলৈ যাম বুলি পোন-প্ৰথমে কেলেণ্ডাৰত দিন-বাৰ চাই-চিতি অঙুলি মূৰতে মুঠতে কিমান দিন ঘৰত থাকিব তাৰ মুটা-মুটি হিচাপ নিকাচ এটা কৰি অফিচৰ মুৰব্বীক জনোৱা যায় | সেইটো আচলতে চুটি বিচাৰি আবেদন নহয়, চুটি লোৱাৰ জাননিহে | দুটা সপ্তাহৰ চুটিৰ কথা শুনিয়েই বছৰ চুলি থিয় হৈ যায় |
-“দু….সপ্তাআআহৰ চুটি??? কিহে বিয়া কৰাবলৈ গৈ আছা নেকি ঘৰত |”
-“নহয়হে, মইতো ঘৰলৈ বছেৰেকত এবাৰহে যাওঁ, একসপ্তাহলৈ গ’লে ঘৰত আধা-ঘণ্টাও থাকিবলৈ নাপামচোন |”
– “কেনেকৈ?”
-“কিয়, আপুনি নাজানে নেকি? ৰেলখন গৈ অসম পাওঁতে তিনিদিন লয় | অহা-যোৱাতে ছয়দিন | আৰু ৰেলখনটো আমাৰ ঘৰৰ চোতাললৈকে নাযায়তো, গতিকতে বাছেৰে অলপ অহা-যোৱা কৰিব লাগে | সেয়েহে ঘৰ গৈ মাৰ পৰা ঠাণ্ডাপানী এগিলাচ খাও মানে ঘুৰি আহিব হ’বই |”
-আচ্ছা, ঠিক আছে তেন্তে |
মিচিকিয়াকৈ হাঁহি এটা মাৰি সমীৰে নিজৰ ঠাইলৈ উভতি যায় যেন এখন যুদ্ধহে জয় কৰি আহিছে | প্ৰথম টুপীটো পিন্ধাই পৰম-সন্তুষ্টিৰে তাৰ মুখ-মণ্ডল ভৰি পৰে |
টুপী-পিন্ধোৱা পৰ্ব ২:-
বছেৰেকৰ মুৰত বিছৰা চুটিকণ দিবলৈও ভীষণ কৃপনালি কৰা বাবে বচৰ ওপৰত সমীৰ তিঙিৰি-তুলা হৈ থাকে | এনে কৰে যেন নিজৰ জেপৰ পৰাহে চুটিৰ দিনকেইটা উলিয়াই দিছে | সেইকাৰণে সমীৰে নিজৰ ওপৰি-পুৰুষক দুবাৰ তিনিবাৰলৈ হত্যা কৰে কেতিয়াবা | ঘৰলৈ আহি কামলৈ ঘুৰি যাবলৈ মন নাযায় | ঘৰৰ, চুবুৰীয়াৰ মাজত মৰম-আবেগৰ ডোলেৰে বান্ধি জীয়াই থাকিবলৈ মন যায় তাৰ | কৃত্ৰিমতাৰে ভৰা পৃথিৱীখনক তাৰ মুঠেই ভাল নালাগে | সেয়েহে চুটিৰ শেষৰ দিনকেইটাত মৰমবোৰ নেউচি যোৱাৰ বিষদেৰে মনটো বিহ্বল হৈ পৰে | বচক ফোন কৰি মিছা মাতে, কেতিয়াবা মৰি যোৱা ককা-আইতাক জীয়াই তুলি আকৌ মাৰি দুদিনৰ চুটি বঢ়াই লয় | হৈ যোৱা ককায়েক বা বায়েকৰ বিয়া দুনাই পাতি মেনেজাৰক এটা ফুলাম টুপি পিন্ধাই চুটি বঢ়াই লয় | ভাল-বেয়া সমীৰে নুবুজে, কিন্তু ঘাটে-ঘাটে টুপি পিন্ধাবলৈ বিচাৰি ফুৰা মেনেজাৰক বছেৰেকত এবাৰ টুপি পিন্ধাই সি পৰম সন্তুষ্টি লাভ কৰে |
