কানাই লৈ_ ইতি: ৰাধা ( জয়ন্ত আকাশ বৰ্মন )

Kanai loi

কানাই…

ৰত্নপীঠৰ ৰত্ন নালাগে

নালাগে দেখুৱাব সপ্তর্ষি মণ্ডৰ তৰা…

এটি নিশা মাথোঁ মোৰ হোৱা

সোলোকাই থোৱা ৰাজন্য কৱচ…

কানাই –

আতঁৰাই থোৱা সোণৰ মোহন বাঁহী

মোৰ মাটিৰ বাঁহীত হাত থোৱা নিশাৰে…

উজলি উঠক যমুনাৰ সংগোপন বালি

ছিন্ন কণ্ঠহাৰ লুটি উটি যাঁওক যমুনা

খহি খহি সৰি পৰক কঁকালৰ মনি

ভু-পতিত হওঁক উজ্জ্বল নক্ষত্র

শুক্লপক্ষ নুমাই আহক কৃষ্ণপক্ষ…

কানাই…

এতিয়া কি ফুল ফুলিছে-

কনকচম্পা !

কানাই এতিয়া কি জোন সৰিছে

অভিষাৰিকা !!

কলচিৰ ভিতৰে কি লৱণু জৰিছে

কানাই কি লৱণু মথিছে

আন্ধাৰৰ বেলি সুমথিৰা হৈ জলিছে।

এখনেই নাও কানাই

এখনেই নাও দুয়োকেই মেলিছে।

তুমি আছা বেলিৰ দেশে

আৰু মই নৈ অৰণ্য পানী হৈ

শিলে শিলে…

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!