“কাব্য সাহিত্য বিশেষ” – অফলাইন প্ৰেম, বাকী সকলো অনলাইন… (ধ্ৰুৱজ্যোতি শইকীয়া)

“কাব্য সাহিত্য বিশেষ”

অফলাইন প্ৰেম, বাকী সকলো অনলাইন


 

ফেচবুক অহাৰ পৰাই,

ছোৱালীবোৰ ধুনীয়া হ’ল…

ধুনীয়া ফটোবোৰে ফেচবুক নধৰা হ’ল,

পাণ দোকানৰ মুখত ৰোৱা

সুন্দৰৰ পূজাৰীসকল,

এতিয়া নাহে পুৱা সন্ধ্যা,

সকলো আজি ফেচবুকৰ কাষ্টমাৰ হ’ল…৷

 

পাণ দোকানৰ গ্ৰাহক কমি গ’ল,

পাণ-চিগাৰেটৰ সৈতে

এতিয়া ৰিচাৰ্জ কাৰ্ডো বিকা হ’ল,

লাইক-কমেণ্টৰ যোগত,

ইভ-টিজিং হেৰাই গ’ল…

হাফ চাহৰ ঠাইত,

হাতে হাতে মোবাইল হ’ল…

মৌন জগত,

আৰু চেটিংত কথা হ’ল…

 

ফেচবুক খুলিলেই হ’ল…

অৱসৰ বিনোদন,

সৌন্দৰ্য্য দৰ্শন,

লাইকৰ বৰ্ষণ,

কমেণ্ট আহৰণ,

কিম্বা আকৰ্ষণ…

এতিয়া অনলাইন সকলো হ’ল,

প্ৰেমৰ লটিঘতি হ’ল…

কাৰণ,

ফেচবুক অহাৰ পৰাই,

হৃদয়ো টেক্নিকেল হ’ল…৷

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!