ই.এম.আই. বিচাৰি যোৱা পৰ্বঃ-
বিদেশত থাকি কৰ্ম-নিবাস কৰিলেও ঘৰ যোৱাৰ সময়ত সমীৰৰ আৰ্থিক অৱস্থা চাবলগীয়া অৱস্থা হয়গৈ | সেয়েহে ঘৰলৈ অহা-যোৱা খৰচ, উপহাৰ নিয়াৰ খৰচৰ বাবে সমীৰে আঙুলি মুৰত গণি গণি খৰচ কৰিব লগা হয় | মন গলেই একেঘণ্টাতে হাজাৰ টকা ভাড়া বঢ়াই দিয়া উৰাজাহাজৰ মালিকলৈ সমীৰৰ খংটো ওফৰি যায় | ৰাইজক লুটি-লূটি এটা নিজে ডুবিব লাগিছে – তাৰ ভাল লাগে, কিন্তু সেইটো ডুবাৰ সুবিধা লৈ বাকি কেইটাই যিহে উত্পাাত কৰিব লাগিছে তাৰ বাবে সমীৰৰ খংটো চৰিহে যায় | সেয়ে অহা-যোৱা খৰচটো কেনেবাকৈ কমাব পাৰি নেকি বুলি সি তিনিমাহ মানৰ আগৰে পৰা অফাৰৰ পাছে পাছে দৌৰিবলৈ আৰম্ভ কৰি দিয়ে | GoCoupon, Khujguru, Ibibo সকলোবোৰ চাই-চিটি তাল-ফাল লগাই | সাধাৰণতে অফাৰ আহি চকুৰ আগতে টিঘিল-ঘিলায় থাকে, কিন্তু দৰকাৰী সময়ত এটাকো বিচাৰি পাবলৈ নাথাকে | Credit Card ৰ অফাৰ বিচাৰি বিচাৰি Yatra.com ত বিনা সুতেৰে ই.এম.আইৰ সুবিধা এটা পাই হাততে সৰগ ঢুকি পোৱা যেন পাই, লাগিলে সেই ই.এম.আইয়ে তাক পাছৰ তিনিমাহ-ছমাহলৈ কাষলতিৰ চিকৰাই তেজ খোৱাৰ দৰে বেংকৰ একাউন্টতো খুলি খুলি খায় থাকক |
ৰঙা-জীন্চঃ
বছেৰেকত দৰমহাৰ টকা কেইটা নাবাঢ়িলেও দিনে দিনে বাকী প্ৰতিটো বস্তুৰে দাম বাৰুকৈয়ে চৰি গৈ আছে | সেইকাৰণে যিমান পাৰি উপহাৰৰ সংখ্যা ও মূল্য কম কৰিবলৈ সমীৰে জৰীপ চলায় | একেবাৰে নোলোৱাকৈ নোৱাৰি বুলি থকা কেইটাৰ কাৰণে ই.এম.আইৰ সুবিধা এটা পালে মনটো ভাল লাগি যায় | খৰচ কমাবলৈ গৈ সি এইকেইদিনত যোগ-বিয়োগ, পুৰণ-হৰণৰ নেওতা পাকৈত হৈ পৰিছে | সকলোৰে আপদাৰৰ তালিকাখন লৈ শেষত সৰু ককায়েকলৈ ফ’ন কৰিলে | কথা-বতৰা হোৱাৰ পাছত লাহেকৈ কাপোৰ-কানিৰ কথা ওলাল |
– তেন্তে, বিহুত কি লাগিব তোক?
– এ, সকলোবোৰ আছেই দেখোন | যোৱাবেলি দিয়া উদলেণ্ডৰ জোতাযোৰত দাগ এটাকে লগাব পৰা নাই | বৰ ভাল দেই | বহুত দিন যাব |
ককায়েকৰ প্ৰসংশা শুনি সমীৰৰ বুকুখন দুবেগেত মান ডাঠ হৈ পৰিল | আত্মগৰ্বেৰে ক’লে – “তথাপিতো বিহু বুলি একো এটা নলবি জানো ?”
