কাতি (- তুতুমনি বৰুৱা শইকীয়া)

কাতি
****
তুতুমনি বৰুৱা শইকীয়া৷night

কাতিৰ ৰাতি
পেটৰ কলমল
কাতিৰ ভোক বৰ অসহনীয়
গেৰধৰা ধাননিখনক লৈ
ৰচো অলেখ সপোন
বাট চাম ককালত গামোচা বান্ধি
আঘোনা পথাৰলৈ
সোণোৱালি ধাননিৰ সপোন ৰচি
পেটৰ ভোক মচি
কলমল পেটৰ যন্ত্ৰনা সহি
ৰৈ আছো পেটৰ কলমল মাৰিবলৈ
কঙালি অ কাতি নকৰিবি দীঘল ৰাতি
এই ভোক বৰ অসহনীয়
কাতিৰ ভোক বৰ যন্ত্ৰনাদায়ক
কাতি কাতি কাতি

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!