কাঠৰ ছাতি – বিশাল অনুৰাগ

প্ৰতি বাৰিষাতে ভাবোঁ

ফুলাম ছাতি এটা কিনিম

তোমাক কাষত লৈ ঘূৰিম গাঁৱৰ আলিবাট

ৰটনাই কি কৰিব, আমি ৰ’দ বৰষুণ

 

ছাতিটো কিনা নহয়

বাৰিষা আহিলেই বাটবোৰ হেৰায়

মাটি বিচাৰি হাহাকাৰ কৰে দুভৰিৰ পতাই

 

উজাই অহা তোৰ কাপোৰে নহয়

গাঁওখনৰ টোপনি কাঢ়ে উজাই অহা পানীয়ে

 

ৰটনাৰ চকুবোৰত কৰুণ প্ৰাৰ্থনা

 

ছাতিটো আজিও কিনা নহ’ল

আজোককাই সাজি যোৱা নাওখনেই আমাৰ সম্বল

 

কাঠৰ ওলোটা ক’লা ছাতি

ওপঙি ফুৰে চোতালৰ এবুকু পানীত।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!