– লোৱাতোনো কি আৰু, হয় মানে নুজুৰে ন?
– হ্ম্ম্ম…দৰকাৰী বিলাক আছে যদি ভালেই দে | মিছাতে এনেই এসোপামান গোটাই লব নেলাগে |
কম বাজেটতে সৰু-ককায়েকক বলে পাৰিম বুলি সমীৰৰ মনটো ভাল লাগি গ’ল |
– এটা কাম কৰিবি |
– কি?
– এইবাৰ মোৰ কাৰনে অকল জীন্চ এটা আনিলেই হ’ব দে | অ’ অলপ নতুন ফেশ্বনৰ চাই আনিবি আৰু |
– হাঃ…
ফাট দিয়া বসুমতী পাতালে লুকাওঁ | নাই নাই বুলি আৰু এটা পাঁচ ক্ৰেডিট-কাৰ্ডৰ বিলত যোগ হৈ গ’ল | নতুন ফেশ্বন তাৰ মানে সাধাৰণতে পোৱা চল্লিশ শতাংশৰ ৰেহাই মূল্যটোও নাপাব | থাউকতে হিচাপটো কৰি মোবাইলটোকে মুৰত এবাৰ খুন্দিয়ালে | নাকটো এবাৰ লিৰিকি-বিদাৰি সমীৰে উত্তৰ দিলে |
– ঠিক আছে দে | ভাল চাই এটা লৈ যাম | আজিকালি শ্লিম-ফিট খুব চলিছে | ৰঙা-হালধীয়া ৰঙৰ জীন্চ সকলোৱে লৈছে | তোৰ কাৰণে ৰঙা এটাকে লম দে |
– তই যি ভাল দেখ’ আনিবি আৰু – শেষৰ কষাখিনিত আনন্দ-উচ্ছাহৰ ঢৌ দেখা পোৱা নগ’ল | ফ’ন বিচ্ছিন্ন হ’ল আকৌ এবাৰ “বাকী ভালেই ন?” বুলি শেষ প্ৰশ্নটো কৰি |
পাছৰ দিনা কামৰ পৰা আহি সমীৰে মাকলৈ ফ’ন কৰিলে সদায় কৰাৰ দৰেই |
– হয়নে, তই বুলে সউদাৰ(সৰু-দাদাৰ)কাৰণে ৰঙা জীন্চ আনিম বুলি ক’লি?
– অ’ তাক কালি কি লাগিব বুলি সোধাত সিয়েই জীন্চ লাগে বুলি ক’লে | আমাৰ ইয়াত আজি-কালি সেইবিলাক খুব পিন্ধিছে, সেয়েহে তাৰ কাৰণেও এটা লৈ যাম বুলি ক’লো |
– পিছে সি মোক কি কৈছে জান ?
– কি ?
– “মা তাক কবিচোন মোক ৰঙা জীন্চ নালাগে | মই বৃহস্পতি বজাৰতে এটা কিনি লম, বেছি দামও নহয় ইয়াত | মই ৰঙা জীন্চ পিন্ধিলে বাকীবোৰে কি ক’ব বাৰু…নেলাগে দে”
ভেটা ভাঙি ওলায় আহিব ধৰা প্ৰচণ্ড হাঁহিৰ জোৱাৰটো হেচুকি ধৰি সমীৰে মাকক বুজালে
– এইটো আজিকালিৰ ফেশ্বনেই আকৌ | ৰঙা জীন্চ, হালধীয়া আঁক-বাঁক লগা চাৰ্ট এটা, বগা জোতা জোৰৰ সৈতে ৰে-বেন্দৰ চশমাজোৰ | কেনে এটা সাজ-পাৰ | নে আপুনি কি কয় ?????